Garima Hazarika Passes Away: সংগীত নাটক একাডেমী বঁটা বিজয়ী গৰিমা হাজৰিকাৰ দেহাৱসান

author img

By

Published : Aug 5, 2022, 3:55 PM IST

Garima Hazarika Passes Away

নৃত্য পটিয়সী গৰিমা হাজৰিকা আৰু নাই । বৃহস্পতিবাৰে নিশা প্ৰায় এক বজাত গুৱাহাটীৰ উলুবাৰীৰ নিজা বাসভৱনত বিশিষ্ট শাস্ত্ৰীয় নৃত্য পটিয়সী গৰিমা হাজৰিকা শেষ নিশ্বাস ত্যাগ কৰে । মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৩ বছৰ (Garima Hazarika Passes Away)৷

গুৱাহাটী, 5 আগষ্ট: ৰাজ্যৰ বিশিষ্ট শাস্ত্ৰীয় নৃত্য পটিয়সী গৰিমা হাজৰিকা আৰু নাই । বৃহস্পতিবাৰে নিশা প্ৰায় এক বজাত গুৱাহাটীৰ উলুবাৰীৰ নিজা বাসভৱনত বিশিষ্ট শাস্ত্ৰীয় নৃত্য পটিয়সী গৰিমা হাজৰিকাই শেষ নিশ্বাস ত্যাগ কৰে (Dancer Garima Hazarika passes away) । মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৩ বছৰ ৷ বাৰ্দ্ধক্যজনিত কাৰণত মৃত্যু হোৱা বিশিষ্ট শাস্ত্ৰীয় নৃত্য পটিয়সী গৰিমা হাজৰিকাৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে ।

সংগীত নাটক একাডেমী বঁটা বিজয়ী গৰিমা হাজৰিকাৰ দেহাৱসান

উল্লেখ্য যে, সত্ৰীয়া আৰু ওডিছী নৃত্যৰ বিশাৰদ গৰিমা হাজৰিকাই দেশৰ বিভিন্ন স্থানত নৃত্য পৰিৱেশন কৰি সুনাম অৰ্জন কৰিছিল । গৰিমা হাজৰিকাই ৰচনা কৰিছিল কেইবাখনো নৃত্য-নাটিকা । তেওঁ ৰচনা কৰা ‘চেতনা’ নামৰ নৃত্য-নাটিকাখনে ৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰিছিল বিশেষ সমাদৰ । গুৱাহাটী মহানগৰীত গৰিমা হাজৰিকাই মিতালী কলাকেন্দ্ৰ স্থাপন কৰি সত্ৰীয়া আৰু ওডিছী নৃত্যৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছিল (Mitali Kala Kendra Guwahati)।

বিশিষ্ট নৃত্য পটিয়সীগৰাকী আছিল অসমীয়া ছবি জগতৰ এগৰাকী চিনাকী কলা নিৰ্দেশক তথা কৰিঅ’গ্ৰাফাৰ । সেন্দূৰকে ধৰি কেইবাখনো ছবিত তেওঁ কলা নিৰ্দেশনাৰ লগতে কৰিঅ’গ্ৰাফী কৰিছিল । ১৯৩৯ চনত গুৱাহাটীৰ উজানবজাৰ অঞ্চলত জন্মগ্ৰহণ কৰা গৰিমা হাজৰিকাই ২০০৬ চনত লাভ কৰিছিল সংগীত নাটক একাডেমী বঁটা (Sangeet Natak Akademi award to Garima Hazarika)। ইয়াৰ উপৰিও তেওঁক অসম সাহিত্য সভা, অসম নাট্য সন্মিলনীয়ে তেওঁক প্ৰদান কৰিছিল বিশেষ সন্মান ।

অসমৰ ভ্ৰাম্যমাণ জগতৰ নৃত্য নাটিকাৰ ক্ষেত্ৰটো গৰিমা হাজৰিকাই আনিছিল আমূল পৰিৱৰ্তন । শুকুৰবাৰে দিনত নৱগ্ৰহ শ্নশানত তেওঁৰ শেষকৃত কৰা হয় । নৃত্য শিল্পী গৰিমা হাজৰিকাৰ মৃত্যুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সাংস্কৃতিক মন্ত্ৰী বিমল বড়া আদিয়ে গভীৰ শোক প্ৰকাশ কৰিছে । এক শোক বার্তাত তেওঁলোকে কয় যে সত্ৰীয়া আৰু ওডিছী নৃত্যশিল্পীগৰাকীৰ মৃত্যু অসমৰ সাংস্কৃতিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি ।

সত্ৰীয়াৰ লগতে অন্যান্য শাস্ত্ৰীয় নৃত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত তেখেতে আগবঢ়াই যোৱা অৱদানৰ কথা সাংস্কৃতিক জগতখনে চিৰদিন মনত ৰাখিব । তেওঁলোকে বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা প্ৰকাশ কৰে ।

লগতে পঢ়ক: Assam arm wrestling player : আৰ্থিক সংকটত পাঞ্জা খেলুৱৈ আবেদ আলী হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.