নিৰ্বাচন আয়োগৰ উদ্যোগত মহানগৰীত বাটৰ নাট প্ৰদৰ্শন

author img

By

Published : Sep 28, 2022, 10:49 PM IST

Election commision initiative for Linking Aadhaar card with photo voter ID card

ৰাইজৰ মাজত নিৰ্বাচন সম্বন্ধীয় সজাগতা বৃদ্ধিৰ বাবে নিৰ্বাচনী আয়োগৰ উদ্যোগত বাটৰ নাট প্ৰদৰ্শন (Election Commission organizes street play for public awareness) ৷

গুৱাহাটী,28 ছেপ্টেম্বৰ: আধাৰ কাৰ্ডক ফটোযুক্ত ভোটাৰ পৰিচয় পত্ৰৰ সৈতে সংযোগ কৰাৰ বাবে নাগৰিকৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে নিৰ্বাচনী আয়োগে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা (Linking of Aadhaar card with photo voter ID card)। ইয়াৰ অংশ হিচাপে সমগ্ৰ অসমতে এই সম্পৰ্কে সজাগতা সৃষ্টি কৰিবলৈ কামৰূপ মহানগৰ নিৰ্বাচনী জিলা বিষয়াৰ উদ্যোগত গুৱাহাটীৰ বাণিজ্য মহাবিদ্যালয়ত বুধবাৰে এক সজাগতা অভিযানৰ আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ।

ৰাজ্যৰ সকলো নিৰ্বাচনী জিলাত বাটৰ নাট প্ৰদৰ্শন আৰু ম'বাইল এল ই ডি ভানৰ জৰিয়তে সজাগতা সৃষ্টি কৰিবলৈ লোৱা এই অভিযানৰ শুভাৰম্ভ কৰে অসমৰ মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাড়েয়ে(Election commision initiative for Linking of Aadhaar card with photo voter ID card) ।

উদ্বোধনী ভাষণত নিৰ্বাচনী বিষয়াগৰাকীয়ে কয় যে, ভাৰতৰ নিৰ্বাচন আয়োগৰ তত্ত্বাৱধানত নিৰ্বাচন সম্পৰ্কীয় বিভিন্ন তথ্যৰ লগতে নতুন ভোটাৰৰ পঞ্জীয়ন বিষয়ক ব্যৱস্থাসমূহ নাগৰিকক অৱগত কৰিবলৈ প্ৰয়াস অব্যাহত আছে ।

Election commision initiative for Linking Aadhaar card with photo voter ID card
নিৰ্বাচন আয়োগৰ উদ্যোগত মহানগৰীত বাটৰ নাট প্ৰদৰ্শন

জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে আজিৰ এই পদক্ষেপে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰি ভোটাৰ তালিকাৰ সত্যাসত্য নিৰূপণৰ বাবে আধাৰ সংলগ্ন কৰিবলৈ নিৰ্বাচনী বিষয়াগৰাকীয়ে সকলোকে আহ্বান জনায় (Linking of Aadhaar card with photo voter ID card)) ।

সজাগতা সভাত যুটীয়া নিৰ্বাচনী বিষয়া এমিলি বৰুৱা, কামৰূপৰ অতিৰিক্ত উপায়ুক্ত মৃগাংক চৌধুৰী, কামৰূপ মহানগৰৰ নিৰ্বাচনী বিষয়া শেখৰণ ফুকন, গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ হোমেশ্বৰ কলিতা প্ৰমুখ্যে বহুকেইগৰাকী বিষয়া আৰু শিক্ষাৰ্থী উপস্থিত থাকে ।

লগতে পঢ়ক: তিনিদিনীয়া ভ্ৰমণ সূচীৰে উত্তৰ-পূৰ্বাঞ্চলত উপস্থিত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.