উপ ৰাষ্ট্ৰপতিৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত মহানগৰীত যান-বাহন চলাচলত নিষেধাজ্ঞা

author img

By

Published : Sep 21, 2022, 6:04 PM IST

dcp

দেশৰ উপ-ৰাষ্ট্ৰপতি জগদ্বীপ ধনখৰৰ (Vice President of India Jagdeep dhankhar) ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী মহানগৰীৰ কিছুমান ৰাজপথত কেতবোৰ যান-বাহনৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে (Jagdeep Dhankhar Assam visit) ।

গুৱাহাটী, ২১ ছেপ্টেম্বৰ : দেশৰ উপ-ৰাষ্ট্ৰপতি জগদ্বীপ ধনখৰৰ (Vice President of India Jagdeep Dhankhar) ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী মহানগৰীৰ কিছুমান ৰাজপথত কেতবোৰ যান-বাহনৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে (Jagdeep dhankhar Assam visit) ।

এই সন্দৰ্ভত মহানগৰ আৰক্ষীৰ যান-বাহন শাখাৰ উপ-আৰক্ষী আয়ুক্ত হিৰণ্য কুমাৰ বৰ্মনে বুধবাৰে পাণবজাৰত থকা কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত (DCP press meet on Guwahati traffic control) কয় যে উপ-ৰাষ্ট্ৰপতিৰ আগমনৰ বাবে ২২ ছেপ্টেম্বৰত পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ মহানগৰৰ অন্তৰ্গত ২৭ নং আৰু ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ছয় বা ততোধিক চকাযুক্ত বাণিজ্যিক মালবাহী বাহনৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।

উপ ৰাষ্ট্ৰপতিৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত মহানগৰীত যান-বাহন চলাচলত নিষেধাজ্ঞা

আনহাতে, ২২ ছেপ্টেম্বতৰ পুৱা ৯ বজাৰ পৰা দুপৰীয়া ৩.৩০ বজালৈ মহানগৰীৰ এম জি ৰোড, ডি জি ৰোড, এ টি ৰোড, কে এল বি ৰোড, তৈয়বুল্লাহ ৰোড, জি এন বি ৰোড, বি বৰুৱা ৰোড, জি এছ ৰোড আৰু পাঞ্জাবাৰী ৰোডত সৰু, মজলীয়া আৰু গধুৰ সকলো ধৰণৰ বাণিজ্যিক মালবাহী বাহনৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।

আনহাতে, বৃহস্পতিবাৰে এই ক্ষেত্ৰত সকলোৰে সহায়-সহযোগিতা কামনা কৰিছে মহানগৰ যান-বাহন আৰক্ষীয়ে । উল্লেখ্য যে শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত লোকমন্থন অনুষ্ঠানত বৃহস্পতিবাৰে অংশগ্ৰহণ কৰিব উপ-ৰাষ্ট্ৰপতিয়ে (Lokmanthan programme at Kalkshyetra Guwahati)।

লগতে পঢ়ক :অসমৰ মন্ত্ৰীৰ অদক্ষতাৰ বাবে অৰুণাচলৰ হাতত অসমৰ বহু মাটি : আপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.