ETV Bharat / state

Flood devastated Assam: ২০ দিনত ভাগিল চাৰি হাজাৰ দলং-পথ

author img

By

Published : Jul 7, 2022, 1:51 PM IST

Flood devastated Assam
Flood devastated Assam:২০ দিনত ভাগিল চাৰি হাজাৰ দলং-পথ

দ্বিতীয়টো বানত ঘৰ-দুৱাৰৰ লগতে ৰাজ্যৰ আন্তঃগাঁথনিও ব্যাপক পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে (Flood destroy infrastructure in Assam)। বিশেষকৈ কেইবাখনো জিলাৰ পথ-দলং বানে ছিঙি অথবা উটুৱাই নিয়াৰ ফলত যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰিছে । ১ জুলাইত সর্বাধিক ৪৮৬টা পথ ক্ষতিগ্ৰস্ত হৈছে । এতিয়ালৈকে বান আৰু ভূমিস্খলনত ১৬৮ গৰাকীৰ মৃত্যু হৈছে ।

গুৱাহাটী,৭ জুলাই: কালৰূপ ধাৰণ কৰা দ্বিতীয়টো বানে ৰাজ্যৰ লাখ লাখ লোকক গৃহহীন কৰিছে । ভয়াৱহ ৰূপ ধাৰণ কৰা বানে বহু লোকৰ ঘৰ-দুৱাৰ উটুৱাই নিলে । নিমিষতে ঘৰ-বাৰী বাঢ়নী পানীয়ে প্লাৱিত কৰাত এতিয়াও বৃহৎসংখ্যক লোকে আশ্রয় শিবিৰত অৱস্থান কৰিবলগীয়া হৈছে । দ্বিতীয়টো বানত ঘৰ-দুৱাৰৰ লগতে ৰাজ্যৰ আন্তঃগাঁথনিও ব্যাপক পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে( Flood destroy infrastructure in Assam)। বিশেষকৈ কেইবাখনো জিলাৰ পথ-দলং বানে ছিঙি অথবা উটুৱাই নিয়াৰ ফলত যোগাযোগ ব্যৱস্থা ব্যাহত হৈছে( Heavy lost of Assam in flood)।

Flood devastated Assam
Flood devastated Assam:২০ দিনত ভাগিল চাৰি হাজাৰ দলং-পথ

অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি বছৰটোৰ দ্বিতীয়টো বানত চাৰি সহস্ৰাধিক পথ আৰু দলঙৰ ব্যাপক ক্ষতিগ্ৰস্ত হৈছে (Assam State Disaster Management Authority stated data)। বহু ঠাইত বাঢ়নী পানীয়ে দলং উটুৱাই নিয়াৰ লগতে পথৰ ক্ষতিসাধন কৰিছে । তথ্য অনুসৰি বিগত ২০ দিনতে ৰাজ্যৰ ভিন্ন প্ৰান্তত ৩,৮০৪টা পথৰ বিভিন্ন স্থান বানে উটুৱাই নিছে । একে সময়তে ১৭৯খন দলঙৰ ব্যাপক ক্ষতি হৈছে । অর্থাৎ ২০ দিনত ক্ষতিগ্রস্ত হোৱা মুঠ দলং আৰু পথৰ সংখ্যা হৈছে ৩,৯৮৩ টা ।

