ETV Bharat / state

দ্বিতীয় দিনা অনুশীলন কৰিলে ৰবীন উথাপাই

author img

By

Published : Feb 28, 2020, 6:06 PM IST

দ্বিতীয় দিনা অনুশীলন কৰিলে ৰবীন উথাপাই
দ্বিতীয় দিনা অনুশীলন কৰিলে ৰবীন উথাপাই

ৰাজস্থান ৰয়েলছ দলৰ হৈ খেলা অসমৰ খেলুৱৈ ৰিয়ান পৰাগ প্ৰথমদিনা নেটত বেটিং অনুশীলন কৰা দেখা যায় যদিও গুৱাহাটীত অন্য এখন খেলত অংশগ্ৰহণ কৰাৰ বাবে আজি অনুশীলনত উপস্থিত নাথাকে ৰিয়ান পৰাগ। ৰাজস্থান ৰয়েলছৰ খেলুৱৈ সকলে বৰ্ষাপাৰাৰ অসম ক্ৰিকেট সন্থা ষ্টেডিয়ামত তিনিদিনীয়া অনুশীলনত অংশগ্ৰহণ কৰিবলৈ বৃহস্পতিবাৰে গুৱাহাটীত উপস্থিত হৈছিল।

গুৱাহাটী,28 ফেব্ৰুৱাৰীঃ অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামত বৃহস্পতিবাৰৰ পৰা ৰাজস্থান ৰয়েলছৰ খেলুৱৈ সকলে গুৱাহাটীত অনুষ্ঠিত হ'বলগা আই পি এলৰ দুখন মেচৰ বাবে অনুশীলন আৰম্ভ কৰে। প্ৰথমদিনা দলটোৰ ৭ খেলুৱৈ অনুশীলন চলাইছিল যদিও দলটোৰ অন্যতন তাৰকা খেলুৱৈ ৰবীন উথাপাই দ্বিতীয়দিনা অনুশীলনত অংশগ্ৰহণ কৰে।

দ্বিতীয় দিনা অনুশীলন কৰিলে ৰবীন উথাপাই
অহা ২৯ মাৰ্চৰ পৰা আৰম্ভ হ'বলগীয়া আই পি এলৰ দুখন মেচ অনুষ্ঠিত হ'ব গুৱাহাটীত। ৰাজস্থান ৰয়েলছৰ দুখনকৈ মেচ অনুষ্ঠিত হ'ব গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত অসম ক্ৰিকেট সন্থা ষ্টেডিয়ামত। মেচ দুখনৰ বাবে বৃহস্পতিবাৰৰ পৰা ৰাজস্থান ৰয়েলছৰ খেলুৱৈ সকলে অনুশীলন আৰম্ভ কৰে অসম ক্ৰিকেট সন্থা ষ্টেডিয়ামত। প্ৰথমদিনা আবেলি ৪ বজাত ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছৰ খেলুৱৈসকল উপস্থিত হৈ অনুশীলনত অংশগ্ৰহণ কৰে যদিও দ্বিতীয়দিনা পুৱা ১১ বজাত ষ্টেডিয়ামত অনুশীলনৰ বাবে উপস্থিত হয় ৰাজস্থান ৰয়েলছৰ খেলুৱৈ সকল। প্ৰথমদিনা অনুশীলনত ৰাজস্থান ৰয়েলছৰ ৭ গৰাকীকৈ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল যদিও গুৱাহাটীত উপস্থিত নোহোৱাৰ বাবে দলটোৰ অন্যতম তাৰকা খেলুৱৈ ৰবীন উত্থাপাই দ্বিতীয়দিনা অনুশীলনত ভাগ লয়। ৰাজস্থান ৰয়েলছ দলৰ হৈ খেলা অসমৰ খেলুৱৈ ৰিয়ান পৰাগ প্ৰথমদিনা নেটত বেটিং অনুশীলন কৰা দেখা যায় যদিও গুৱাহাটীত অন্য এখন খেলত অংশগ্ৰহণ কৰাৰ বাবে আজি অনুশীলনত উপস্থিত নাথাকে ৰিয়ান পৰাগ। ৰাজস্থান ৰয়েলছৰ খেলুৱৈ সকলে বৰ্ষাপাৰাৰ অসম ক্ৰিকেট সন্থা ষ্টেডিয়ামত তিনিদিনীয়া অনুশীলনত অংশগ্ৰহণ কৰিবলৈ বৃহস্পতিবাৰে গুৱাহাটীত উপস্থিত হৈছিল। দলটোৱে শনিবাৰ পৰ্যন্ত অসম ক্ৰিকেট সন্থা ষ্টেডিয়ামত অনুশীলন চলাই দেওবাৰে উভতি যাব বুলি জানিব পৰা গৈছে। প্ৰথমদিনাৰ দৰে দ্বিতীয়দিনাও ৰাজস্থান ৰয়েলছৰ খেলুৱৈ সকলৰ অনুশীলনৰ সময়ত ৰাজস্থান ৰয়েলছ দলৰ বিষয়া সকলৰ লগতে ষ্টেডিয়ামত উপস্থিত থকা অসম ক্ৰিকেট সন্থাৰ কেইবাগৰাকী বিষয়া। উল্লেখ্য যে ৰাজস্থান ৰয়েলছৰ দলটোৱে ৫ আৰু ৯ এপ্ৰিলত গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত অসম ক্ৰিকেট সন্থা ষ্টেডিয়ামত দুখনকৈ মেচ খেলিব। ৫ এপ্ৰিলত দলটোৱে দিল্লী কেপিটেলৰ বিৰুদ্ধে আৰু ৯ এপ্ৰিলত কলকাতা নাইট ৰাইদাৰছ বিপক্ষে মেচত অৱতীৰ্ণ হ'ব।

লগতে চাওকঃ

সুঃখবৰ ! ভাৰত পাকিস্তানৰ মাজত ক্ৰিকেট মেচ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.