ETV Bharat / state

Assam Secretariat : সচিবালয়ত আজিৰে পৰা প্ৰযোজ্য হ'ল ফেচ ৰিক’গনাইজড এটেনডেন্স চিষ্টেম

author img

By ETV Bharat Assamese Team

Published : Nov 2, 2023, 2:14 PM IST

Updated : Nov 2, 2023, 2:20 PM IST

জনতা ভৱনৰ কৰ্মচাৰীসকলে পুৱা ৯.৪৫ বজাত কাৰ্যালয়ত প্ৰৱেশ কৰিব লাগিব । বিয়লি ৫ বজাৰ পূৰ্বে ওলাই যাব নোৱাৰিব । নিৰ্ধাৰিত সময়ৰ পূৰ্বে যাবলৈ হ'লে সংশ্লিষ্ট কৰ্তৃপক্ষৰ অনুমোদন ল'ব লাগিব ।

Assam Secretariat
ফেচ ৰিক’গনাইজড এটেনডেন্স চিষ্টেম

ফেচ ৰিক’গনাইজড এটেনডেন্স চিষ্টেম

গুৱাহাটী, ২ নৱেম্বৰ : অসম সচিবালয় তথা জনতা ভৱনত কৰ্মচাৰীসকলৰ উপস্থিতিৰ ক্ষেত্ৰত আজি অৰ্থাৎ বৃহস্পতিবাৰৰ পৰা প্ৰযোজ্য কৰা হৈছে নতুন নিয়ম । নিৰ্ধাৰিত সময়ত কাৰ্যালয়ত উপস্থিত হোৱাৰ বাবে আজিৰে পৰা অসম সচিবালয়ত প্ৰৱৰ্তন কৰা হৈছে ফেচ ৰিক’গনাইজড এটেনডেন্স চিষ্টেম (Face Recognition Attendance System)। এই চিষ্টেমৰ যোগেদি সচিবালয়ৰ কৰ্মচাৰীসকলে কাৰ্যালয়ত প্ৰৱেশ কৰি নিজৰ উপস্থিতি দিব লাগিব ।

সেই অনুসৰি পুৱা ৯.৪৫ বজাত কাৰ্যালয়ত প্ৰৱেশ কৰিব লাগিব আৰু প্ৰস্থানৰ সময় হৈছে বিয়লি ৫ বজাত । নিৰ্ধাৰিত সময়ৰ পিচত কাৰ্যালয়লৈ আহিলে কৰ্তৃপক্ষক অৱগত কৰিব লাগিব । আনহাতে, নিৰ্ধাৰিত সময়ৰ আগতে কাৰ্যালয় এৰিবলৈ হ'লে কৰ্তৃপক্ষৰ অনুমোদন ল’ব লাগিব । উপস্থিতিৰ নতুন নিয়ম প্ৰযোজ্য হোৱাৰ বাবে আজি নিৰ্ধাৰিত সময়ৰ পূৰ্বেই কৰ্মচাৰীসকল কাৰ্যালয়ত উপস্থিত হোৱা পৰিলক্ষিত হৈছে ।

উল্লেখ্য যে, সচিবালয়ৰ একাংশ কৰ্মচাৰী সময় মতে কাৰ্যালয় উপস্থিত নোহোৱাৰ অভিযোগ নতুন নহয় । প্ৰায়ে এই অভিযোগৰ সত্যতা সংবাদ মাধ্যমৰ যোগেদি পোহৰলৈ আহে । এনে পৰিপ্ৰেক্ষিতত কৰ্মচাৰীসকল যাতে সময় মতে কাৰ্যালয়ত উপস্থিতি হয় তাৰ বাবে প্ৰৱৰ্তন কৰা হৈছে এই ফেচ ৰিক’গনাইজড এটেনডেন্স চিষ্টেম । ইয়াৰ দ্বাৰা কৰ্মচাৰীসকলৰ উপস্থিতি সময় মতে নিশ্চিত হ'ব বুলি আশা কৰা হৈছে ।

উল্লেখ্য যে, ৰাজ্যৰ প্ৰশাসনিক ব্যৱস্থাটোত সংস্কাৰ সাধিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বিভিন্ন সময়ত এটাৰ পিচত আনটো কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা পৰিলক্ষিত হয় ৷ কিন্তু খোদ ৰাজ্য প্ৰশাসনৰ হৃদপিণ্ড স্বৰূপ জনতা ভৱন অৰ্থাৎ অসম সচিবালয়তে একাংশ বিষয়া-কৰ্মচাৰীয়ে কেৰেপ নকৰে চৰকাৰী নিৰ্দেশনা ।

আনকি বহু সময়ত অসম সচিবালয়ৰ একাংশ বিষয়া-কৰ্মচাৰীয়ে সময়মতে কাৰ্যালয়লৈ নহাৰো অভিযোগ উত্থাপন হৈছে ৷ চৰকাৰী নিয়মানুবৰ্তিতা নমনা একাংশ বিষয়া-কৰ্মচাৰীক নাকী লগাবলৈয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অসম সচিবালয়ত প্ৰৱৰ্তন কৰিছে ফেচ ৰিক’গনাইজড এটেনডেন্স চিষ্টেম ৷

লগতে পঢ়ক : Tezpur University Faculty : বিশ্বৰ শীৰ্ষ বিজ্ঞানীসকলৰ তালিকাত স্থান লাভ তেজপুৰ বিশ্ববিদ্যালয়ৰ ৬ গৰাকী অধ্যাপকৰ

Last Updated :Nov 2, 2023, 2:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.