ETV Bharat / state

গান্ধীৰ প্ৰতিমূৰ্তিৰ তলত বহি প্ৰফুল্ল কুমাৰ মহন্তৰ প্ৰতিবাদ

author img

By

Published : Dec 23, 2019, 3:29 PM IST

EX CM PRAFULLA MAHANTA PROTEST IN FRONT OF GANDHI STATUE GUWAHATI ASSAM
গান্ধীৰ প্ৰতিমূৰ্তিৰ তলত বহি প্ৰফুল্ল কুমাৰ মহন্তৰ প্ৰতিবাদ

ৰাজ্য আৰু কেন্দ্ৰৰ বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে অসমৰ বুকুত অবৈধ বিদেশীৰ বুজা জাপি দিব বিচাৰিছে বুলি অভিযোগ উত্থাপন কৰি ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰক তীব্ৰ সমালোচনা কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

গুৱাহাটী, 23 ডিচেম্বৰঃ জন্মদিনৰ দিনাই গান্ধী মণ্ডপত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ তলত বহি প্ৰফুল্ল কুমাৰ মহন্তৰ নাগৰিকত্ব সংশোধনী আইন' বিৰোধী অৱস্থান ধৰ্মঘট। প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ লগত অৱস্থান ধৰ্মঘটত বহিল কা' বিৰোধী নেতৃত্বও। দেশৰ বিভিন্ন প্ৰান্তত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনে হিংসাত্মক ৰূপ ধাৰণ কৰাৰ সময়তে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ তলত বহি বিতৰ্কিত আইনখন বাতিলৰ দাবীত অৱস্থান ধৰ্মঘট কার্যসূচী পালন কৰে। সোমাবাৰে ৰাতিপুৱা ৯ বজাৰ পৰা দিনৰ ১ বজালৈ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে গান্ধী মণ্ডপত জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ তলত বহি ৪ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে আইনখন বাতিল কৰাৰ দাবী জনায়।

প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্য আৰু কেন্দ্ৰৰ বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে অসমৰ বুকুত অবৈধ বিদেশীৰ বুজা জাপি দিব বিচাৰিছে বুলি অভিযোগ উত্থাপন কৰি ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰক তীব্ৰ সমালোচনা কৰে। প্ৰফুল্ল কুমাৰ মহন্তই অসম গণ পৰিষদৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই আইনখনৰ সপেক্ষে ভোট দান কৰা কাৰ্যকো তীব্ৰ সমালোচনা কৰে। প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ লগতে তেওঁৰ পত্নী জয়শ্ৰী মহন্তইও অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰে সোমবাৰে ৷

গান্ধীৰ প্ৰতিমূৰ্তিৰ তলত বহি প্ৰফুল্ল কুমাৰ মহন্তৰ প্ৰতিবাদ

লগতে চাওকঃমৰিগাঁৱত ছয় তিৱা সংগঠনৰ মধ্য অসম বন্ধ ঘোষণা প্ৰত্যাহাৰ

Intro:জন্মদিনৰ দিনাই গান্ধী মণ্ডপত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ তলত বহি প্ৰফুল্ল কুমাৰ মহন্তৰ নাগৰিকত্ব সংশোধনী আইন' বিৰোধী অৱস্থান ধৰ্মঘট। প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ লগত অৱস্থান ধৰ্মঘটত বহিল কা' বিৰোধী নেতৃত্বই।


Body:দেশৰ বিভিন্ন প্ৰান্তত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন হিংসাত্মক ৰূপ ধাৰণ কৰাৰ সময়তে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ তলত বহি বিতৰ্কিত আইনখন বাতিলৰ দাবীত আৰম্ভ কৰিছে অৱস্থান ধৰ্মঘট কার্যসূচী। সোমাবাৰে ৰাতিপুৱা ৯ বজাৰ পৰা ১ বজালৈ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে গান্ধী মণ্ডপত জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ তলত বহি ৪ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ দাবী জনায়। প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্য আৰু কেন্দ্ৰৰ বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে অসমৰ বুকুত অবৈধ বিদেশীৰ বুজা জাপি দিব বিচাৰিছে বুলি অভিযোগ উত্থাপন কৰি ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰক তীব্ৰ সমালোচনা কৰে।

বাইট : প্ৰফুল্ল কুমাৰ মহন্ত, প্ৰাক্তন মুখ্যমন্ত্ৰী


Conclusion:প্ৰফুল্ল কুমাৰ মহন্তই অসম গণ পৰিষদৰ সাংসদ বীৰেন বৈশ্যই আইনখনৰ সাপেক্ষে ভোট দান কৰা কাৰ্যকো তীব্ৰ সমালোচনা কৰে। প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ লগতে তেওঁৰ পত্নী জয়শ্ৰী মহন্তও অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.