ETV Bharat / state

Cyber crime Bust in Guwahati: চাইবাৰ অপৰাধীৰ বিৰুদ্ধে বশিষ্ঠ চাৰিআলিত ক্ৰাইম ব্ৰাঞ্চৰ অভিযান

author img

By ETV Bharat Assamese Team

Published : Sep 21, 2023, 6:52 PM IST

Crime Branch Operation Against Cyber Criminals
ক্ৰাইম ব্ৰাঞ্চৰ ধাৰাবাহিক অভিযান

মহানগৰীৰ বশিষ্ঠ চাৰিআলিত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চৰ অভিযান ৷ মেঘা প্লাজাৰ দ্বিতীয় মহলাত থকা INFINITY HOLIDAYS নামৰ এটা কল চেণ্টাৰত চলে এই অভিযান ৷

বশিষ্ঠ চাৰিআলিত ক্ৰাইম ব্ৰাঞ্চৰ অভিযান

গুৱাহাটী, ২১ ছেপ্টেম্বৰ : চাইবাৰ অপৰাধীৰ বিৰুদ্ধে মহানগৰীত আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চৰ ধাৰাবাহিক অভিযান অব্যাহত আছে ৷ বৃহস্পতিবাৰৰ দিনটোত মহানগৰীৰ বশিষ্ঠ চাৰিআলিত ক্ৰাইম ব্ৰাঞ্চে পুনৰ এক অভিযান চলায় ৷ মেঘা প্লাজাৰ দ্বিতীয় মহলাত থকা INFINITY HOLIDAYS নামৰ এটা কল চেণ্টাৰত চলাই এই অভিযান ৷

উল্লেখ্য যে পূৰ্বে গ্ৰেপ্তাৰ হোৱা চাইবাৰ অপৰাধীৰ মুখত ওলাইছে ভয়ংকৰ তথ্য ৷ সেই তথ্যৰ ভিত্তিতে পূৰ্বে গ্ৰেপ্তাৰ হোৱা মূল চাইবাৰ অপৰাধী ৰাজন চিদানা আৰু দিব্যম অৰোৰাক লগত লৈ ক্ৰাইম ব্ৰাঞ্চে চলাইছে এই অভিযান ৷ উল্লেখযোগ্য যে বিগত কেইটামান দিনত গুৱাহাটী আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চে কেইবাটাও ভুৱা কল চেণ্টাৰত অভিযান চলাই প্ৰায় দুশৰো অধিক প্ৰৱঞ্চকক আটক কৰাৰ লগতে আটক কৰিছিল এই সমগ্ৰ ৰেকেটটোৰ তিনিটা মাষ্টাৰমাইণ্ডক ৷

এই আটাইকেইটা অপৰাধীক আটক কৰি আৰক্ষীয়ে অব্যাহত ৰাখিছিল সোধা-পোচা ৷ আটক হোৱা একাংশক আৰক্ষীয়ে মুকলি কৰি দিছে যদিও পুনৰ প্ৰয়োজন হ’লে মাতি পঠাব বুলি জানিবলৈ দিছিল ৷ উল্লেখ্য যে 14 ছেপ্টেম্বৰৰ পৰা আৰক্ষীয়ে গুৱাহাটীত চলি থকা ভুৱা কল চেণ্টাৰসমূহৰ বিৰুদ্ধে অভিযান চলাইছিল ৷ আজি বশিষ্ঠ চাৰিআলিত অভিযান চলোৱা ভুৱা কল চেণ্টাৰটোতো নিশা হ’লে কাম আৰম্ভ হয় বুলি স্থানীয় লোক সকলে জানিবলৈ দিয়ে ৷

এই ভুৱা কল চেণ্টাৰসমূহৰ সৈতে এটা বৃহৎ আন্তঃৰাষ্ট্ৰীয় চক্ৰ জড়িত হৈ থাকে বুলি জানিব পৰা গৈছে ৷ বিশেষকৈ বহিঃৰাষ্ট্ৰৰ লোকসকলক টাৰ্গেট কৰে এই চক্ৰটোৱে ৷ আনহাতে দেশৰ বিভিন্ন ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীসকলক সামাজিক মাধ্যমৰ জৰিয়তে জাল পেলাই এই অপৰাধত জড়িত কৰোৱাই ৷ কেৱল বহিঃৰাষ্ট্ৰই নহয়, উত্তৰ-পূৰ্বাঞ্চলৰ লগতে দেশৰ আন আন ৰাজ্যৰ বহু লোকৰ পৰাও প্ৰৱঞ্চনাৰে কোটি কোটি টকা প্ৰৱঞ্চনাৰে হৰলুকি কৰি আহিছে এই অপৰাধী চক্ৰটোৱে ৷

লগতে পঢ়ক : Amrit Kalash Yatra: গুৱাহাটীতো আৰম্ভ হ’ল অমৃত কলহ যাত্রা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.