ETV Bharat / state

ৰাজ্যত প্ৰবাহিত কৰ’ণা সংক্ৰমণৰ দ্বিতীয় ঢৌ

author img

By

Published : Apr 18, 2021, 8:42 PM IST

সমগ্ৰ দেশৰ লগতে অসমতো বৃদ্ধি পাইছে কৰ’ণাৰ সংক্ৰমণ ৷ অতিমাৰীৰ এই দ্বিতীয়টো ঢৌৱে এতিয়া সৰ্বত্ৰে সৃষ্টি কৰিছে ব্য়াপক উদ্বিগ্নতাৰ ৷ ক'ভিড 19 ৰ সৈতে যুদ্ধ কৰিবলৈ যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য় চৰকাৰে ৷ অৱশ্যে জন সাধাৰণৰ সচেতনাৰ প্ৰয়োজন সৰ্বাধিক হৈ উঠিছে এই সময়চোৱাত ৷

COVID 19 IN ASSAM
ক'ৰনা মহামাৰী বনাম অসম

নিউজ ডেস্ক,18 এপ্ৰিল: ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে কৰ’ণাৰ সংক্ৰমণ । শেহতীয়াকৈ, কৰ’ণাত আক্ৰান্তৰ হাৰ বৃদ্ধি পাইছে ২.০২ শতাংশলৈ । বিগত ২৪ ঘণ্টাত অসমত নতুনকৈ ৮৭৬ গৰাকী লোক আক্ৰান্ত হৈছে কৰ’ণাত ৷ বৰ্তমানলৈ ৰাজ্যখনত কৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা হৈছেগৈ ২,২৩,৮১৬ গৰাকী । ইয়াৰে ২,১৬,৫৪৬ গৰাকী ৰোগীয়ে ইতিমধ্যে আৰোগ্য লাভ কৰিছে ৷ বৰ্তমানেও ৪,৭৯৪ গৰাকীকৈ লোক কৰ’ণাত আক্ৰান্ত হৈ আছে ৷ অসমত এই পৰ্যন্ত কৰ’ণাৰ বাবে ১,১২৯ গৰাকী লোকৰ মৃত্যু হৈছে ৷ মন কৰিবলগীয়া কথা যে, বিগত 24 ঘণ্টাত কেৱল মাত্ৰ কামৰূপ মহানগৰ জিলাতে সৰ্বাধিক ৩৬০ গৰাকী লোকৰ দেহত কৰ’ণাৰ উপস্থিতি ধৰা পৰিছে ।

উল্লেখযোগ্য যে, ৰাজ্যৰ ১৫,৬০,০৫৯ গৰাকী লোকক ইতিমধ্য়ে ক'ভিডৰ ভেকচিন প্ৰদান কৰা হৈছে । ইয়াৰে, ১২,৮০,৮২৯ গৰাকী লোকক ভেকচিনৰ প্ৰথম পালি আৰু ২,৭৯,২৩০ গৰাকীক দ্বিতীয় পালি প্ৰদান কৰা হৈছে ৷

ৰাজ্যত প্ৰবাহিত কৰ’ণা সংক্ৰমণৰ দ্বিতীয় ঢৌ

আনফালে, ক্ৰমবৰ্ধমান কৰ’ণা আক্ৰান্তৰ সংখ্যাই চিন্তিত কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগক ৷ গুৱাহাটীত কৰ’ণাৰ ভয়াৱহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি আয়ুৰ্বেদিক হাস্পতাল, শিঙিমাৰী হাস্পতাল, পতঞ্জলী যোগপীঠকে ধৰি কেইবাখনো হাস্পতালত ক'ভিড ৰোগীৰ বাবে অতিৰিক্তভাৱে সাজু কৰি ৰখা হৈছে ৬০০ ৰো অধিক বিচনা । অৱশ্যে, ক'ভিডৰ সৈতে যুদ্ধ কৰিবলৈ যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিলেও এতিয়া সৰ্ব সাধাৰণ ৰাইজ সচেতন হোৱাটো বিচাৰিছে চৰকাৰ তথা প্ৰশাসনে ৷

লগতে পঢ়ক : নিৰ্ধাৰিত সময়তে হ'ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.