ETV Bharat / state

Guwahati roadside vendors: পদপদ ব্যৱসায়ীসকলক শীঘ্ৰেই ব্যৱসায়ৰ অনুমতি দিবলৈ পৌৰ নিগমক দাবী কটনিয়ানৰ

author img

By

Published : Aug 19, 2023, 7:50 PM IST

কটন বিশ্ববিদ্যালয়ৰ সন্মুখৰ পদপথত থকা বিপণিসমূহ গুৱাহাটী পৌৰ নিগমে উচ্ছেদ কৰাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ৷ পদপথৰ ব্যৱসায়ীসকলক পুনৰ বিপণি স্থাপন কৰিবলৈ অনুমতি দিয়াৰ দাবীৰে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ ৷

Guwahati roadside vendors
Guwahati roadside vendors

পদপদ ব্যৱসায়ীসকলক শীঘ্ৰেই ব্যৱসায়ৰ অনুমতি দিয়াৰ দাবী

গুৱাহাটী, ১৯ আগষ্ট: কটন বিশ্ববিদ্যালয়ৰ সন্মুখৰ পথৰ দাঁতিত পদপথৰ ব্যৱসায়ীসকলক ব্যৱসায় কৰাৰ অনুমতি জনাইছে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ৷ শীঘ্ৰে পদপথৰ ব্যৱসায়ীসকলক ব্যৱসায় কৰিবলৈ দিবলৈ দাবী জনাই শুকুৰবাৰে নিশা কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে গুৱাহাটী পৌৰ নিগমৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ৷

উল্লেখ্য যে স্বাধীনতা দিৱসৰ অচিলাৰে ১৩ আগষ্টত গুৱাহাটী পৌৰ নিগমে কটন বিশ্ববিদ্যালয়ৰ সন্মুখৰ পদপথত থকা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ উচ্ছেদ কৰে ৷ লগতে কয় যে ১৫ আগষ্টৰ পাছত ব্যৱসায়ীসকলক পুনৰ সেই স্থানত ব্যৱসায়ী কৰিব পাৰিব বুলি জনাইছিল ।

কিন্তু ১৫ আগষ্টৰ দুদিন পাছতো তেওঁলোকক ব্যৱসায় কৰিবলৈ নিদিয়াত প্ৰায় পাঁচ শতাধিক কটনিয়ানৰ স্বাক্ষৰিত এখন স্মাৰক প্ৰত্ৰ মেয়ৰ মৃগেন শৰণীয়াক প্ৰদান কৰা হয় ৷ অতি শীঘ্ৰে ব্যৱসায়ীসকলক ব্যৱসায় কৰিবলৈ অনুমতি দিবলৈ আহ্বান জনায়, কিয়নো ৬ হাজাৰ ছাত্ৰ-ছাত্ৰী থকা কটন বিশ্ববিদ্যালয়ত এখন কেণ্টিনেই শিক্ষাৰ্থীসকলৰ বাবে পৰ্যাপ্ত হয় ৷

৫০ খন আসন থকা কেণ্টিনখনত সুবিধা নোহোৱাৰ বাবে কটনিয়ানে পদপথৰ দোকানসমূহত বিভিন্ন সময়ত খাদ্য গ্ৰহণ কৰে ৷ কিন্তু পদপথৰ দোকানসমূহ উচ্ছেদ কৰাৰ ফলত যথেষ্ঠ অসুবিধাৰ সন্মুখীন হৈছে ছাত্ৰ-ছাত্ৰীৰ লগতে ব্যৱসায়ীসকল ৷ সেয়েহে ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ লগতে ব্যৱসায়ীসকলৰ সুবিধা হোৱাকৈ সেই স্থানত ব্যৱসায় কৰিব দিবলৈ গুৱাহাটী পৌৰ নিগমক দাবী জনাইছে একাংশ কটনিয়ানে ।

ইফালে শুকুৰবাৰে একাংশ বিপণী সেই স্থানত বহিছিল যদিও গুৱাহাটী পৌৰ নিগমে পুনৰ সেইসমূহ উচ্ছেদ কৰে ৷ তাৰ পিচতে একাংশ কটনিয়ান আৰু ব্যৱসায়ীয়ে নিশা প্ৰতিবাদ সাব্যস্ত কৰে ৷ কটনিয়ানৰ এই দাবী গুৱাহাটী পৌৰ নিগমে মানি ল’বনে নলয় সেয়া সময়তহে লক্ষণীয় হ’ব ৷

লগতে পঢ়ক: Modernisation of Police Force: আৰক্ষীৰ আধুনিকীকৰণৰ নামত অসমক বঞ্চনা কেন্দ্ৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.