ETV Bharat / state

আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পুনৰ জিলিকিল সংযুক্তা দত্ত

author img

By

Published : May 10, 2020, 10:10 AM IST

fashion designer sanjukta dutta latest news guwahati kamrup metro assam etv bharat news
ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্ত

কৰ’ণাৰ আতংকৰ মাজতেই অসমবাসীৰ বাবে এটি ভাল খবৰ ৷ পুনৰবাৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলি উঠিল ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্ত ৷ ফেশ্বন ডিজাইনাৰ ইনফিনিটিৰ শীৰ্ষ দহটা স্থানত অন্তৰ্ভুক্ত হৈছে অসমৰ তাৰকা ডিজাইনাৰ গৰাকীৰ নাম ৷

গুৱাহাটী,10 মে’ : কৰ’ণাৰ আতংকৰ মাজতে ৰাজ্যবাসীলৈ এটা ভাল খবৰ কঢ়িয়াই আনিছে আগশাৰীৰ ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তই ৷ ফেশ্বন ডিজাইনাৰ ইনফিনিটিৰ শীৰ্ষ দহত স্থান লাভেৰে অসমলৈ এই সুখবৰ কঢ়িয়াই আনে ফেশ্বন ডিজাইনাৰ গৰাকীয়ে ৷ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পুনৰবাৰ অসমৰ নাম জিলিকাই তুলিছে জনপ্ৰিয় ফেশ্বন ডিজাইনাৰ গৰাকীয়ে ৷

fashion designer sanjukta dutta latest news guwahati kamrup metro assam etv bharat news
ফেশ্বন ডিজাইনাৰ ইনফিনিটিত স্থান লাভ

উল্লেখ্য যে,ইনফিনিটিৰ দহজনীয়া তালিকাখনত মাছবা গুপ্তা, ৰুহিত বল আদিকে ধৰি ভাৰতৰ আগশাৰীৰ তাৰকা ডিজাইনাৰে স্থান দখল কৰিছে ৷ সংযুক্তা দত্তই অসমক প্ৰতিনিধিত্ব কৰি বিশ্বৰ বহু আগশাৰীৰ অনুষ্ঠানত অংশগ্ৰহণেৰে ইতিমধ্যে যথেষ্ট সমাদৰ লাভ কৰিছে ৷

লগতে চাওকঃ দীঘলীয়া লক্ ডাউনঃ চূড়ান্ত সিদ্ধান্ত ল'লে ৰিক্সাচালকে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.