ETV Bharat / state

Assam Assembly 2023: বিধানসভাত কংগ্ৰেছক হত্যাকাৰী আখ্যা মন্ত্ৰী অতুল‌ বৰাৰ, উত্তাল সদন

author img

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 3:00 PM IST

Updated : Sep 13, 2023, 4:46 PM IST

কংগ্ৰেছক হত্যাকাৰী আখ্যা মন্ত্ৰী অতুল বৰাৰ ৷ অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰী কৰাৰ সন্দৰ্ভত লিখিত প্ৰশ্নৰ উত্তৰত মন্ত্ৰী অতুল বৰাই কংগ্ৰেছক হত্যাকাৰী বুলি উল্লেখ্য কৰিছিল ৷ হত্যাকাৰী শব্দক লৈ উত্তপ্ত হৈ পৰে সদন ৷

Assam Assembly 2023
বিধানসভাত কংগ্ৰেছক হত্যাকাৰী আখ্যা মন্ত্ৰী অতুল‌ বৰাৰ

গুৱাহাটী,13 ছেপ্টেম্বৰ : অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ আজি তৃতীয় দিন ৷ অধিৱেশনৰ তৃতীয় দিনা অসম চুক্তি ৰূপায়ণ বিভাগৰ‌ মন্ত্ৰী অতুল‌ বৰাৰ এক মন্তব্যক লৈ সদনত কংগ্ৰেছ দলৰ বিধায়কসকলে উত্তাল‌ পৰিৱেশৰ‌ সৃষ্টি কৰে । বহুত সময় ধৰি কংগ্ৰেছ দলৰ বিধায়কসকলে সদনৰ পৰিৱেশ উত্তাল কৰি ৰাখে ।

সভাৰ আৰম্ভণিতে কংগ্ৰেছৰ বিধায়িকা শিবামণি বৰাই অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰী কৰাৰ সন্দৰ্ভত লিখিত প্ৰশ্ন উত্থাপন কৰে । মন্ত্ৰী অতুল বৰাই এই সন্দৰ্ভত বিধানসভাত লিখিত উত্তৰ দাখিল কৰে । কিন্তু মন্ত্ৰী অতুল বৰাৰ লিখিত উত্তৰত কংগ্ৰেছৰ বিধায়িকা শিবামণি বৰাই অসন্তুষ্টি প্ৰকাশ কৰে । অতুল বৰাৰ লিখিত উত্তৰত কংগ্ৰেছৰ বিধায়িকা শিবামণি বৰাই অসন্তুষ্টি প্ৰকাশ কৰি কয় যে, মন্ত্ৰী অতুল বৰাৰ‌ উত্তৰটো সন্তোষজনক নহয় । অসম চুক্তি ৰূপায়ণৰ সন্দৰ্ভত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদন আখৰে আখৰে পালন কৰাৰ প্ৰতিশ্ৰুতি গেঠেলা মৰাৰ দৰে হ'ল ।

পিচত মন্ত্ৰী অতুল বৰাই কংগ্ৰেছৰ বিধায়িকা শিবামণি বৰাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আৰম্ভ কৰি কয় যে, 1979 চনৰ পৰা 1985 চনলৈ গণতান্ত্ৰিকভাবে বিদেশী বহিস্কাৰৰ আন্দোলন হৈছিল । এই আন্দোলন কৰা 855 গৰাকী শ্বহীদক কংগ্ৰেছ দলে হত্যা কৰিছিল ।

এই বক্তব্যৰ পিচতে কংগ্ৰেছৰ বিধায়কসকলে মন্ত্ৰী অতুল বৰাক উভতি ধৰি সদনৰ মজিয়া উত্তাল কৰি তোলে। কংগ্ৰেছৰ বিধায়ক কমলাক্ষ্য দে’ পুৰকায়স্থ, জাকিৰ হুছেইন শিকদাৰ, ভৰত নৰহকে ধৰি বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই মন্ত্ৰী অতুল‌ বৰাক উভতি ধৰে। তেওঁলোকে মন্ত্ৰী অতুল বৰাৰ হত্যা শব্দটো উঠাই ল’বলৈ দাবী জনায় ।

বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই কয় যে, অসম আন্দোলনৰ আৰম্ভণিতে জনতা দলৰ চৰকাৰ আছিল । পিচত ৰাষ্ট্ৰপতি শাসন হৈছিল । এনেকৈ কংগ্ৰেছ দলক দোষাৰোপ কৰিব নোৱাৰে । পৰৱৰ্তী সময়ত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিষয়টো হস্তক্ষেপ কৰি "হত্যা" শব্দটো উঠাই লোৱা হৈছে বুলি সদৰী কৰে । কিন্তু তাৰ পিচতো মন্ত্ৰী অতুল বৰা নিজৰ মন্তব্যটো সঁচা বুলি যুক্তি দিয়ে । তেওঁ কয় যে, অসম চুক্তি ৰূপায়ন হোৱাৰ পিচত সুদীৰ্ঘ সময় ধৰি কংগ্ৰেছ দল শাসনত থকাৰ সময়তে অসম চুক্তিৰ ছয় দফা ৰূপায়ণৰ গতি স্তিমিত হৈ পৰিছিল ।

লগতে পঢ়ক:Assam Assembly: শিলসাঁকোৰ উচ্ছেদ আৰু মুখ্যমন্ত্ৰীৰ পত্নীৰ ভূমি কেলেংকাৰীক লৈ উত্তাল বিধানসভা

Last Updated : Sep 13, 2023, 4:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.