Lachit Divas 2022: লাচিত দিৱসৰ ৰচনা প্ৰতিযোগিতাৰ বাবে চৰকাৰে সাজু কৰিছে ১কোটি লিখাৰ পৃষ্ঠা

author img

By

Published : Nov 4, 2022, 10:39 PM IST

Lasit borphukan essay page distribution

লাচিত বৰফুকনৰ জন্ম জয়ন্তীৰ (Lachit Divas 2022) বিশেষ দিনটোৰ লগত সংগতি ৰাখি অসম চৰকাৰে আয়োজন কৰিছে লাচিত বৰফুকনৰ জীৱনৰ আধাৰত লিখা ৰাজ্যিক ভিত্তিত ৰচনা প্ৰতিযোগিতা (Essay competition on Lachit Borphukan) । ইতিমধ্যে এই প্ৰতিযোগিতাৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ৰাজ্য চৰকাৰে ।

গুৱাহাটী, ৪ নৱেম্বৰ: আগন্তুক ২৪ নবেম্বৰত ৰাজ্যজুৰি উদযাপিত হ’ব বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী (400th birth anniversary of Bir Lachit Borphukan) । লাচিত বৰফুকনৰ জন্ম জয়ন্তীৰ (Lachit Divas 2022) বিশেষ দিনটোৰ লগত সংগতি ৰাখি অসম চৰকাৰে আয়োজন কৰিছে লাচিত বৰফুকনৰ জীৱনৰ আধাৰত লিখা ৰাজ্যিক ভিত্তিত ৰচনা প্ৰতিযোগিতা (Essay competition on Lachit Borphukan) ।

লাচিত দিৱসৰ ৰচনা প্ৰতিযোগিতাৰ বাবে চৰকাৰে সাজু কৰিছে ১কোটি লিখাৰ পৃষ্ঠা

ইতিমধ্যে এই প্ৰতিযোগিতাৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ৰাজ্য চৰকাৰে । ৰাজ্য চৰকাৰৰ নিৰ্দেশ মৰ্মে অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন ( Assam State Textbook Production) আৰু প্ৰকাশন নিগম লিমিটেডে (Publication Corporation Ltd) ইতিমধ্যে ৰচনা প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিবলগীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে সাজু কৰি ৰাখিছে ১ কোটি লিখা পৃষ্ঠা । বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে শুকুৰবাৰে লিখা পৃষ্ঠা বিতৰণৰ প্ৰথমটো কাৰ্যসূচী মহানগৰীৰ নাৰেঙ্গীৰ বোন্দাস্থিত নিগমৰ কেন্দ্ৰীয় ভঁৰালৰ পৰা শুভাৰম্ভ কৰা হয় (Bir Lachit Borphukan essay page distribution) ।

উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ উপাধক্ষ তুলসী বৰঠাকুৰে পৃষ্ঠা বিতৰণৰ বাহনৰ ফ্লেগ অফ কৰে । ৰাজ্যৰ ৩৫ খন জিলাক সামৰি লোৱা পৃষ্ঠা বিতৰণৰ কাৰ্যসূচীৰ অংশ হিচাপে প্ৰথম পৰ্য্যায়ত কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ, গোলাঘাট, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা লৈ ৯ খন বাহনেৰে প্ৰেৰণ কৰা হয় লাচিত বৰফকনৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি ৰাজ্য চৰকাৰে আয়োজন কৰা ৰচনা প্ৰতিযোগিতা লিখাৰ পৃষ্ঠা ।

পৰ্য্যায়ক্ৰমে ৰাজ্যৰ বাকী আন আন জিলা সমূহতো এই পৃষ্ঠা সমূহ প্ৰেৰণ কৰা হ’ব বুলি জানিবলৈ দিয়ে নিগমৰ উপাধক্ষ তুলসী বৰঠাকুৰে । এই পৃষ্ঠা বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে ৰাজ্যিক পাঠ্যপুথ প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডৰ পৰিচালন সঞ্চালক স্বানৱাজ চৌধুৰী,পৱন কুমাৰ আগৰৱলা আদিকে ধৰি নিগমৰ বিষয়ববীয়া ।

ইতিমধ্যে এই দিৱস উপলক্ষে অসম চৰকাৰে বিগত 26 অক্টোবৰৰ দিনা লাচিত বৰফুকন এপ আৰু ৱেব প'ৰ্টেল মুকলি কৰে (Lachit Borphukan App and Web Portal) ৷ ইয়াৰ যোগেদি প্ৰত্যেকেই লাচিত বৰফুকনৰ বিষয়ে নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব পাৰিব আৰু লাচিত বৰফুকনৰ বীৰত্ব-দেশপ্ৰেম আৰু অৱদানৰ (Patriotism of Lachit Borphukan) বিষয়ে লিখিব পাৰিব বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে । উল্লেখ্য যে, ইয়াৰোপৰি লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী ১৮ নৱেম্বৰত প্ৰতিখন জিলাত অসম আৰক্ষীৰ মাৰ্চপাষ্টৰ দ্বাৰা আৰম্ভ হ’ব ।

লগতে পঢ়ক: Lachit Borphukan App and Web Portal: ১৮ নবেম্বৰত আৰম্ভ লাচিত বৰফুকনৰ জন্ম জয়ন্তী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.