ETV Bharat / state

ICC Cricket World Cup 2023: আজি বৰ্ষাপাৰাত শ্ৰীলংকা বাংলাদেশৰ মাজৰ প্ৰথমখন ৱার্ম আপ মেচ

author img

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 2:27 PM IST

আজি বিয়লি বর্ষাপাৰাত অনুষ্ঠিত হ'ব ICC বিশ্বকাপ ক্ৰিকেটৰ প্ৰথমখন ৱার্ম আপ মেচ। প্রথমখন ৱার্ম আপ মেচৰ বাবে দৰ্শকৰ সমাদৰ আশাব্যঞ্জক নহয় যদিও, শনিবাৰে অনুষ্ঠিত হ'ব লগীয়া ৱার্ম আপ মেচখনৰ বাবে দর্শকৰ সঁহাৰি আশাব্যঞ্জক বুলি জনাইছে অসম ক্ৰিকেট সন্থাৰ তৰফৰ পৰা ।

First warm up match between Sri Lanka and Bangladesh
আজি বৰ্ষাপাৰাত শ্ৰীলংকা আৰু বাংলাদেশৰ মাজৰ প্ৰথমখন ৱার্মআপ মেচ

আজি বৰ্ষাপাৰাত শ্ৰীলংকা আৰু বাংলাদেশৰ মাজৰ প্ৰথমখন ৱার্মআপ মেচ

গুৱাহাটী, 29 ছেপ্টেম্বৰ : অহা ৫ অক্টোবৰৰ পৰা ভাৰতত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া বিশ্বকাপ ক্ৰিকেটৰ মূল খেল অসমত অনুষ্ঠিত নহয় যদিও, চাৰিখনকৈ ৱার্ম আপ মেচ অনুষ্ঠিত হ'ব গুৱাহাটীৰ বর্ষাপাৰা ক্রিকেট ষ্টেডিয়ামত । শুকুৰবাৰে বিয়লি বর্ষাপাৰাত ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ICC বিশ্বকাপ ক্ৰিকেটৰ প্ৰথমখন প্ৰস্তুতি মেচ । আজি শ্ৰীলংকা আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হ'ব প্ৰথমখন ৱার্ম আপ মেচ । বিয়লি দুই বজাৰ পৰা অনুষ্ঠিত হ'ব প্ৰথমখন খেল ।

আনহাতে 30 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব ভাৰত-ইংলেণ্ডৰ ৱার্ম আপ মেচ । ২ অক্টোবৰত ইংলেণ্ড-বাংলাদেশৰ খেল আৰু ৩ অক্টোবৰত আফগানিস্তান-শ্ৰীলংকাৰ ৱাৰ্ম আপ মেচ অনুষ্ঠিত হ’ব ।

প্রথমখন ৱার্ম আপ মেচৰ বাবে দৰ্শকৰ সমাদৰ আশাব্যঞ্জক নহয় যদিও, শনিবাৰে অনুষ্ঠিত হ'ব লগীয়া টীম ইণ্ডিয়া আৰু ইংলেণ্ডৰ ৱার্ম আপ মেচখনৰ বাবে দর্শকৰ সঁহাৰি আশাব্যঞ্জক বুলি জনাইছে এচিএৰ তৰফৰ পৰা । এই মেচখনৰ বাবে প্রায় ৩০ হাজাৰ টিকট ইতিমধ্যে বিক্রী হৈছে ৷ অনলাইন যোগে টিকটসমূহ বিক্ৰী কৰা হৈছে । আনহাতে খেলৰ চাৰিওটা দিনতেই পুৱা ৯ বজাৰ পৰা নিশা 12 বজালৈ 27 নং আৰু 17 নং ৰাষ্ট্ৰীয় ঘাইপথত চাৰি চকীয়া বাণিজ্যিক বাহন চলাচলত বাধা থাকিব ।

লখৰা ৰোড ওৱান ৱে কৰা হ'ব । খেল চাবলৈ আহোতে ষ্টেডিয়ামত প্ৰৱেশৰ ক্ষেত্ৰতো থাকিব কিছু নিৰ্দেশনা । 1A গেটেৰে পাছ থকা লোক সকলেহে প্ৰৱেশ কৰিব পাৰিব । খেল আৰম্ভ হোৱাৰ ৩ ঘণ্টাৰ পূৰ্বে খুলি দিয়া হ'ব গেট । টিকটত লিখি দিয়া নিৰ্দেশনাৱলী সকলোকে ভালদৰে পঢ়ি চাবলৈ আহ্বান ACA ৰ কৰ্তৃপক্ষৰ । লগতেই ষ্টেডিয়ামলৈ আহোঁতেই মানি বেগ আৰু মোবাইলৰ বাহিৰে সকলো সামগ্রী বাহিৰত থৈ আহিব লাগিব । ষ্টেডিয়ামৰ ভিতৰলৈ একো নিবলৈ দিয়া নহ'ব ।

লগতে পঢ়ক: Cricket World Cup 2023: ক্ৰিকেট বিশ্বকাপ; আঘাতপ্ৰাপ্ত অক্ষৰ পেটেলৰ ঠাইত ভাৰতীয় দলত আৰ অশ্বিনৰ প্ৰত্যাৱৰ্তন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.