Assam arm wrestling player : আৰ্থিক সংকটত পাঞ্জা খেলুৱৈ আবেদ আলী হাজৰিকা
Published: Aug 5, 2022, 1:47 PM

Assam arm wrestling player : আৰ্থিক সংকটত পাঞ্জা খেলুৱৈ আবেদ আলী হাজৰিকা
Published: Aug 5, 2022, 1:47 PM
তুৰ্কীৰ আন্টালিয়াত হ'বলগীয়া ৪৩ সংখ্যক বিশ্ব পাঞ্জা চেম্পিয়নশ্বিপত (43th World Arm wrestling Championship in Turkey) ভাৰতক প্ৰতিনিধিত্ব কৰিব লখিমপুৰৰ খেলুৱৈ আবেদ আলী হাজৰিকাই । কিন্তু খেলৰ পূৰ্বে আৰ্থিক সংকটত খেলুৱৈগৰাকী । প্ৰায় ২ লাখ টকা জমা দিব নোৱাৰিলে খেলৰ সুযোগৰ পৰা বঞ্চিত হ'ব খেলুৱৈগৰাকী ।
লখিমপুৰ,৫ আগষ্ট : বিশ্বৰ ভিন্ন প্ৰান্তত ভাৰতীয় খেলুৱৈৰ জয়যাত্ৰা অব্যাহত আছে । অসম তথা উত্তৰ-পূৱৰ খেলুৱৈসকলেও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে । এইবাৰ তুৰ্কীত পাঞ্জা খেলিবলৈ সুযোগ পাইছে অসমৰ লখিমপুৰৰ খেলুৱৈ আবেদ আলী হাজৰিকাই । নিজ প্ৰদৰ্শনৰ জৰিয়তে ভাৰতীয় দলত ইতিমধ্যে স্থান লাভ কৰিছে আবেদ আলী হাজৰিকাই ।
ভাৰতীয় দলটোৱে তুৰ্কীৰ আন্টালিয়াত হ'বলগীয়া ৪৩ সংখ্যক বিশ্ব পাঞ্জা চেম্পিয়নশ্বিপত (43th World Arm wrestling Championship in Turkey) অংশগ্রহণ কৰিব । আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ পোৱাৰ বাবে লখিমপুৰৰ আবেদ আলী হাজৰিকা যথেষ্ট সুখী হৈছে । আবেদ আলী হাজৰিকাই এই সুযোগ পোৱাৰ লগে লগে এতিয়া লখিমপুৰৰ ক্ৰীড়াপ্ৰেমীৰ মাজতো উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে ।
উল্লেখ্য যে দীৰ্ঘদিন ধৰি পাঞ্জা খেলি সুনাম অর্জন কৰা আবেদে শেহতীয়াকৈ হায়দৰাবাদৰ গাচ্চিবাউলি ইনড'ৰ ষ্টেডিয়ামত অনুষ্ঠিত ৪৪ সংখ্যক ৰাষ্ট্ৰীয় পাঞ্জা চেম্পিয়নশ্বিপত অংশগ্রহণ কৰি পদক লাভ কৰিছে । তাৰ পাছতে ভাৰতীয় দলত অংশগ্ৰহণৰ সুযোগ পাইছে আবেদে ।
কিন্তু বিশ্ব পাঞ্জা চেম্পিয়নশ্বিপলৈ নিৰ্বাচিত হোৱা আবেদ সম্প্রতি অৰ্থ সংকটত ভুগিছে (Arm wrestling player Abed Ali Hazarika in financial crisis)। তুৰ্কী যাত্রাৰ পূৰ্বে তেওঁ প্ৰায় দুই লাখ টকা জমা দিব লাগে । কিন্তু তাৰ বাবে সামৰ্থ নাই আবেদৰ । যাৰ বাবে দেশক প্ৰতিনিধিত্ব কৰি তুৰ্কীত পাঞ্জা চেম্পিয়নশ্বিপ খেলাৰ সপোন ভংগ হোৱাৰ উপক্রম ঘটিছে আবেদৰ । সেয়ে তেওঁক সহায়ৰ বাবে আবেদে চৰকাৰলৈ কাতৰ আহ্বান জনাইছে । পিছে আবেদৰ এই আহ্বানৰ প্ৰতি দল-সংগঠন বা চৰকাৰে কোনো পদক্ষেপ ল'ব নে সেয়া হে লক্ষণীয় হ'ব ।
