ETV Bharat / state

কোভিড 19: ৰাজ্যৰ শেহতীয়া তথ্য

author img

By

Published : Nov 12, 2020, 3:59 PM IST

ৰাজ্যত বৰ্তমানলৈকে 2,09,633 গৰাকী ব্যক্তি কৰ’ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে 2,03,305 গৰাকী ব্যক্তিয়ে আৰোগ্য লাভ কৰিছে ৷ সম্প্ৰতি 5,371 গৰাকী ব্যক্তি এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৷ আক্ৰান্তসকলৰ ভিতৰত 954 গৰাকী ব্যক্তিয়ে মৃত্যুক সাৱটি লৈছে ৷

কোভিড 19: ৰাজ্যৰ শেহতীয়া তথ্য
কোভিড 19: ৰাজ্যৰ শেহতীয়া তথ্য

নিউজ ডেস্ক,12 নৱেম্বৰ: ৰাজ্যত ক্ৰমাৎ হ্ৰাস পাইছে কৰ’ণা সংক্ৰমণৰ সংখ্যা ৷ ইতিমধ্যে ৰাজ্যত প্ৰায় 2,09,633 গৰাকী ব্যক্তি কৰ’ণাত আক্ৰান্ত হোৱাৰ পিছত ক্ৰমাৎ কিছু সুস্থিৰ হৈছে ৰাজ্যৰ পৰিস্থিতি ৷ বুধবাৰে 245 গৰাকী ব্যক্তি নতুনকৈ কৰ’ণাত আক্ৰান্ত হোৱাৰ কথা ব্যক্ত কৰে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ তদুপৰি বুধবাৰৰ দিনটোত 27,323 গৰাকী ব্যক্তিৰ পৰা সংগ্ৰহ কৰা নমুনা পৰীক্ষা কৰে ৰাজ্যৰ স্বাস্থ্য বিভাগে ৷ সম্প্ৰতি ৰাজ্যত কৰ’ণা সংক্ৰমণৰ হাৰ 0.90 শতাংশ হোৱাৰ বিপৰীতে কামৰূপ জিলাত নতুনকৈ 51 গৰাকী লোকৰ শৰীৰত ধৰা পৰে কৰ’ণাৰ অৱস্থিতি ৷

  • #AssamCovidUpdate

    🙁 2⃣4⃣5⃣ Cases detected out of 27323 tests conducted today, with positivity rate of 0.90%

    Kamrup Metro- 51

    🙂 8⃣3⃣7⃣ patients discharged

    ↗️Total cases- 209633

    ▶️ Recovered- 96.98%
    ▶️ Active cases- 2.56%
    ▶️ Deaths- 0.45%

    7:50 PM/Nov 11 pic.twitter.com/jernw8aH4T

    — Himanta Biswa Sarma (@himantabiswa) November 11, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

আনহাতে, 837 গৰাকী আক্ৰান্ত ব্যক্তিক বুধবাৰে চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে ৷ সম্প্ৰতি ৰাজ্যত আক্ৰান্তৰ আৰোগ্যৰ হাৰ 96.98 শতাংশ হোৱাৰ বিপৰীতে মৃত্যুৰ হাৰ 0.45 শতাংশ ৷

লগতে চাওকঃ ভাৰতত ইউটিউবৰ বৃহৎ লোকচান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.