ETV Bharat / state

কৃষক আইন বাতিলৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ প্ৰতিবাদ

author img

By

Published : Oct 10, 2020, 5:09 PM IST

মহানগৰৰ ভৰলুমুখত কংগ্ৰেছৰ প্ৰতিবাদ ৷ কৃষক আইন বাতিলৰ দাবীত এই প্ৰতিবাদ ৷ লগতে,বিভিন্ন ধৰণৰ দাবী উত্থাপন কংগ্ৰেছৰ ৷

Congress protests in Guwahati over repeal of farmers' law
কৃষক আইন বাতিলৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ প্ৰতিবাদ

গুৱাহাটী, 10 অক্টোবৰ : ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে শনিবাৰে গুৱাহাটী মহানগৰীৰ ভৰলুমুখত কংগ্ৰেছ কমিটীয়ে প্ৰতিবাদ সাব্যস্ত কৰে । বিজেপি চৰকাৰৰ শেহতীয়া নীতিৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে ।

Congress protests in Guwahati over repeal of farmers' law
কৃষক আইন বাতিলৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ প্ৰতিবাদ

উল্লেখ্য যে,কিছুদিন পূৰ্বে গৃহীত হোৱা কৃষক বিৰোধী কলা আইন বাতিলৰ দাবী উত্থাপন কৰে ভৰলুমুখ ব্লক কংগ্ৰেছ কমিটীয়ে । লগতে, অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধি, অসম আৰক্ষীৰ পৰীক্ষা কেলেংকাৰী,চৰকাৰী প্ৰতিষ্ঠানসমূহ ব্যক্তিগতকৰণৰ বিৰোধিতাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে ।

প্ৰতিবাদকাৰীয়ে বিজেপি চৰকাৰ হায় হায়, মূল্যবৃদ্ধি ৰোধ কৰক, মোদী চৰকাৰ গ' বেক আদি বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ভৰলুমুখ ব্লক কংগ্ৰেছ কমিটীৰ সদস্যসকলে । শীঘ্ৰেই ৰাইজক দিয়া প্ৰতিশ্ৰুতি সমূহ পালন নকৰিলে আগন্তুক দিনত ব্যাপক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ কংগ্ৰেছৰ সদস্য সকলৰ ।

লগতে পঢ়ক : লখিমপুৰত উদ্ধাৰ বিগত 9 মাহে বন্দী কৰি ৰখা মহাৰাষ্ট্ৰৰ এজন লোক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.