Flood devastated Assam
Flood devastated Assam:২০ দিনত ভাগিল চাৰি হাজাৰ দলং-পথ

চৰকাৰী তথ্যত উল্লেখ কৰা অনুসৰি একেটা দিনতে বহু স্থানত তিনি শতাধিক পথ বানত ক্ষতিগ্ৰস্ত হৈছে । বহু ঠাইত প্রবল সোঁতে উটুৱাই নিছে কালভার্ট । শেহতীয়া ২০ দিনৰ ভিতৰত যোৱা ১ জুলাইত সর্বাধিক ৪৮৬টা পথ ক্ষতিগ্ৰস্ত হৈছে । তদুপৰি ২০ জুনত ৩৪৯টা, ২১ জুনত ৩১৬টা, ২ জুলাইত ৩৪৮ টা পথৰ বানত ক্ষতিসাধন হৈছে । একেদৰে ১৭ জুনত ২৩৪টা, ১৮ জুনত ২১৯টা, ১৯ জুনত ২৯৭টা, ২২ জুনত ২১৮টা, ৩০ জুনত২২১টা পথ খহাই নিছে বাঢ়নী পানীয়ে । আন দিনতো বাঢ়নী পানীত শতাধিক স্থানত পথ ক্ষতিগ্রস্ত হৈছে । আনহাতে,প্ৰাধিকৰণৰ দৈনিক প্রতিবেদনত উল্লেখ কৰা অনুসৰি বিগত ২০ দিনত ১৭৯খন দলঙৰ ক্ষতিসাধন হৈছে । সেই অনুসৰি ১৫ জুনত এখন, ১৬ জুনত ১১খন, ১৭ জুনত ১৬খন, ১৮ জুনত ৫খন, ১৯ জুনত ১৪খন, ২০ জুনত ১৬খন, ২১ জুনত ২০খন, ২২ জুনত ২০খন, ২৩ জুনত ২০খন, ২৪ জুনত ১৫খন, ২৫ জুনত তখন, ২৬ জুনত ২খন, ২৭ জুনত ৫খন, ২৮ জুনত ৫খন, ২৯ জুনত ৫খন, ৩০ জুনত ৫খন, ১ জুলাইত ১৪খন, ২ জুলাইত এখন আৰু ৩ জুলাইত এখন দলং ক্ষতিগ্ৰস্ত হৈছে ।

Flood devastated Assam
Flood devastated Assam:২০ দিনত ভাগিল চাৰি হাজাৰ দলং-পথ

কেৱল দলঙেই নহয়, বছৰটোৰ দ্বিতীয় বানত আন বিভিন্ন আন্তঃগাঁথনিও ক্ষতিগ্ৰস্ত হৈছে । চৰকাৰী তথ্য অনুসৰি বিভিন্ন বিদ্যালয়, চৰকাৰী কাৰ্যালয় ভৱন আদি উটুৱাই নিছে বাঢ়নী পানীয়ে । বহু স্থানত ভাগি পৰিছে চৰকাৰী বিদ্যালয় অথবা কাৰ্যালয় ভৱন । সমান্তৰালভাৱে ৰাজ্যৰ ভিন্ন প্ৰান্তত নদীৰ কোবাল সোঁতে শতাধিক স্থানত মথাউৰি ছিঙি নিয়াৰ ফলত বান পৰিস্থিতিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে । বিশেষকৈ বৰপেটা, বিশ্বনাথ, বঙাইগাঁও, কাছাৰ, চিৰাং, দৰং, ধেমাজি, নগাঁও, নলবাৰী, কোকৰাঝাৰ, মৰিগাঁও, লখিমপুৰ আদি জিলাত বাঢ়নী পানীৰ বাবে অধিক পথ আৰু দলং ক্ষতিগ্ৰস্ত হৈছে ।

Flood devastated Assam
Flood devastated Assam:২০ দিনত ভাগিল চাৰি হাজাৰ দলং-পথ

লক্ষণীয় যে ৰাজ্যত বিগত দিনসমূহৰ তুলনাত বৰ্ত্তমান পৰিস্থিতি কিছু পৰিমাণে উন্নত হৈছে যদিও এতিয়াও ২০ খন জিলাৰ ৪২টা ৰাজহ চক্ৰৰ অন্তর্গত ৮৩৭খন গাঁও বানত আক্ৰান্ত হৈ আছে । আজিও বানৰ কবলত আছে ৰাজ্যৰ প্ৰায় ১০ লাখ লোক । বিগত ২৪ ঘণ্টাত বানত প্ৰাণ হেৰুৱাইছে দুগৰকীয়ে । এতিয়ালৈকে বান আৰু ভূমিস্খলনত ১৬৮ গৰাকীৰ মৃত্যু হৈছে । তদুপৰি এতিয়াও বিস্তীর্ণ কৃষিভূমি জলমগ্ন হৈ আছে । ৰাজ্যৰ প্ৰায় ২০ হাজাৰ হেক্টৰ কৃষিভূমি এতিয়াও জলমগ্ন । সম্প্রতি ৰাজ্যত থকা ২৬৬ টা আশ্রয় শিবিৰত থকা বন্যাৰ্তৰ সংখ্যা হৈছে ১,৩৫,১৬৬গৰাকী । তদুপৰি আন ২৯ টা বিতৰণ কেন্দ্ৰৰ জৰিয়তে বন্যাৰ্তৰ মাজত খাদ্য-সামগ্ৰীকে ধৰি অত্যাৱশ্যকীয় সা-সামগ্রী বিতৰণ কৰা হৈছে ।

লগতে পঢ়ক:এইবাৰ কাজিৰঙাত বিজেপিৰ যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.