ETV Bharat / state

মহানগৰীত সুৰাপায়ীৰ বিৰুদ্ধে অভিযানত মন্ত্ৰী পৰিমল শুক্লবৈদ্য

author img

By ETV Bharat Assamese Team

Published : Jan 1, 2024, 4:58 PM IST

Drink and drive:৩১ ডিচেম্বৰৰ নিশা মহানগৰীত আৰক্ষী আৰু পৰিবহণ বিভাগৰ সুৰাপায়ী চালকৰ বিৰুদ্ধে চলা যৌথ অভিযানত মন্ত্ৰী পৰিমল শুক্লবৈদ্য । সুৰাপায়ী চালক বিহিলে জৰিমনা ।

Drunk and drive
সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান

সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান

গুৱাহাটী, ১ জানুৱাৰী: নৱবৰ্ষত দুৰ্ঘটনা ৰুধিবৰ বাবে মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশনাৰ পিছতে যান-বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে অধিক কঠোৰ হৈছে ৰাজ্যৰ আৰক্ষী প্ৰশাসন তথা পৰিবহণ বিভাগ । ৩১ ডিচেম্বৰৰ নিশা মহানগৰীৰ ৰাজপথত চলিল আৰক্ষী আৰু পৰিবহন বিভাগৰ সুৰাপায়ী চালকৰ বিৰুদ্ধে যৌথ অভিযান । এই অভিযানত নেতৃত্ব দিয়ে খোদ পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই । পৰিবহন আইন উলংঘা কৰি হেলমেট পৰিধান নকৰি অথবা চাৰিচকীয়া বাহনত চিট বেল্ট নলগোৱাকৈ অথবা সুৰা সেৱন কৰি গাড়ী চলোৱাৰ ফলত হ'ব পৰা দুৰ্ঘটনা সমূহ নিৰ্মূল কৰাৰ বাবে ৩১ ডিচেম্বৰৰ নিশা গুৱাহাটী আৰক্ষী আৰু পৰিবহণ বিভাগে চলাই এই অভিযান ।

এই অভিযানত প্ৰতিখন যান-বাহনৰ নথি-পত্ৰ নিৰীক্ষণ কৰাৰ লগতে হেলমেট নিপিন্ধা আৰু সুৰাপায়ী চালক সকলক জৰিমনা বিহা হয় । তদুপৰি সুৰাপায়ী চালকৰ অনুজ্ঞাপত্ৰ ৩ মাহ পৰ্যন্ত বাতিল কৰা হয় । মহানগৰীৰ বিভিন্ন স্থানৰ লগতে এবিচি,গণেশগুৰি,বেলতলা, হাতীগাঁও, খানাপাৰাত চলে পৰিবহন বিভাগ তথা আৰক্ষীৰ তালাচী অভিযান । পৰিবহন বিভাগৰ দুপৰনিশালৈ চলা এই অভিযানত পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ লগতে পৰিবহন বিভাগৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়া উপস্থিত থাকে ।

এই তালাচী অভিযানত উপস্থিত থাকি পৰিবহণ মন্ত্ৰীগৰাকীয়ে কয়," উৎসৱ পালনৰ নামত যাতে কোনো লোকে দুৰ্ঘটনাত পতিত হৈ মৃত্যুমুখত পৰিব লগা নহয় তাৰ কাৰণে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত আমি বিগত এমাহ ধৰি কাম কৰি আছো । নৱবৰ্ষৰ প্ৰথম দিনটোত যে কোনো লোকৰ ঘৰলৈ বেয়া পৰিবেশ বিৰাজ নকৰে সেয়েহে মই এই অভিযানত অংশ লৈছো । "

লগতে পঢ়ক:তথ্যপ্ৰযুক্তিৰ আগ্ৰাসনত নষ্টালজিয়া হৈ পৰিল নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপনৰ সেই গ্ৰিটিং কাৰ্ডখন !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.