ETV Bharat / state

মহানগৰীৰ দুটাকৈ স্থানত গ্ৰেপ্তাৰ ড্ৰাগছ সৰৱৰাহকাৰী

author img

By

Published : Mar 20, 2020, 10:30 PM IST

ড্ৰাগছ সৰৱৰাহকাৰী
মহানগৰীৰ দুটাকৈ স্থানত গ্ৰেপ্তাৰ ড্ৰাগছ সৰৱৰাহকাৰী

শুকুৰবাৰে মহানগৰীৰ দুটাকৈ স্থানত গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী ৷ যোৰাবাটত চিআইডিৰ অভিযান হেৰোইন সহ আটক কৰে এজন মহিলা আৰু দুজন লোকক ৷ আনহাতে,মহানগৰীৰ বেলতলা লখিমী নগৰৰ পৰা এজন ড্ৰাগছৰ বেহা লগত জড়িত যুৱক আটক কৰে ৷

গুৱাহাটী, 20 মাৰ্চঃ মহানগৰীৰ সমীপৱৰ্তী যোৰাবাটত চিআইডিৰ অভিযান ৷ অভিযানকালত হেৰোইনসহ আটক কৰে এজন মহিলা আৰু দুজন লোকক ৷ শুকুৰবাৰে চিআইডিৰ দলৰ গোপন সূত্ৰৰ ভিত্তিতে যোৰাবাটত দীৰ্ঘদিনৰ পৰা চলাই থকা ড্ৰাগজ ব্যৱসায়ীক হেৰোইনসহ আটক কৰিবলৈ সক্ষম হয়। মহিলা গৰাকীক আৰু হেৰোইন ব্যৱসায়ীজনক যোৰাবাটত ১০ মাইলৰ এখন হোটেলৰ পৰা আটক কৰে দলটোৱে। উল্লেখ্য যে,ড্ৰাগছ ব্যৱসায়ী বলোৰাম ৰাভাই যোৰাবাটত ঘনশ্যাম বস্তিত এন্ড্ৰিও বিশ্বাসৰ ঘৰত বিগত ৭ মাহমান ধৰি ভাড়াতীয়া হিচাপে আছিল। উক্ত ভাড়া ঘৰৰ পৰাই ১৫,৪০ গ্ৰাম হেৰোইন জব্দ কৰে অভিযানকাৰী দলটোৱে। জানিব পৰা অনুসৰি,আটকাধীন লোকদুজনে দীৰ্ঘদিন ধৰি যোৰাবাট অঞ্চলত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলায় আছিল ।

মহানগৰীৰ দুটাকৈ স্থানত গ্ৰেপ্তাৰ ড্ৰাগছ সৰৱৰাহকাৰী

আনহাতে,কৰ'ণা ভাইৰাছৰ ত্ৰাস চলা সময়ত মহানগৰীৰ বেলতলা লখিমী নগৰৰ পৰা হাতীগাঁও আৰক্ষী গ্ৰেপ্তাৰ কৰিছে এজন ড্ৰাগছৰ বেহা লগত জড়িত যুৱকক । নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায় কৰিবলৈ আহি হাতীগাওঁ আৰক্ষীৰ জালত পৰে ব্যৱসায়ী। ধৃত লোকজনৰ পৰা জব্দ বহুকেইটা কন্টেইনাৰ । ধৃতজনৰ নাম বাইহাটা চাৰিআলিত মৃদুল ডেকা। ধৃত জনৰ পৰা জব্দ এখন নতুন নম্বৰ প্লেটবিহীন দুচকীয়া বাহন।

মহানগৰীৰ দুটাকৈ স্থানত গ্ৰেপ্তাৰ ড্ৰাগছ সৰৱৰাহকাৰী

আৰু পঢ়কঃ কৰ'ণাৰ সন্ত্ৰাসঃ চৰকাৰৰ স্থিতি ৰাজ্যপালক জনালে সোণোৱাল-হিমন্তই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.