ETV Bharat / state

Covid 19 Update in Assam : বিগত সপ্তাহত হ্ৰাস পাইছে ক’ভিডত আক্ৰান্তৰ সংখ্যা

author img

By

Published : Feb 1, 2022, 6:22 PM IST

assam-covid-update
বিগত এসপ্তাহৰ ভিতৰত হ্ৰাস পাইছে ক’ভিডত আক্ৰান্তৰ সংখ্যা

ৰাজ্যত ক'ভিড আক্ৰান্তৰ হাৰ ক্ৰমে হ্ৰাস পাইছে যদিও বৰ্তমানেও আঁতৰা নাই ইয়াৰ ভয়াৱহতা ৷ ৰাজ্যত এতিয়া বৃদ্ধিহে হৈছে ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা(Covid death in Assam) ৷ দেওবাৰে ৰাজ্যত 1811 গৰাকী লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 19 জনৰ ৷ আনহাতে বৰ্তমানেও সক্ৰিয় হৈ আছে 20,627 টা ঘটনা ৷

নিউজ ডেস্ক, 1 ফেব্ৰুৱাৰী : ৰাজ্যত সোমবাৰে পুনৰ নতুনকৈ 1811 গৰাকী লোক ক’ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 19 গৰাকী ব্যক্তি ৷ ইয়াৰ লগে লগে ৰাজ্যত ক‘ৰণাত সক্ৰিয় আক্ৰান্তৰ সংখ্যা(Covid active Cases in Assam) 7,16,406 গৰাকীলৈ আৰু মৃত্যু হোৱা লোকৰ সংখ্যা 6,461 গৰাকীলৈ বৃদ্ধি পাইছে ৷ বৰ্তমান আক্ৰান্ত হৈ আছে 20,627 গৰাকী লোক ৷ পজিটিভিটি হাৰ হৈছে 4.66% ৷

বিগত সপ্তাহত কামৰূপ মহানগৰীত সৰ্বাধিক 389 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিডৰ অৱস্থিতি ৷ ইয়াৰ পাছতেই ক্ৰমে গোলাগাটত 106 গৰাকী, লখিমপুৰত 93 গৰাকী, আৰু কামৰূপ গ্ৰাম্যত 75 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিডৰ অৱস্থিতি ৷ আনহাতে, বাক্সা, বৰপেটা, ধেমাজি, ধুবুৰী, কামৰূপ, মাজুলী, ওদালগুৰিত এগৰাকীকৈ, তিনিচুকীয়া, কাছাৰ, দৰঙত দুগৰাকীকৈ, ডিব্ৰুগড়, যোৰহাটত তিনিগৰাকীকৈ লোকৰ মৃত্যু হয় ক’ভিডত ৷

ৰাজ্যত বৰ্তমানলৈকে 2,78,47,893 গৰাকী লোকৰ ক’ভিড পৰীক্ষণ সম্পন্ন হৈছে ৷ ইয়াৰে 7,16,406 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিড 19ৰ অৱস্থিতি ৷ ৰাজ্যত সম্প্ৰতি আৰোগ্য লোকৰ হাৰ হৈছে 96.03% ৷ আনহাতে, বৰ্তমানলৈ 4,13,67,429 গৰাকী লোকক ক’ভিড ভেকচিন প্ৰদান কৰা হৈছে ৷

লগতে পঢ়ক : সুখবৰ ! মহানগৰবাসীৰ বাবে মুকলি হ'ল বিশেষ হেল্পলাইন নম্বৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.