ETV Bharat / state

Air pollution in Guwahati: বায়ু প্ৰদূষণ ৰোধৰ বাবে কি পৰামৰ্শ দিলে পৰিৱেশ বিজ্ঞানী মনোজ শইকীয়াই ?

author img

By

Published : Feb 13, 2023, 10:51 PM IST

মহানগৰীৰ বায়ু প্ৰদূষণ ৰোধৰ বাবে বিজ্ঞানসন্মত অত্যাধুনিক পথৰ ধূলি উঠোৱা মেচিন, পানী চটিওৱা মেচিন ক্ৰয়ৰ বাবে চৰকাৰক আহ্বান পৰিৱেশ বিজ্ঞানী মনোজ শইকীয়াৰ (Air quality deteriorates in Guwahati) ৷ অদূৰদৰ্শী, অবিজ্ঞানসন্মত কাৰ্যকলাপৰ বাবে আজি এই পৰিস্থিতিৰ উদ্ভৱ হৈছে বুলি ক্ষোভ প্ৰকাশ মনোজ শইকীয়াৰ ।

Air pollution in Guwahati
পৰিৱেশ বিজ্ঞানী মনোজ শইকীয়াই

পৰিৱেশ বিজ্ঞানী মনোজ শইকীয়া

গুৱাহাটী, ১৩ ফেব্ৰুৱাৰী: গুৱাহাটী মহানগৰীত ভয়াবহভাৱে বৃদ্ধি পাইছে বায়ু প্ৰদূষণ । ভাসমান ধূলিকণাই প্ৰদূষিত কৰিছে মহানগৰীৰ বায়ুমণ্ডল । যাৰ ফলত প্ৰদূষণজনিত ভিন্ন ৰোগে দেখা দিছে মহানগৰবাসীৰ মাজত । বায়ুৰ সূচকাংক ক্ৰমাৎ বৃদ্ধিক লৈ শংকিত হৈছে সচেতন নাগৰিকসকল ।
বিগত তিনিমাহ ধৰি বৰষুণ নোহোৱাৰ ফলত ধূলিৰে ভৰি পৰিছে গুৱাহাটী মহানগৰী (Very poor air quality in Guwahati) । অসম ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ তথ্য অনুসৰি দেওবাৰৰ দিনটোত গুৱাহাটী মহানগৰীৰ বায়ুৰ সূচকাংক ১৫৬ ।

এই বিষয় সম্পৰ্কে পৰিষদৰ অতিৰিক্ত মুখ্য পৰিৱেশ বিজ্ঞানী মনোজ শইকীয়াই (Environmental scientist Manoj Saikia) কয়, সম্প্ৰতি মহানগৰী বায়ুৰ সূচকাংক মজলীয়া হৈ আছে । ২০০ অতিক্ৰম কৰিলে প্ৰদূষণৰ মাত্ৰ বেয়ালৈ গতি কৰা বুলি চিহ্নিত কৰা হয় (Air quality deteriorates in Guwahati) । চলিত মাহৰ প্ৰথম সপ্তাহত বায়ুৰ সূচকাংক অতি বেয়ালৈ গতি কৰিছিল । কিন্তু সম্প্ৰতি বতাহ নোহোৱাৰ ফলত কিছু হ্ৰাস পাইছে যদিও চিন্তনীয় । বায়ুমণ্ডৰ দূষিত হোৱাৰ বাবে এজমা, হৃদৰোগ, যকৃৎ ৰোগত আক্ৰান্ত ৰোগীৰ বাবে সমস্যাই দেখা দিছে ।

তেওঁ আৰু কয় যে, পথত পানী ছটিয়ালেও পানী শুকাই যোৱাৰ পিচত আকৌ ধূলি হৈ বায়ুমণ্ডল দূষিত কৰে । বায়ু প্ৰদূষণ ৰোধ কৰিবলৈ বায়ুমণ্ডল দূষিত কৰা ধূলিকণাৰ উৎপত্তিস্থল কিছু পৰিমাণে নিবাৰণ কৰাৰ বাবে ব্যৱস্থা কৰিব লাগিব । সম্প্ৰতি গুৱাহাটী পৌৰ নিগমে মহানগৰীৰ নলা-নৰ্দমা নিষ্কাশনৰ কাম আৰম্ভ কৰিছে । নলা নৰ্দমাৰ পৰা ওলোৱা বোকাবোৰ বিজ্ঞানসন্মতভাৱে নিষ্কাশন কৰাৰ ব্যৱস্থা কৰিব লাগিব । যাতে সেইখিনি শুকাই বায়ুমণ্ডল দূষিত কৰিব নোৱাৰে ।

আনহাতে, G20 বাবে গুৱাহাটী মহানগৰীখন যিদৰে পৰিষ্কাৰ কৰিছে, পথৰ ধূলিবোৰ আতঁৰাই দিয়া হৈছে, সেই প্ৰক্ৰিয়া মহানগৰীত অবিৰতভাৱে চলি থাকিলেহে পথৰ ধূলিৰে বায়ুমণ্ডল দূষিত হোৱাটো নিবাৰণ কৰিব পৰা যাব বুলি তেওঁ উল্লেখ কৰে । কিয়নো পথৰ ধূলি আৰু যানবাহনৰ পৰা ওলোৱা কেমিকেল মিহলি হৈ ৰাসায়নিক বিষক্ৰিয়া হৈ বায়ুমণ্ডল দূষিত কৰে । সংশ্লিষ্ট বিভাগসমূহে নিৰ্মীয়মান (Construction in Guwahati) স্থানত যাতে বায়ুপ্ৰদূষণ হ’ব নোৱাৰে তাৰবাবে ব্যৱস্থা ল’ব লাগে বুলি তেওঁ পৰামৰ্শ আগবঢ়ায় ।

তেওঁ আৰু কয় যে, সংশ্লিষ্ট বিভাগসমূহে প্ৰক্ৰিয়াৰ মাজৰে গৈ বায়ুমণ্ডল ভাল কৰাৰ বাবে বৰষুণৰ বিকল্প পদক্ষেপ লোৱাৰ ব্যৱস্থা কৰিব লাগিব । অদূৰদৰ্শী অবিজ্ঞানসন্মত কাৰ্যকলাপৰ বাবে আজি এই পৰিস্থিতিৰ উদ্ভৱ হৈছে বুলি তেওঁ ক্ষোভ প্ৰকাশ কৰে । সেয়েহে মহানগৰীৰ ধূলি আঁতৰোৱাৰ বাবে বিজ্ঞানসন্মত অত্যাধুনিক পথৰ ধূলি উঠোৱা মেচিন, পানী চটিওয়া মেচিন ক্ৰয় কৰাৰ বাবে চৰকাৰে ব্যৱস্থা লৈ বিভাগবোৰক নিৰ্দেশ দিবলৈ তেওঁ আহ্বান জনায় ৷ সেই অনুসৰি মেচিনবোৰ সঠিকভাৱে ব্যৱহাৰ হৈছে নে নাই চৰকাৰে চকু ৰাখিব লাগে বুলি তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক: Guwahati air pollution: ধূলিয়ৰি গুৱাহাটীত বিপদ বাঢ়িছে মহানাগৰিকৰ; অপেক্ষা বৰষুণলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.