ETV Bharat / state

Desh Bhakti Divas : মহানগৰীত ৰাজ্যিক ভিত্তিত দেশ ভক্তি দিৱস পালন

author img

By

Published : Jul 29, 2023, 1:47 PM IST

Desh Bhakti Divas observed
দেশ ভক্তি দিৱস

তথ্য আৰু জনসংযোগ সঞ্চালকালয়, অসমৰ উদ্যোগত ভৰলুমুখৰ দেশভক্ত তৰুণৰাম ফুকন উদ্যানত দেশভক্তি দিৱস পালন ৷ অহা বৰ্ষৰ পৰা এই দিৱসৰ অনুষ্ঠানৰ পূৰ্বে সমগ্ৰ ৰাজ্য জুৰি দেশভক্ত তৰুণৰাম ফুকনৰ জীৱন আৰু কৰ্মৰ বিষয়ে ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰা হ'ব বুলি ঘোষণা মন্ত্ৰী পীযুষ হাজৰীকাৰ ৷

দেশ ভক্তি দিৱস পালন

গুৱাহাটী , ২৯ জুলাই : তথ্য আৰু জনসংযোগ সঞ্চালকালয়, অসমৰ উদ্যোগত দেশভক্তি দিৱস পালন ৷ শুকুৰবাৰে তৃতীয় বাৰৰ বাবে মহানগৰীৰ ভৰলুমুখৰ দেশভক্ত তৰুণৰাম ফুকন উদ্যান অনুষ্ঠিত হোৱা দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যুদিৱস উপলক্ষে ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হয় দেশ ভক্তি দিৱস ৷ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰীকা ৷ মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণ প্ৰসংগত কয় যে, অহা বৰ্ষৰ পৰা এই দিৱসৰ অনুষ্ঠানৰ পূৰ্বে সমগ্ৰ ৰাজ্য জুৰি দেশভক্ত তৰুণৰাম ফুকনৰ জীৱন আৰু কৰ্মৰ বিষয়ে ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰা হ'ব ৷ এই প্ৰতিযোগিতাত স্থান প্ৰাপ্ত সকলক ৰাজ্যিক পৰ্যায়ত সন্মানিত কৰাৰ লগতে এই প্ৰতিযোগিতাৰ নিৰ্বাচিত ৰচনাসমূহ সংকলন হিচাপে ৰাজ্য চৰকাৰৰ জনসংযোগ বিভাগৰ তৰফৰ পৰা গ্ৰন্থ আকাৰে প্ৰকাশৰ ব্যৱস্থা কৰা হ'ব বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷

তেওঁ মহান মনীষী জনাৰ সংগ্ৰাম আৰু অতুল্য দেশ সেৱাক শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে তেখেতলৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰি কয়, ১৯৩৭ চনত প্ৰথম বাৰৰ বাবে গঠিত হোৱা " Assam Legislative Assembly" ত মুখ্যমন্ত্ৰী হিচাপে (তেতিয়াৰ প্ৰধানমন্ত্ৰী) অধিষ্ঠিত হোৱা চৈয়দ মহম্মদ ছাদুল্লাই "গ্ৰ' ম'ৰ ফুড" আঁচনিৰ দ্বাৰা পূৰ্ব বংগীয় বহু মুছলমানক অসমলৈ আনি মাটি-ভেঁটিৰে সংস্থাপিত কৰিছিল আৰু অসমক মুছলমান প্ৰধান ৰাজ্যত পৰিণত কৰি পাকিস্তানত অন্তৰ্ভুক্ত কৰাৰ কুটিল ষড়যন্ত্ৰ কৰিছিল ৷ কিন্তু অদম্য সাহস আৰু অনন্য দেশভক্তিৰ পৰিচয় দি দেশভক্ত তৰুণৰাম ফুকন আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ প্ৰয়াসত ছাদুল্লাৰ এই ষড়যন্ত্ৰ সফল নহ'ল আৰু আই অসমীৰ স্বাভিমান ৰক্ষা পৰিল ৷

দুয়োগৰাকী মহান অসমীয়াৰ সাহস-সেৱা আৰু ৰাষ্ট্ৰপ্ৰেমৰ বাবেই আজি অসমীয়া জাতিয়ে সগৌৰৱেৰে জীয়াই থাকিব পাৰিছে বুলি মন্তব্য কৰে মন্ত্ৰীজনে ৷ এই অনুষ্ঠানত দেশভক্ত তৰুণৰাম ফুকনৰ নাতিদ্বয় জিতেন্দ্ৰৰাম ফুকন, ডাঃ হেমেন্দ্ৰৰাম ফুকন, অসম ৰাজ্যিক পৰিবহণ নিগমৰ উপাধ্যক্ষ প্ৰণৱ জ্যোতি লহকৰ, তথ্য, জনসংযোগ, মুদ্ৰণ আৰু লেখন সামগ্ৰী বিভাগৰ সচিব অৰুন্ধতী চক্ৰৱৰ্তী, সঞ্চালক মানবেন্দ্ৰ দেৱ ৰায় আৰু আন আন বিশিষ্ট ব্যক্তি সকল আৰু তৰুণ ৰাম ফুকনৰ পৰিয়ালবৰ্গ উপস্থিত থাকে ৷

লগতে পঢ়ক : Poet Hiren Bhattacharyya: অসমীয়া জাতিটোক জানিবলৈ হীৰুদাকো জনাটো দৰকাৰ; গণশিল্পী লোকনাথ গোস্বামী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.