তিনিদিনীয়া ভ্ৰমণ সূচীৰে উত্তৰ-পূৰ্বাঞ্চলত উপস্থিত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

author img

By

Published : Sep 28, 2022, 10:22 PM IST

Defense Minister Rajnath Singh is on a three-day visit to the North East

তিনিদিনীয়া ভ্ৰমণ সূচীৰে উত্তৰ-পূৰ্বাঞ্চলত উপস্থিত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং(Defance minister Rajnath Singh)৷ মোহনবাৰী বিমান বন্দৰত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীক আদৰণি জনালে কৃষিমন্ত্ৰী অতুল বৰা আৰু ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে ৷

ডিব্ৰুগড়, ২৮ ছেপ্টেম্বৰ: দুৰ্গা পূজাৰ প্ৰাকক্ষণত তিনিদিনীয়া ভ্ৰমণ সূচীৰে উত্তৰ পূৰ্বাঞ্চললৈ আহিছে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং(Defance minister Rajnath Singh)। আজি আবেলি ডিব্ৰুগড়ৰ বিমান বন্দৰত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী গৰাকী । মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বিমান বন্দৰত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক আদৰণি জনায় কৃষি মন্ত্ৰী অতুল বৰা আৰু ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে ।

defense-minister-rajnath-singh-is-three-day-visit-to-north-east
তিনিদিনীয়া ভ্ৰমণ সূচীৰে উত্তৰ- পূৰ্বাঞ্চলত উপস্থিত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

বুধবাৰে সন্ধিয়া অসমৰ দিনজান সেনা শিবিৰত উপস্থিত হৈ সেনা শিবিৰটো পৰিদৰ্শন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে(Union minister visited the army camp) । ডিব্ৰুগড়ৰ বিমান বন্দৰৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী গৰাকী পোনে পোনে অৰুণাচল প্ৰদেশলৈ ৰাওনা হয় । ভ্ৰমণসূচীৰ সময়ছোৱাত অসম আৰু পূৱ অৰুণাচল প্ৰদেশৰ ফ্ৰন্টলাইন স্থানসমূহলৈ যাব বুলি তৃতীয় কৰৰ প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল অমিত শুক্লাই জনায় ৷

defense-minister-rajnath-singh-is-three-day-visit-to-north-east
তিনিদিনীয়া ভ্ৰমণ সূচীৰে উত্তৰ- পূৰ্বাঞ্চলত উপস্থিত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীক ভাৰত চীন সীমান্তত এল এ' চিৰ কাষৰ আন্তঃগাঁথনি উন্নয়নৰ লগতে সামৰ্থ্য বিকাশ আৰু কাৰ্যকৰী প্ৰস্তুতিৰ বিষয়ে লেফটেনেণ্ট জেনেৰেল আৰ.চি.তিৱাৰী এভিএছএম, ভিএছএম, জিঅ’চি ৩ কৰ্পছ আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলে অৱগত কৰে (Line of actual control) ।

defense-minister-rajnath-singh-is-three-day-visit-to-north-east
তিনিদিনীয়া ভ্ৰমণ সূচীৰে উত্তৰ- পূৰ্বাঞ্চলত উপস্থিত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

ইয়াৰ পিছতে প্ৰতিৰক্ষা মন্ত্ৰীয়ে দেশৰ পূৱ প্ৰান্তৰ সেনাৰ আন্তঃগাঁঠনিৰ কাৰ্যকৰী প্ৰস্তুতিৰ বিষয়ে পৰ্যালোচনা কৰে । এই ভ্ৰমণৰ সময়ত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীক ফ্ৰণ্টলাইনত নিয়োজিত থকা সৈন্যৰ কাৰ্যক্ষমতা বৃদ্ধিৰ বাবে অত্যাধুনিক সামৰিক সঁজুলি আৰু প্ৰযুক্তিৰ ব্যৱহাৰৰ সম্পৰ্কেও অৱগত কৰে ।

defense-minister-rajnath-singh-is-three-day-visit-to-north-east
তিনিদিনীয়া ভ্ৰমণ সূচীৰে উত্তৰ- পূৰ্বাঞ্চলত উপস্থিত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

প্ৰতিৰক্ষা মন্ত্ৰী সিঙে কাইলৈ অৰ্থাৎ বৃস্পতিবাৰে সীমান্তৰ ফৰৱাৰ্ড পোষ্টসমূহ ভ্ৰমণ কৰি অপাৰেচনেল প্ৰস্তুতিৰ ওপৰত বুজ ল’ব লগতে সৈন্যৰ সৈতে মত বিনিময় কৰিব । অৰুণাচল প্ৰদেশৰ স্থানীয় ইদু মিচিমি জনগোষ্ঠীৰ বাৰ্ষিক ট্ৰেকিং আথু পপুলৈ দ্বিতীয় ধৰ্মীয় অভিযানৰ সদস্যসকলৰ সৈতে মত বিনিময়ত অংশগ্ৰহণ কৰিব প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে । স্থানীয় লোকসকলক সমৰ্থন আৰু পৰ্যটন ক্ষেত্ৰৰ বিকাশৰ স্বাৰ্থত এই অনুষ্ঠানত ভাৰতীয় সেনাই অংশগ্ৰহণ কৰিব (Indian army) ৷

defense-minister-rajnath-singh-is-three-day-visit-to-north-east
তিনিদিনীয়া ভ্ৰমণ সূচীৰে উত্তৰ- পূৰ্বাঞ্চলত উপস্থিত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

কৃষিমন্ত্ৰী অতুল বৰা আৰু ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনৰ লগতে পৌৰপতি সাইকত পাত্ৰ, উপায়ুক্ত, আৰক্ষী উপ-মহা পৰিদৰ্শক আৰু আৰক্ষী অধীক্ষকে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক বিমান বন্দৰৰ পৰা আদৰি আনে ।

লগতে পঢ়ক: দেশৰ পৰৱৰ্তী প্ৰতিৰক্ষা মুৰব্বী লেফটেনেণ্ট জেনেৰেল অনিল চৌহান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.