ETV Bharat / state

Flood in Assam: ৰাজ্যত বানত পুনৰ এজনৰ মৃত্যু; বানৰ কৱলত 27 হাজাৰ লোক

author img

By

Published : Aug 12, 2023, 11:07 AM IST

Flood in Assam
বানৰ বাবে অসমত বৰ্তমানলৈকে 11 জনকৈ লোকৰ মৃত্যু

আজিও ৰাজ্যৰ বিভিন্ন প্ৰান্তত অপৰিৱৰ্তিত বান পৰিস্থিতি ৷ বানত বৰ্তমানলৈকে 11 জন লোক মৃত্যু হৈছে ৷ বৰ্তমানও 175 খন গাঁও বানৰ কবলত ৷

নিউজ ডেস্ক,12 আগষ্ট: ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজিও অপৰিৱৰ্তিত বান পৰিস্থিতি ৷ বানত ক্ষতিগ্ৰস্ত হৈছে হাজাৰ হাজাৰ লোক ৷ আনহাতে বৰ্তমানলৈকে বানত 11 জনকৈ লোকৰ মৃত্যু হৈছে ৷ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগে সদৰী কৰা তথ্য অনুসৰি বৰ্তমানেও 27 হাজাৰ লোক বানত আক্ৰান্ত হৈ আছে ৷ তাৰ ভিতৰত 19,163 জন ধেমাজি জিলা, 5,666 জন ডিব্ৰুগড় জিলাৰ লোক ৷

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ তথ্য অনুসৰি ধেমাজি, ডিব্ৰুগড়, দৰং, যোৰহাট, গোলাঘাট আৰু শিৱসাগৰ জিলাৰ 18 খন ৰাজহ চক্ৰৰ 175 খন গাঁও বৰ্তমানেও বানৰ কবলত আছে ৷ ধেমাজি জিলাৰ জোনাই, ধেমাজি,গোগামুখ আৰু চিচিবৰ ৰাজহ চক্ৰৰ 44 খন গাঁও বৰ্তমানেও বানৰ আক্ৰান্ত হৈ আছে ৷ ইয়াৰে 10,300 গৰাকীয়ে আশ্ৰয়স্থলীৰ পৰা ঘৰলৈ ওভতি গৈছে ৷ বৰ্তমানলৈকে ধেমাজি জিলাখনত 396.27 হেক্টৰ কৃষি ভূমি বনত ক্ষতিগ্ৰস্ত হৈছে ৷ ইফালে ছখন জিলাত অত্যাধিক বানৰ বাবে 2047.47 হেক্টৰ কৃষিভূমি অনিষ্ট হৈছে ৷

আনহাতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত হোৱা বৰষুণৰ বাবে কেইবাখনো নৈৰ জলস্তৰ বৃদ্ধ পাইছে ৷ যোৰহাটৰ নিমাতী ঘাটত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰ বৈ আছে ৷ ব্ৰহ্মপুত্ৰৰ সমান্তৰাল ভাবে শিৱসাগৰত দিখৌ, গোলাঘাট জিলাৰ নুমলীগড়ত ধনশিৰি নৈ বিপদ সীমাৰ ওপৰেৰে বৈ আছে ৷ বানত ইতিমধ্যে 18,400 পোহনীয়া জন্তু মৃত্যু হৈছে ৷ আনহাতে 24 ঘন্টাত দুটাকৈ পথ আৰু এটা দলং ভাগি যোৱা বুলি সদৰী কৰিছে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগে ৷ বানৰ পাচত ৰাজ্য়খনৰ বিভিন্ন ঠাইত সংক্ৰমণজনিত ৰোগৰ প্ৰদুৰ্ভাব দেখিবলৈ পোৱা গৈছে ৷

লগতে পঢ়ক:Assam erosion news: গৰাখহনীয়া ৰোধৰ বাবে আল্লাহৰ শৰণাপন্ন বৰক্ষেত্ৰীবাসী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.