ETV Bharat / state

Cricket World Cup 2023 : বর্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব এদিনীয়া বিশ্বকাপ ক্ৰিকেটৰ চাৰিখনকৈ ৱার্ম-আপ মেচ

author img

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 4:30 PM IST

Updated : Sep 28, 2023, 5:51 PM IST

Cricket World Cup 2023
এদিনীয়া বিশ্বকাপ ক্ৰিকেট

এদিনীয়া বিশ্বকাপ ক্ৰিকেটৰ চাৰিখনকৈ ৱার্ম-আপ মেচ অনুষ্ঠিত হ'ব গুৱাহাটীৰ বর্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ৷ শুকুৰবাৰে বিয়লি বর্ষাপাৰাত অনুষ্ঠিত হ'ব ICC পুৰুষ বিশ্বকাপ ক্ৰিকেটৰ প্ৰথমখন প্ৰস্তুতি মেচ ৷

এদিনীয়া বিশ্বকাপ ক্ৰিকেটৰ ৱার্ম-আপ মেচ

গুৱাহাটী, 28 ছেপ্টেম্বৰ : বর্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এদিনীয়া পুৰুষ বিশ্বকাপ ক্ৰিকেটৰ চাৰিখনকৈ ৱার্ম-আপ মেচ ৷ শুকুৰবাৰে বিয়লি বর্ষাপাৰাত অনুষ্ঠিত হ'ব ICC পুৰুষ বিশ্বকাপ ক্ৰিকেটৰ প্ৰথমখন প্ৰস্তুতি মেচ ৷

অহা 5 অক্টোবৰৰ পৰা ভাৰতত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া বিশ্বকাপ ক্ৰিকেটৰ চাৰিখনকৈ ৱার্ম-আপ মেচ অনুষ্ঠিত হ'ব গুৱাহাটীৰ বর্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ৷ শুকুৰবাৰে বিয়লি বর্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ICC বিশ্বকাপ ক্ৰিকেটৰ প্ৰথমখন প্ৰস্তুতি মেচ ৷ যাৰ বাবে ইতিমধ্যেই গুৱাহাটী আহি উপস্থিত হৈছে শ্ৰীলংকা আৰু বাংলাদেশৰ ক্ৰিকেট দল ৷ মহানগৰীৰ হোটেল ভিভান্তাত আছে দুয়ো দেশৰ ক্ৰিকেট দল দুটা ৷

বৃহস্পতিবাৰে বিয়লি 2 বজাৰ পৰা 5 বজালৈ বর্ষাপাৰাত অনুশীলন কৰিব বাংলাদেশৰ দলটোৱে ৷ আনহাতে সন্ধিয়া 6 বজাৰ পৰা 9 বজালৈ অনুশীলন কৰিব শ্ৰীলংকাৰ দলটোৱে ৷ ইফালে বৃহস্পতিবাৰে গুৱাহাটীত উপস্থিত হবহি ভাৰত আৰু ইংলেণ্ডৰ ক্ৰিকেট দল ৷ মহানগৰীৰ ৰেডিছন ব্লু'ত থাকিব দল দুটা ৷ শুকুৰবাৰে আমিনগাঁৱত একেলগে অনুশীলন কৰিব দল দুটাই ৷

29 ছেপ্তেম্বৰত অনুষ্ঠিত হ'ব শ্ৰীলংকা আৰু বাংলাদেশৰ প্ৰথমখন প্ৰস্তুতি মেচ ৷ ইফালে 30 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব ভাৰত আৰু ইংলেণ্ডৰ ৱার্ম-আপ মেচ ৷ 2 অক্টোবৰত ইংলেণ্ড আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হ’ব প্ৰস্তুতি মেচ ৷ আনহাতে 3 অক্টোবৰত আফগানিস্তান আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ’ব প্ৰস্তুতি মেচ ৷

শনিবাৰে অনুষ্ঠিত হ'ব লগীয়া টীম ইণ্ডিয়া আৰু ইংলেণ্ডৰ ৱার্মআপ মেচখনৰ বাবে দর্শকৰ সঁহাৰি আশাব্যঞ্জক বুলি জনাইছে অসম ক্ৰিকেট সন্থাৰ তৰফৰ পৰা ৷ এই মেচখনৰ বাবে প্ৰায় ৩০ হাজাৰ টিকট ইতিমধ্যে বিক্ৰী হৈছে বুলি জানিব পৰা গৈছে ৷ অনলাইন যোগে টিকট সমূহ বিক্ৰী কৰা হৈছে ৷

লগতে পঢ়ক : Asian Games 2023 : শ্বুটিঙত সোণ উশ্বুত ৰূপ অৰ্জন; পদকৰ সংখ্যা বাঢ়িল ভাৰতৰ

Last Updated :Sep 28, 2023, 5:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.