ETV Bharat / state

Drinking water in Guwahati: গুৱাহাটীবাসীৰ খোৱাপানীৰ সমস্যাৰ‌ সমাধান কেতিয়া ?

author img

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 8:41 PM IST

গুৱাহাটীত নিতৌ ২৫৬.৪৬ নিযুত লিটাৰ খোৱাপানীৰ অভাৱ । ৭০ শতাংশ লোকে খোৱাপানী আঁচনিৰ পৰা বঞ্চিত হৈ থকাৰ অভিযোগ । পৌৰ নিগমৰ তিনিওটা প্ৰকল্পৰে যন্ত্ৰসমূহ বহু পুৰণি বাবে হ্ৰাস পাইছে পানী যোগান ক্ষমতা ।

Panbazar Water Supply Project
গুৱাহাটীত খোৱাপানীৰ সমস্যা

গুৱাহাটী, ৭ নৱেম্বৰ: গুৱাহাটীত খোৱাপানীৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত কোনো এখন চৰকাৰে বিশেষ গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই । নিৰ্বাচন আহিলে ৰাজনৈতিক দলবোৰৰ গুৱাহাটীৰ খোৱাপানীৰ সমস্যালৈ মনত পৰে । কিন্তু নিৰ্বাচন যোৱাৰ পিছত সকলো পাহৰি যায় । গুৱাহাটী পৌৰ নিগমৰ তথ্য মতে, মহানগৰীৰ ৭০ শতাংশ মানুহ চৰকাৰী খোৱাপানী আঁচনিৰ পৰা বঞ্চিত হৈ আছে । পৌৰ নিগমৰ এক তথ্য মতে, বৰ্তমানৰ জনসংখ্যা অনুযায়ী গুৱাহাটীত দৈনিক ৩২৮.৮৬ নিযুত লিটাৰ খোৱাপানীৰ প্ৰয়োজন । কিন্তু খোৱাপানীৰ যোগান ধৰি অহা তিনিটাকৈ চৰকাৰী বিভাগ ক্ৰমে গুৱাহটী পৌৰ নিগম, জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু গুৱাহাটী মহানগৰ পানী যোগান আৰু অনাময় পৰিষদে ইয়াৰে মাত্ৰ ৭২.৪০ নিযুত লিটাৰ পানীহে যোগান ধৰিবলৈ সক্ষম হয় ।

মহানগৰীত দৈনিক ২৫৬.৪৬ নিযুত লিটাৰ খোৱাপানীৰ অভাৱ থাকে । বৰ্তমান গুৱাহাটীত প্ৰায় ১০ হাজাৰ অটোভানে দৈনিক খোৱাপানী যোগান ধৰে । ইপিনে,গুৱাহাটীত যধেমধে বৰিঙৰ জৰিয়তে পানী আহৰণ কৰি থকাৰ ফলত বিভিন্ন ঠাইত ভূগৰ্ভস্থৰ পানী শুকোৱাৰ লগতে বহুত তললৈ নামি গৈছে ।‌ যাৰ বাবে গুৱাহাটীত বিভিন্ন ঠাইত দমকল অথবা কুঁৱাৰ পানী শুকাই গৈছে । গুৱাহাটী পৌৰ নিগমৰ এই পানী যোগান প্ৰকল্প তিনিটা ক্ৰমে পানবজাৰ পানী যোগান প্ৰকল্প, খাৰঘুলিৰ সাতপুখুৰী পানী যোগান প্ৰকল্প আৰু কামাখ্যা মন্দিৰৰ ওচৰত থকা কামাখ্যা পানীযোগান প্ৰকল্প ।

মনকৰিবলগীয়া যে গুৱাহাটী পৌৰ নিগমৰ প্ৰকল্প কেইটাৰে যোগান ধৰা পানী প্ৰায়ে ঘোলা, বালিৰ প্ৰলেপ থকা আৰু লেতেৰা হোৱাৰ অভিযোগ উঠে । উল্লেখ্য যে পৌৰ নিগমৰ তিনিওটা প্ৰকল্পৰে যন্ত্ৰসমূহ বহু পুৰণি । প্ৰকল্পকেইটাৰ পানী যোগান ধৰিব পৰা ক্ষমতা ক্ৰমাৎ হ্ৰাস আহিছে । সম্প্ৰতি পানবজাৰ পানী যোগান প্ৰকল্পৰ জৰিয়তে দৈনিক ২২.৫০ নিযুত লিটাৰ খোৱাপানী যোগান ধৰা হয় । আকৌ খাৰঘুলিৰ সাতপুখুৰী পানী যোগান প্ৰকল্প জৰিয়তে দৈনিক ১৫.৭৫ নিযুত লিটাৰ খোৱাপানী যোগান ধৰা হয় । আনহাতে, কামাখ্যা মন্দিৰৰ ওচৰত থকা কামাখ্যা পানী যোগান প্ৰকল্পৰ জৰিয়তে দৈনিক ৩ নিযুত লিটাৰ খোৱাপানী যোগান ধৰা হয় । ব্ৰহ্মপুত্ৰ নদীৰ পৰা পানী উত্তোলন কৰি গুৱাহাটীবাসীক ২৪ ঘণ্টাই খোৱাপানী যোগান ধৰাৰ বাবে যোৱা ৮-৯ বছৰৰ ধৰি চলি থকা চাৰিটা পানী যোগান প্ৰকল্পৰ কাম চৰম দুৰ্নীতি আৰু অনিয়মৰ বাবে এটাও প্ৰকল্প সম্পূৰ্ণ হোৱা নাই ।

২০১০ চনতে আৰম্ভ হোৱা পশ্চিম গুৱাহাটী পানী যোগান প্ৰকল্পৰ বহু পানীৰ পাইপ বেয়া হৈ পৰিছে । আকৌ জাইকাৰ বিত্তীয় সাহায্য়ৰে ২০১২ চনৰ পৰা কৰি থকা কেন্দ্ৰীয় গুৱাহাটী পানী যোগান প্ৰকল্পৰ কাম আংশিকভাবেহে সম্পূৰ্ণ হৈছে । আনহাতে, পূব গুৱাহাটী পানী যোগান প্ৰকল্পৰ কাম দুবছৰ ধৰি বন্ধ হৈ আছে । উল্লেখ্য যে যোৱা কিছুদিন পূৰ্বে জাইকাৰ বিত্তীয় সাহায্য়ৰে ২০১২ চনৰ পৰা কৰি থকা কেন্দ্ৰীয় গুৱাহাটী পানী যোগান প্ৰকল্পৰ কাম আংশিকভাবে সম্পূৰ্ণ কৰি মাত্ৰ ১১,০০০ হাজাৰ মানুহক খোৱা পানী যোগান ধৰাৰ কাম আৰম্ভ কৰিছে ।‌ লক্ষনীয় যে এই প্ৰকল্পটোৰে কেন্দ্ৰীয় গুৱাহাটীৰ ২.৫ লাখ মানুহক খোৱাপানী যোগানৰ লক্ষ্য ‌নিৰ্ধাৰণ কৰা আছিল ।

লগতে পঢ়ক:Minister Ashok Singhal: এই মাহতে ১৫ হাজাৰ লোকে লাভ কৰিব খোৱাপানী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.