ETV Bharat / state

Ranoj Pegu react on HSLC paper leak: অসমীয়াৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত শিক্ষামন্ত্রীৰ প্ৰতিক্ৰিয়া

author img

By

Published : Mar 17, 2023, 1:02 PM IST

Ranuj Pegu reaction on Assamese question paper leak
অসমীয়াৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত শিক্ষামন্ত্রীৰ প্ৰতিক্ৰিয়া

ইখনৰ পাছত সিখনকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা আৰু পৰীক্ষা বাতিল হোৱাৰ ঘোষণাৰ পাছতে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ(HSLC Question paper leak) । বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱা আৰু পৰীক্ষা বাতিল হোৱা ঘটনাৰ চাঞ্চল্য মাৰ নৌ যাওতেই পুনৰ অসমীয়া বিষয়ৰ পৰীক্ষা বাতিল হোৱা ঘটনাই যে জ্বলা জুইত ঘিউ ঢালিলে । ৰাজ্যজুৰি এই সন্দৰ্ভত প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে মুখ খুলিলে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ।

অসমীয়াৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত শিক্ষামন্ত্রীৰ প্ৰতিক্ৰিয়া

গুৱাহাটী,১৭ মাৰ্চ: সাধাৰণ বিজ্ঞানৰ পাছত অসমীয়া(HSLC Question paper leak) । মেট্ৰিক পৰীক্ষাৰ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱা আৰু পৰীক্ষা বাতিল কৰাক লৈ চলি থকা বিতৰ্কৰ মাজতে অসমীয়া বিষয়ৰ প্ৰশ্নকাকতো ফাদিল হৈছে(Assam HLSC paper leaked) । বৃহস্পতিবাৰে নিশা স্বয়ং মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি ৰাজহুৱা কৰে এই তথ্য(CM Himanta Biswa Sarma Tweet) । মুখ্যমন্ত্ৰী শৰ্মাই অসমীয়া পৰীক্ষা বাতিল কৰি নতুনকৈ অসমীয়া পৰীক্ষাৰ দিন ধাৰ্য কৰিবলৈ অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাক পৰামৰ্শ আগবঢ়াই(HSLC Exam Assamese Question Paper Leaked) ।

মুখ্যমন্ত্রীৰ এই টুইটৰ পাছতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই সন্দৰ্ভত শুকুৰবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে(Ranoj Pegu reaction on Assamese question paper leak) । অসম বিধানসভাৰ বাজেট অধিবেশনৰ(Budget Session of Assam Legislative Assembly) শুকুৰবাৰে অৰ্থাৎ পঞ্চম দিনা বিধানসভা চৌহদত সংবাদ মাধ্যমৰ আগত শিক্ষামন্ত্রীগৰাকীয়ে কয় যে অসমীয়াৰ প্ৰশ্নকাকত ফাদিল হোৱা বুলি মূল অভিযুক্তজনে স্বীকাৰ কৰাৰ পাছতে মুখ্যমন্ত্রীয়ে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে ।

মুখ্যমন্ত্রীৰ পৰামৰ্শ অনুসৰি পৰীক্ষাৰ দিন পুনৰ ধাৰ্য কৰা হ'ব । অসমীয়া বিষয়ৰ পৰীক্ষা কোন তাৰিখে হ'ব সেয়া ছেবাই ঘোষণা কৰিব(Assam Board of Secondary Education) । উল্লেখ যে ১৮ মাৰ্চত অসমীয়া বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ দিন আছিল । পিছে এতিয়া নতুনকৈ দিন ধাৰ্য কৰা হ'ব । আনহাতে গণিতৰো প্ৰশ্নকাকত ফাদিল হোৱা বুলি উত্থাপিত অভিযোগ সন্দৰ্ভত তেওঁ কয় যে সকলো ব্যৱস্থা তথ্যৰ আধাৰত গ্ৰহণ কৰা হয় ।

বিজ্ঞানৰ পৰীক্ষাৰ পূৰ্বে প্ৰশ্নকাকত ফাদিল হোৱাৰ তথ্য লাভ কৰাৰ পাছতে পৰীক্ষা বাতিল কৰা হয় । অসমীয়া বিষয়ৰ পৰীক্ষাও তথ্যৰ আধাৰত বাতিল কৰা হৈছে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত কৰিছে আৰু প্ৰতিবেদন দিছে আৰু তাৰ ভিত্তিতে ছেবাই সকলোখিনি পৰীক্ষা কৰি নিশ্চিতভাৱে সমগ্ৰ ব্যৱস্থাটোৰ ভুল-ত্রুতিসমূহ দূৰ কৰিব । ৰক্ষকেই ভক্ষক হ'লে এনে ঘটনা সংঘটিত হয় বুলিও তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰা পৰিলক্ষিত হয় ।

তেওঁ কয় যে যিসকল শিক্ষকৰ ওপৰত আস্থা ৰাখি এই পৰীক্ষাটো অনুষ্ঠিত কৰা হয় তেওঁলোকেই যদি এনেকুৱা কামত জড়িত হয় তেন্তে নিশ্চয় এইক্ষেত্রত অন্য কিবা ব্যৱস্থা গ্ৰহণ কৰিব লাগিব । যাতে পৰীক্ষা ত্রুতিহীন ভাৱে হয় । উচ্চতৰ মাধ্যমিকৰ প্ৰশ্নকাকত ফাদিল হোৱা বুলি অভিযোগ উত্থাপন হৈছিল যদিও সেয়া তথ্যহীন আছিল বাবে পৰীক্ষা নিৰ্ধাৰিত দিনত অনুষ্ঠিত হৈছিল ।

তথ্য-প্ৰমান পোৱাৰ বাবেই মেট্ৰিকৰ বিজ্ঞানৰ পৰীক্ষা বাতিল কৰা হৈছিল বুলি তেওঁ পুনৰ দোহাৰে । পৰীক্ষা কেন্দ্ৰৰ দায়িত্বত থকাজনেই যেতিয়া এনে কামত জড়িত হৈছে তেন্তে এইক্ষেত্রত উচ্চপৰ্যায়ত আলোচনা কৰি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলি তেওঁ কয় । তেওঁ লগতে কয় যে আৰক্ষীৰ তদন্তই যাক যাক সামৰি লয় সেই সকলোৰে বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।

কথা নাইবা অভিযোগৰ আধাৰত কাৰো বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব পৰা নোৱাৰি বুলি উল্লেখ কৰি তেওঁ কয় যে তথ্য-প্ৰমাণ থাকিলে নিশ্চয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব । ছেবাৰ বিষয়ববীয়াৰ বিৰুদ্ধেও কিবা অভিযোগ থাকিলে তেওঁ দিয়াৰ বাবে আহ্বান জনায় । প্ৰমাণিত হ'লে ব্যৱস্থা গ্ৰহণ কৰিম বুলি তেওঁ কয় । লগতে তেওঁ কয় যে সমগ্ৰ পৰীক্ষা ব্যৱস্থাটোত নতুনত্ব অনা হ'ব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.