Basistha Forest Officer: বশিষ্ঠত ডাম্পাৰৰ চালক আৰু বন বিষয়াৰ গোপন মিতিৰালি

author img

By

Published : Mar 12, 2023, 7:19 PM IST

Basistha Forest Officer
বশিষ্ঠত ডাম্পাৰৰ চালক আৰু বন বিষয়াৰ গোপন মিতিৰালি ()

ৰাজ্যত অব্যাহত আছে বনজ সম্পদৰ ধ্বংসযজ্ঞ । বশিষ্ঠত ডাম্পাৰৰ চালকেৰে বন বিষয়াৰ গোপন মিতিৰালিৰ অভিযোগ উত্থাপন হৈছে । অবৈধভাৱে ৰঙা মাটি কঢ়িওৱা ডাম্পাৰৰ চালকৰ লগত গোপন অংকত মিলিত হোৱাৰ অভিযোগ(Unlawful act of Basistha forest officer) । ভাইৰেল ভিডিঅ'ক লৈ তীব্ৰ চাঞ্চল্য ।

বশিষ্ঠত ডাম্পাৰৰ চালক আৰু বন বিষয়াৰ গোপন মিতিৰালি

গুৱাহাটী,১২ মার্চ: ৰাজ্যত অব্যাহত আছে বনজ সম্পদৰ ধ্বংসযজ্ঞ । এই ক্ষেত্ৰত নিৰ্বিকাৰ বন বিভাগ । কিন্তু বন বিভাগৰ একাংশ ঘোচখোৰ বিষয়া-কৰ্মচাৰীৰ ছত্ৰছায়াতে বনজ সম্পদৰ ৰমৰমীয়া বেহা অব্যাহত থকাৰ অভিযোগ উত্থাপন হৈছে । শেহতীয়াকৈ এই কথা পোহৰলৈ আহিছে মহানগৰীৰ বশিষ্ঠত(Corrupt forest officer in Basistha) । অবৈধভাৱে ৰঙা মাটি কঢ়িওৱা ডাম্পাৰৰ চালক তথা ডাম্পাৰৰ গৰাকীৰ সৈতে বন বিভাগৰ কৰ্মচাৰীয়ে ডাম্পাৰ জব্দ কৰা নকৰা সন্দৰ্ভত পতা কথা-বতৰাৰ ভিডিঅ’ পোহৰলৈ আছে ।

অভিযোগ অনুসৰি বশিষ্ঠস্থিত পূব-কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰীৰ বন সুৰক্ষা বাহিনীৰ ভাৰপ্ৰাপ্ত মুৰব্বী ৰাহুল বৰ্মন আৰু জব্দকৃত এখন ডাম্পাৰৰ চালক-গৰাকীৰ সৈতে পতা কথা-বতৰাৰ ভিডিঅ' ভাইৰেল হৈ পৰিছে(Unlawful act of Basistha forest officer) । শনিবাৰৰ দিনটোত বিভাগটোৱে এখন অবৈধভাৱে ৰঙা মাটি কঢ়িওৱা ডাম্পাৰ জব্দ কৰে । তাৰ পাছতে ভাইৰেল হোৱা বাৰ্তালাপত ৰাহুল বৰ্মন নামৰ বিষয়াজনে এখন ডাম্পাৰৰ চালক আৰু গৰাকীক কয় যে 'সন্ধিয়া সাত বজাৰ আগতে মই সকলোকে এলাৰ্ট কৰি থৈছো । এলাৰ্ট কৰাৰ পিছত আগত পৰিলে মোৰ উপায় নাই । মই গাড়ী ধৰিবই লাগিব ।'

বিষয়াজনৰ এই কথা-বতৰাই বিভাগটোত তালাচীৰ নামত প্ৰকৃততে কি চলি আছে সেয়া উদঙাই দিছে । মন কৰিবলগীয়া যে অভিযোগ উত্থাপন হোৱা ৰাহুল বর্মন বিগত ২৫ বছৰে একেখন চকীতে খোপনি পুতি আছে বুলিও জানিব পৰা গৈছে । বিভাগটোৰ একাংশ বিষয়াই অবৈধ ব্যৱসায়ীৰ সৈতে মিতিৰালি কৰি অবৈধভাৱে সামগ্ৰী সৰবৰাহত সেউজ সংকেত দিয়াটো শনিবাৰৰ ভিডিঅ'ৰ কথোপকথনে স্পষ্ট কৰে ।

ইয়াৰ পিছতে জব্দকৃত বাহনখন বশিষ্ঠস্থিত বন বিভাগৰ কাৰ্যালয়ত ৰাখি থোৱাৰ পিচতে ডাম্পাৰৰ চালক গৰাকীৰ সৈতে বিষয়াজনে এইদৰে কথা-বতৰা পাতে । এই কথোপকথন সংবাদ মাধ্যমৰ জৰিয়তে প্ৰচাৰ হোৱাৰ পিচত পূব-কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰীৰ মুৰব্বী ৰোহিণী বল্লভ শ‍ইকীয়াই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক: AJP meeting in Mangaldoi: 2024ৰ নিৰ্বাচনৰ লক্ষ্যৰে মঙলদৈত অগপৰ বিশাল কাৰ্যকৰ্তা সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.