ISC exam result 2022 : দ্বিতীয় স্থান উজলিল ধ্ৰুৱ হিমতসিংকাৰ

author img

By

Published : Jul 25, 2022, 10:34 PM IST

ISC exam result 2022
দেশৰ ভিতৰতে দ্বিতীয় স্থান লাভ ধ্ৰুৱ হিমতসিংকাৰ ()

সদ্য ঘোষিত দ্বাদশ শ্ৰেণীৰ ISC পৰীক্ষাত (ISC exam result 2022) দেশৰ ভিতৰতে দ্বিতীয় স্থান লাভ গৌৰৱ কঢ়িয়াই আনিছে গুৱাহাটীৰ ছাত্ৰ ধ্ৰুৱ হিমতসিংকাই ৷ ধ্ৰুৱ হিমতসিংকা গুৱাহাটী মহানগৰীৰ সংস্কৃতি দ্যা গুৰুকুলৰ (Sanskriti the gurukul) ছাত্ৰ ৷

গুৱাহাটী, ২৫ জুলাই : সৰ্বভাৰতীয় পৰ্যায়ত সদ্যঘোষিত দ্বাদশ শ্ৰেণীৰ ISC পৰীক্ষাত (ISC exam result 2022) দেশৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰি সাফল্য অৰ্জন কৰিছে গুৱাহাটীৰ ছাত্ৰ ধ্ৰুৱ হিমতসিংকাই (Dhruv Himatsingka get 2nd rank in ISC exam result 2022)। গুৱাহাটী মহানগৰীৰ সংস্কৃতি দ্যা গুৰুকুলৰ (Sanskriti the gurukul) ছাত্ৰ ধ্ৰুৱই এই পৰীক্ষাত ৯৯.৫০% লাভ কৰিবলৈ সক্ষম হৈছে ৷

ছাত্ৰগৰাকীৰ এই সফলতাত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে অভিভাৱকৰ লগতে শিক্ষানুষ্ঠানখনৰ কৰ্তৃপক্ষ ৷ জানিব পৰা মতে, কৃৰ্তী ছাত্ৰগৰাকীয়ে গণিত ১০০, কম্পিউটাৰ বিজ্ঞান ১০০, ইংৰাজী ৯৯, পদাৰ্থ বিজ্ঞান ৯৯, ৰসায়ন বিজ্ঞানত ৯৯ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ।

ISC exam result 2022
দেশৰ ভিতৰতে দ্বিতীয় স্থান লাভ ধ্ৰুৱ হিমতসিংকাৰ

উল্লেখ্য যে, শিক্ষানুষ্ঠানখনৰ পৰা ৫০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল । তাৰ ভিতৰত ৩৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ৯০ % ওপৰত লাভ কৰাৰ বিপৰীতে ৮০-৭৯.৭৫ % নম্বৰ লাভ কৰিছে ১৩ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ।

লগতে পঢ়ক : HS final result 2022: প্ৰশাসনিক বিষয়া হোৱাৰ মন কলা শাখাৰ চতুৰ্থ স্থানপ্ৰাপ্ত নলবাৰীৰ প্ৰিয়ংকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.