ETV Bharat / state

Fake encounter in Darrang: দুজন আৰক্ষী বিষয়াক জৰিমনাৰ নিৰ্দেশ মানৱ অধিকাৰ আয়োগৰ

author img

By

Published : Feb 7, 2023, 1:16 PM IST

HRC ordered Darrang Police to pay fine for fake encounter
ভুৱা এনকাউণ্টাৰৰ জৰিয়তে অপৰাধী হত্যাৰ কৰাৰ অভিযোগত জৰিমনাৰ নিৰ্দেশ দুই আৰক্ষী বিষয়াক

বিগত সময়ত ৰাজ্যত সংঘটিত হৈছে বহুকেইটা এনকাউন্টাৰৰ ঘটনা ৷ আৰক্ষীয়ে কৰা এই এনকাউন্টাৰৰ বহুকেইটা আছিল ভুৱা এনকাউন্টাৰ ৷ এনে ভুৱা এনকাউন্টাৰ কৰি বিপদত পুনৰ এবাৰ পৰিল অসম আৰক্ষী ৷ ভুৱা এনকাউন্টাৰৰ লগত জড়িত আৰক্ষীক মৃতকৰ পৰিয়াললৈ ৭ লাখ টকা ক্ষতি পূৰণ দিয়াৰ নিৰ্দেশ দিছে ৰাজ্যিক মানৱ অধিকাৰ আয়োগে (Human Rights Commission orders fines police officers)৷

গুৱাহাটী, 7 জানুৱাৰী: আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বহু অপৰাধীক বিভিন্ন সময়ত অসম আৰক্ষীয়ে ভুৱা একাউণ্টাৰৰ জড়িয়তে যে হত্যা কৰি আহিছে সেই কথা বিভিন্ন সময়ত প্ৰমাণিত হৈ আহিছে (Fake encounters in Assam)। এনেদৰেই ভুৱা এনকাউণ্টাৰেৰে অভিযুক্তক হত্যা কৰি পুনৰ এবাৰ বিপদত পৰিছে অসম আৰক্ষী (Assam police in trouble after fake encounter)।

ৰাজ্যিক মানৱ অধিকাৰ আয়োগে (Human Rights Commission) যোৱা সোমবাৰে জিম্মাত থকা এজন অভিযুক্তক ভুৱা এনকাউণ্টাৰত গুলীয়াই হত্যা কৰাৰ অপৰাধত দৰং জিলাৰ খাৰুপেটীয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অভিজিত কাকতি আৰু চক্ৰ পৰিদৰ্শক অচ্যুৎ দত্তক মৃতকৰ পৰিয়ালক ৭ লাখ টকা ক্ষতি পূৰণ দিয়াৰ নিৰ্দেশ দিছে (Darrang Police to pay fine for fake encounter)।

HRC ordered Darrang Police to pay fine for fake encounter
ভুৱা এনকাউণ্টাৰৰ জৰিয়তে অপৰাধী হত্যাৰ কৰাৰ অভিযোগত জৰিমনাৰ নিৰ্দেশ দুই আৰক্ষী বিষয়াক

অসম মানৱ অধিকাৰ আয়োগে ভুৱা এনকাউণ্টাৰৰ গোচৰটোত আৰক্ষী বিষয়াদ্বয়ৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ আৰু মৃতকৰ পত্নীক ক্ষতিপূৰণ দিবলৈ ৰাজ্য চৰকাৰক পৰামৰ্শ দিছে । দৰং জিলাৰ আৰক্ষী অধীক্ষকে প্ৰদান কৰা তথ্যৰ ভিত্তিত অসম মানৱ অধিকাৰ আয়োগে এটা নিজাববীয়া গোচৰ পঞ্জীয়ন কৰি ভুৱা এনকাউণ্টাৰৰ ঘটনাটোৰ তদন্ত কৰিছিল (Fake encounter in Darrang) ।

HRC ordered Darrang Police to pay fine for fake encounter
ভুৱা এনকাউণ্টাৰৰ জৰিয়তে অপৰাধী হত্যাৰ কৰাৰ অভিযোগত জৰিমনাৰ নিৰ্দেশ দুই আৰক্ষী বিষয়াক

অভিযোগ অনুসৰি খাৰুপেটীয়া আৰক্ষীয়ে এটা গোচৰত আশা বাবু নামৰ লোকজনক ২০২১ চনৰ ১০ আগষ্টত গ্ৰেপ্তাৰ কৰিছিল৷ নিশা অভিযুক্তজনক লগত লৈ খাৰুপেটীয়া আৰক্ষীয়ে দলগাঁৱৰ ধনশিৰি ঘাটলৈ লৈ যায় । কিন্তু নদীৰ পাৰতে লুকুৱাই থোৱা অস্ত্ৰৰ সন্ধান দিয়াৰ চলেৰে অভিযুক্তজনে আৰক্ষীলৈ গুলী কৰাত প্ৰত্যুত্তৰত আৰক্ষীয়েও গুলী কৰাৰ ফলত আশা বাবুৰ মৃত্যু হোৱা বুলি তদন্তকাৰী আৰক্ষীয়ে সেই সময়ত দাবী কৰিছিল ।

গুলীবিদ্ধ অভিযুক্তজনক অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও পৰৱৰ্তী সময়ত তেওঁৰ মৃত্যু হোৱা বুলি চিকিৎসকে ঘোষণা কৰে । এই ঘটনাত হোম গাৰ্ডৰ এজন জোৱানো আহত হোৱা বুলি প্ৰকাশ কৰিছিল । অৱশ্যে উক্ত ভুৱা এনকাউণ্টাৰক লৈ মৃত আশা বাবুৰ পত্নী মনোৱাৰা বেগমে ৰাজ্যিক মানৱ অধিকাৰ আয়োগত অভিযোগ দাখিল কৰি আৰক্ষীয়ে পৰিকল্পিতভাৱে স্বামী আশা বাবুক হত্যা কৰা বুলি দাবী কৰে ।

গোচৰটোৰ সন্দৰ্ভত সকলো পক্ষৰ তথ্য-প্ৰমাণ পৰীক্ষা কৰি অৱশেষত মানৱ অধিকাৰ আয়োগে আশা বাবুক তদন্তকাৰী আৰক্ষী বিষয়াদ্বয়ে ভুৱা এনকাউণ্টাৰত হত্যা কৰা বুলি ৰায় প্ৰদান কৰিছে । এই সন্দৰ্ভত খাৰুপেটীয়া থানাৰ অ’চি অভিজিৎ কাকতি আৰু চক্ৰ পৰিদৰ্শক অচ্যুৎ দত্তৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰি ভুক্তভোগীজনৰ পত্নীক সাত লাখ টকাৰ ক্ষতিপূৰণ দিবলৈ ৰাজ্য চৰকাৰক পৰামৰ্শ দিছে ।

উল্লেখ্য যে 2021 চনৰ পৰা অসম আৰক্ষীয়ে ৰাজ্যত ভুৱা একাউণ্টাৰ কৰাৰ অভিযোগ তুলি ভুক্তভোগী পৰিয়ালে অসম মানৱ অধিকাৰ আয়োগত ৰুজু কৰা 17 টা গোচৰৰ তদন্ত চলি আছে । এই গোচৰসমূহৰ তদন্তৰ কি ফলাফল ওলায় সেয়া সময়হে ক’ব ।

লগতে পঢ়ক: Encounter in Barpetaroad: বেহু ফালি পলায়নৰ চেষ্টা কৰি আৰক্ষীৰ গুলীত ধৰাশায়ী ড্ৰাগছ ব্যৱসায়ী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.