SEBA HSLC Paper Leak Issue : আৰক্ষীয়ে আমাক একো জনোৱা নাই, প্ৰশ্নকাকত ফাদিলৰ প্ৰসংগত শিক্ষামন্ত্রী

author img

By

Published : Mar 15, 2023, 1:32 PM IST

Updated : Mar 15, 2023, 2:59 PM IST

Ranoj Pegu

উত্তৰ হাতত নাই শিক্ষা মন্ত্ৰীৰ । প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ বিষয় আৰক্ষীৰ হাতলৈ ঠেলি গা এৰা শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ । বিধানসভা চৌহদত সাংবাদিকৰ প্ৰশ্নত একপ্ৰকাৰ অসহায় দেখা গ'ল শিক্ষা মন্ত্ৰীক (education minister on HSLC paper leak) ।

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত শিক্ষা মন্ত্ৰীৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, ১৫ মাৰ্চ : উত্তৰ দি তৎ পোৱা নাই শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে । বিষয়টো স্পৰ্শকাতৰ আৰু গুৰুত্বপূৰ্ণ হোৱা বাবে বিভাগীয় মন্ত্রী হিচাপে প্ৰশ্নৰ সন্মুখীন হোৱাটো স্বাভাৱিক (education minister Ranoj Pegu on SEBA issue) । প্ৰশ্নকাকত ফাদিল হোৱা বাবে মেট্ৰিকৰ বিজ্ঞানৰ পৰীক্ষা বাতিল কৰা হৈছে যদিও ইতিমধ্যে পৰীক্ষা অনুষ্ঠিত হৈ যোৱা গণিতৰ প্ৰশ্নকাকতো ফাদিল হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে (education minister on HSLC paper leak) ।

যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (reaction on SEBA HSLC paper leak issue) । বিষয়টো সন্দৰ্ভত বুধবাৰে পুনৰ বিধানসভা চৌহদত সাংবাদিকৰ প্ৰশ্নৰ সন্মুখীন হয় শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগু । নিজৰ প্ৰতিক্ৰিয়াত তেওঁ কয় যে আৰক্ষীয়ে এতিয়ালৈকে আমাক একো কথা জনোৱা নাই । আৰক্ষীয়ে কৈছে তেওঁলোকক অলপ সময় লাগিব, তদন্ত চলি আছে । উল্লেখ্য যে মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলৰ তদন্ত অব্যাহত আছে আৰু ইতিমধ্যে ১৪ জনক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে ।

সমগ্ৰ ঘটনা সন্দৰ্ভত শিক্ষা মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে তদন্তকাৰী বিষয়াই এতিয়াই কোনো কথা সদৰী কৰা নাই । আৰক্ষীয়ে নিজৰ কাম কৰি আছে । য’ত যি শুধৰণি কৰিবলগা আছে, সেইখিনি কৰা হ'ব । সকলো এতিয়াই ক’ব পৰা হোৱা নাই বুলি উল্লেখ কৰি তেওঁ কয় যে আৰক্ষীৰ প্ৰতিবেদন নহালৈকে আগতীয়াকৈ কোনো কথা স্পষ্টকৈ ক’ব পৰা নাযায় । আনহাতে, থানাৰ পৰা প্ৰশ্নকাকত কেনেকৈ যাবলৈ পালে বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে সেয়া তদন্ত কৰা হ’ব । মন্ত্রীগৰাকীৰ এটাই কথা যে তদন্তৰ পাছতহে সকলো কথা জানিব পৰা যাব । গতিকে আৰক্ষীৰ তদন্তৰ প্ৰতিবেদনলৈ অপেক্ষা কৰক ।

উল্লেখ্য, হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাক লৈ এতিয়া ৰাজ্যজুৰি উত্তাল প্ৰতিবাদৰ সৃষ্টি হৈছে । লগতে নৈতিক দায়িত্ব স্বীকাৰ কৰি শিক্ষা মন্ত্ৰীৰ পদত্যাগৰো দাবী উঠিছে সৰ্বস্তৰত । কিন্তু তাৰ মাজতো এক প্ৰকাৰ নীৰৱে আছে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু । কোনো ধৰণৰ স্পষ্টীকৰণ দিয়াৰ পৰা বিৰত থকাৰ লগতে বিষয়টো সন্দৰ্ভত সকলো কথা আৰক্ষীৰ দিশে ঠেলি এক প্ৰকাৰ পলায়নবাদী মনোভাব লৈছে শিক্ষা মন্ত্ৰীয়ে ।

ইফালে ছেবাৰ ভূমিকা সন্দৰ্ভতো ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ (protest against HSLC paper leak) । ৰাজ্য চৰকাৰৰ ছত্ৰছায়াতে মাধ্যমিক শিক্ষা পৰিষদ ধ্বংসৰ ব্লুপ্ৰিণ্ট ৰচনা হোৱা বুলিও অভিযোগ উঠিছে । তাৰ মাজতে বুধবাৰে এই ঘটনাৰ উচিত তদন্ত দাবী কৰি বিধানসভা চৌহদ উত্তাল কৰে বিৰোধী কংগ্ৰেছে ।

লগতে পঢ়ক :HSLC Paper Leak : প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ তদন্তৰ বুজ ল'বলৈ ডিব্ৰুগড়ত জিপি সিং

Last Updated :Mar 15, 2023, 2:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.