ETV Bharat / state

ৰাজ্যত গো-মাংসৰ মুক্ত বেহা বন্ধ কৰাৰ বাবে ন্যায়ালয়ত গোচৰ

author img

By

Published : Feb 8, 2021, 10:18 PM IST

as_ghy_delhi-advocate-issued-complain-to-ban-illegal-cattle-slaughtering-in-assam_vis_7209319
ৰাজ্যত গো-মাংসৰ মুক্ত বেহা বন্ধ কৰাৰ বাবে ন্যায়ালয়ত গোচৰ অধিবক্তাৰ

ৰাজ্যৰ ভিন্ন প্ৰান্তত কোনো ধৰণৰ অনুজ্ঞাপত্ৰ অবিহনে পথৰ কাষতে মুক্তভাৱে চলি আহিছে গো-মাংসৰ অবৈধ বেহা ৷ ইয়াৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে এগৰাকী অধিবক্তা ৷

গুৱাহাটী,8 ফেব্ৰুৱাৰী: ৰাজ্যত অবাধে চলি থকা গো-মাংসৰ মুক্ত বেহা বন্ধ কৰাৰ সন্দৰ্ভত ন্যায়ালয়ত গোচৰ তৰিলে দিল্লীৰ এগৰাকী অধিবক্তাই ৷ আৰক্ষী প্ৰশাসনৰ চকুৰ সন্মুখতে অবাধে গো-ধন সমূহ অবৈধভাৱে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা সৰবৰাহ কৰি বে-আইনীভাৱে গো-মাংসৰ মুক্ত বেহা চলাই নিয়াৰ অভিযোগ উত্থাপন কৰিছে দিল্লী উচ্চ ন্যায়ালয়ৰ অধিবক্তা শ্বেতা আগৰৱালাই ৷

অধিবক্তাগৰাকীয়ে অভিযোগ উত্থাপন কৰা অনুসৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত কোনো ধৰণৰ অনুজ্ঞাপত্ৰ অবিহনে পথৰ কাষতে মুক্তভাৱে চলি আহিছে গো-মাংসৰ অবৈধ বেহা ৷ বিশেষকৈ নগাঁও, তেজপুৰ, বিশ্বনাথ আদি জিলাত একাংশ বিশেষ সম্প্ৰদায়ৰ অধ্যুষিত অঞ্চলত চলিছে এই মুক্ত বেহা ৷ বছৰি কোটি কোটি টকাৰ কৰ ফাঁকি দি একাংশ আৰক্ষীৰ ছত্ৰ-ছায়াতে গো-ধনসমূহ গোপনে সৰবৰাহ কৰি বিক্ৰী কৰাৰ অভিযোগ শ্বেতা আগৰৱালাৰ ৷ এই সন্দৰ্ভত অধিবক্তাগৰাকীয়ে বিশ্বনাথ আৰু দৰং জিলাত একাংশ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে ৷

ৰাজ্যত গো-মাংসৰ মুক্ত বেহা বন্ধ কৰাৰ বাবে ন্যায়ালয়ত গোচৰ অধিবক্তাৰ

অধিবক্তা গৰাকীৰ অভিযোগৰ ভিত্তিতেই বিশ্বনাথ আৰক্ষীয়ে ৮ খনকৈ আৰু নগাঁও জিলাৰ কলিয়াবৰ আৰক্ষীয়ে এখনকৈ গৰু ভৰ্তি বাহন জব্দ কৰে ৷ কিন্তু তাৎপৰ্যপূৰ্ণভাৱে আৰক্ষীয়ে এই মুহুৰ্তলৈকে ঘটনা সন্দৰ্ভত আটক কৰিবলৈ সক্ষম হোৱা নাই এজনো অভিযুক্তক ৷ সমগ্ৰ বিষয় সন্দৰ্ভত অধিবক্তা শ্বেতাই বন্যপ্ৰাণী সংৰক্ষিত আইনৰ অধীনত বিশ্বনাথ আৰু দৰং আদালতত গোচৰ ৰুজু কৰিছে ৷ সোমবাৰে এই সমগ্ৰ বিষয় সন্দৰ্ভত অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানক সাক্ষাৎ কৰে অধিবক্তা শ্বেতা আগৰৱালাই ৷

লগতে পঢ়ক-11 ফেব্ৰুৱাৰীত অখিল গগৈৰ জামিন সন্দৰ্ভত ৰায়দান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.