ETV Bharat / state

Covid 19 Update in Assam : ৰাজ্যত নতুনকৈ ক’ভিডত আক্ৰান্ত 739 গৰাকী

author img

By

Published : Feb 5, 2022, 9:29 AM IST

Covid 19 Update in Assam
অসমত ক’ভিডৰ শেহতীয়া তথ্য

ৰাজ্যত ক্ৰমে হ্ৰাস পাইছে ক’ভিডত আক্ৰান্ত লোকৰ হাৰ ৷ শুকুৰবাৰৰ দিনটোত ৰাজ্যত পজিটিভিটি হাৰ হৈছে 2.67% ৷ বৰ্তমানলৈ 4,17,23,406 গৰাকী লোকক আৰু 37,893 গৰাকী কিশোৰক ক’ভিড ভেকচিন প্ৰদান কৰা হৈছে (Covid 19 Update in Assam) ৷

নিউজ ডেস্ক, 5 ফেব্ৰুৱাৰী : ৰাজ্যত শুকুৰবাৰে নতুনকৈ 739 গৰাকী লোকৰ দেহত ক’ভিড 19ৰ অৱস্থিতি (Covid positive Cases in Assam) ধৰা পৰে আৰু মৃত্যু হয় 15 জন লোকৰ ৷ ইয়াৰ লগে লগে ৰাজ্যত ক’ৰণাত আক্ৰান্তৰ সংখ্যা 7,20,678 গৰাকীলৈ বৃদ্ধি পাইছে ৷ আনহাতে মৃত্যু হোৱা লোকৰ সংখ্যা হৈছেগৈ 6,533 গৰাকী(Covid Death toll in Assam) ৷ বৰ্তমানো সংক্ৰিয় হৈ আছে 11,942 টা ঘটনা(Covid active Cases in Assam) ৷ শুকুৰবাৰৰ দিনটোৰ পজিটিভিটি হাৰ হৈছে 2.67% ৷

Covid 19 Update in Assam
অসমত ক’ভিডৰ শেহতীয়া তথ্য

ৰাজ্যৰ ভিতৰত কামৰূপ মহানগৰীত সৰ্বাধিক 165 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ৰণাৰ অৱস্থিতি ৷ ইয়াৰ পাছতেই ক্ৰমে যোৰহাটত 59 গৰাকী, লখিমপুৰত 59 গৰাকী আৰু গোলাঘাটত 53 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিডৰ অৱস্থিতি ৷ আনহাতে, যোৰহাট, কামৰূপ মহানগৰীত 3 গৰাকীকৈ, গোলাঘাট, শিৱসাগৰত, শোণিতপুৰত দুজনকৈ আৰু চৰাইদেউ, নলবাৰী আৰু তিনিচুকীয়া জিলাত এজনকৈ লোক ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হয় ৷

Covid 19 Update in Assam
অসমত ক’ভিডৰ শেহতীয়া তথ্য

বৰ্তমানলৈকে ৰাজ্যত 2,79,79,716 গৰাকী লোকৰ ক’ভিড পৰীক্ষণ কৰা হয় ৷ ইয়াৰে 7,20,678 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিড 19ৰ অৱস্থিতি ৷ ৰাজ্যত সম্প্ৰতি আৰোগ্য লোকৰ হাৰ হৈছে 97.25% ৷ আনহাতে বৰ্তমানলৈ 4,17,23,406 গৰাকী লোকক আৰু 37,893 গৰাকী 15-17 বছৰৰ কিশোৰক ক’ভিড ভেকচিন প্ৰদান কৰা হৈছে ৷

লগতে পঢ়ক : World Cancer Day 2022: দেশৰ ভিতৰতে অসমত সৰ্বাধিক কেন্সাৰ ৰোগীৰ সংখ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.