ETV Bharat / state

ক’ভিডৰ পজিটিভিটি ৰেট ১ শতাংশলৈ হ্ৰাস পালে অনুষ্ঠিত হ’ব পৰীক্ষা : শিক্ষামন্ত্ৰী

author img

By

Published : Jun 5, 2021, 8:43 PM IST

ক’ভিড পৰিস্থিতি এতিয়াও নিয়ন্ত্ৰণত অহা নাই । চৰকাৰে ব্যৱস্থা লৈ আছে । পৰিস্থিতি কিছু উন্নত হ'লে পৰীক্ষাৰ কথা ঘোষণা কৰিব ৰাজ্য চৰকাৰে । লগতে মন্ত্ৰী গৰাকীয়ে কয় যে, পৰীক্ষা অনুষ্ঠিত হোৱা পূৰ্ণ সম্ভাৱনা আছে আৰু পৰিস্থিতি উন্নত হ’লেই পৰীক্ষা অনুষ্ঠিত কৰিব পাৰিম । পৰীক্ষা বাতিল কৰি দিলেই সমস্যা সমাধান নহয় ।

education-minister-assam
ক’ভিডৰ পজিটিভিটী ৰেট ১ শতাংশলৈ হ্ৰাস পালে অনুষ্ঠিত হ’ব পৰীক্ষা: শিক্ষামন্ত্ৰী

গুৱাহাটী, 5 জুন : ৰাজ্যত অনুষ্ঠিত হ'বনে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা তাকলৈ ব্যাপক চৰ্চা অব্যাহত আছে ৷ ক’ভিডৰ ভয়াৱহ সংক্ৰমণে সম্প্ৰতি স্তব্ধ কৰি তুলিলে ৰাজ্যৰ শিক্ষা ব্যৱস্থা । যাৰ পৰিপ্ৰেক্ষিতত এতিয়া ছাত্ৰ-ছাত্ৰী জীৱনৰ অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা অনুষ্ঠিত কৰাত আহি পৰিছে অনিশ্চয়তা । ইতিমধ্যে CBSE য়ে বাতিল কৰিছে দ্বাদশ শ্ৰেণীৰ পৰীক্ষা । পৰীক্ষাৰ পৰিৱৰ্তে বিকল্প ব্যৱস্থাৰ সন্ধানত আছে কেন্দ্ৰীয় শিক্ষা ব’ৰ্ড । সম্প্ৰতি এনে জটিলতাৰ মাজতে শনিবাৰে অসম মাধ্যমিক শিক্ষা পৰিষদৰ কাৰ্যালয়ত উপস্থিত হৈ কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ।

পৰীক্ষা অনুষ্ঠিত হোৱা-নোহোৱাৰ সন্দৰ্ভত ৰণোজ পেগুৱে কয় যে, ক’ভিড পৰিস্থিতি এতিয়াও নিয়ন্ত্ৰণত অহা নাই । চৰকাৰে ব্যৱস্থা লৈ আছে । পৰিস্থিতি কিছু উন্নত হ'লে পৰীক্ষাৰ কথা ঘোষণা কৰিব ৰাজ্য চৰকাৰে । লগতে মন্ত্ৰী গৰাকীয়ে কয় যে, পৰীক্ষা অনুষ্ঠিত হোৱা পূৰ্ণ সম্ভাৱনা আছে আৰু পৰিস্থিতি উন্নত হ’লেই পৰীক্ষা অনুষ্ঠিত কৰিব পাৰিম । পৰীক্ষা বাতিল কৰি দিলেই সমস্যা সমাধান নহয় । শিক্ষাৰ্থীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষা অনুষ্ঠিত কৰা হ'ব । চৰকাৰ মেট্ৰিক, হাইয়াৰ স্কুলৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ পক্ষত আছে ।

উল্লেখযোগ্য যে, পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীক সাজু হৈ থাকিবলৈও আহ্বান জনায় শিক্ষা মন্ত্ৰী গৰাকীয়ে । পৰিস্থিতি ভাল হ'লেই অনুষ্ঠিত হ'ব পৰীক্ষা ৷ মনকৰিবলগীয়া যে, ক’ভিডৰ পজিটিভিটী ৰেট ১ শতাংশলৈ হ্ৰাস পালে পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা চিন্তা চৰ্চা কৰা হ'ব বুলি তাৎপৰ্য পূৰ্ণ মন্তব্য কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ।

শনিবাৰে অসম মাধ্যমিক শিক্ষা পৰিষদ কাৰ্যালয়ত বিশ্ব পৰিবেশ দিৱস উপলক্ষে বৃক্ষ ৰোপণ কৰে মন্ত্ৰী গৰাকীয়ে ৷ মন্ত্ৰী গৰাকীৰ লগত উপস্থিত থাকে শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱা, শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়া, চেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈন ।

লগতে পঢ়কঃ টকা লৈ কোনে দিছিল কংগ্ৰেছৰ টিকট ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.