ETV Bharat / state

Congress Press Meet in Guwahati:নিশা ১১ বজা পর্যন্ত সুৰা বিক্ৰীৰ বিৰুদ্ধে সৰৱ কংগ্ৰেছ

author img

By

Published : Jul 3, 2023, 7:18 PM IST

অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সুৰাৰ বিৰুদ্ধে ডিজিটেল প্রতিবাদ আৰম্ভ । অসম প্রদেশ কংগ্ৰেছ কমিটীৰ ছ'চিয়েল মিডিয়া আৰু তথ্য প্রযুক্তি বিভাগৰ এই সন্দৰ্ভত সংবাদমেল ।

Congress Press Meet
অসম প্রদেশ কংগ্ৰেছ কমিটী

অসম প্রদেশ কংগ্ৰেছ কমিটী

গুৱাহাটী, ৩ জুন:"সুৰাৰ দোকানত এলকহলযুক্ত চকলেট বিক্ৰী , নিশা ১১ বজা পর্যন্ত শ্ব'পিং মলত সুৰা বিক্ৰী"ৰ বিৰোধিতা কৰিছে অসম প্রদেশ কংগ্ৰেছ কমিটীৰ ছ'চিয়েল মিডিয়া আৰু তথ্য প্রযুক্তি বিভাগে । চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে সমগ্ৰ অসমতে ছ'চিয়েল মিডিয়া যোগে #সুৰাৰ বেপাৰ হিমন্ত_চৰকাৰ শীর্ষক hashtagৰে এক ডিজিটেল প্রতিবাদ আৰম্ভ কৰিছে অসম প্রদেশ কংগ্ৰেছ কমিটীৰ ছ'চিয়েল মিডিয়া আৰু তথ্য প্রযুক্তি বিভাগে ।

এই সন্দৰ্ভত সোমবাৰে অসম প্রদেশ কংগ্ৰেছ কমিটীৰ ছ'চিয়েল মিডিয়া আৰু তথ্য প্রযুক্তি বিভাগৰ অধ্যক্ষ ৰাতুল কলিতাই কয় যে আমি সকলোৱে জানো যে সুৰাই এখন সংসাৰ ধ্বংস কৰে । সুৰাৰ বাবে বহুতৰ সংসাৰ ধ্বংস হৈছে । সেয়া সকলোৱে দেখিছে, বহু লোকৰ দেউলীয়া অৱস্থা হৈছে । বহুতেই আত্মহত্যাৰ দৰে পথ বাচি লবলগীয়া হৈছে বুলি তেওঁ উল্লেখ কৰি পুনৰ কয় যে সেই সুৰাক প্রধান আহিলা হিচাপে লৈ মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে চৰকাৰ চলাব আগবাঢ়িছে । তেওঁলোকৰ চৰকাৰ চলাবলৈ টকা নাই আৰু টকা নাই বাবে তেওঁলোকক ৰাজহ লাগে । ৰাজহ বৃদ্ধিৰ বাবে এটায়ে ৰাস্তা পাইছে, সেয়া সুৰা বেপাৰ।

তেওঁ কয় যে এতিয়া সুৰা বিক্ৰী কৰি ৰাজহ সংগ্ৰহ কৰিব । মানে বিহ খুৱাই ৰাজত্ব কৰাৰ ষড়যন্ত্ৰ ৰচি আছে । এই সুৰাৰ বেপাৰেৰে তেওঁলোকে এনেকুৱা ব্লুপ্রিণ্ট ৰচিছে যে সুৰা খুৱাই এটা প্ৰজন্মক নিঃশেষ কৰি দিব । তেওঁ কয়," প্ৰজন্মৰ পৰা প্ৰজন্ম নিঃশেষ কৰি পেলাব। যি ড্ৰাগছৰ কথা চৰকাৰখনে কয় এতিয়া সেই চৰকাৰৰ দিনতেই এলকহলযুক্ত চকলেট উলিয়াইছে । সেই চকলেটে কিন্তু এই ড্ৰাগছৰ লেখীয়াকৈ আমাৰ নৱ প্ৰজন্ম, ছাত্ৰ ছাত্ৰীক খুলি খুলি খাব । এই কথা আমি ৰাইজক অৱগত কৰিব লাগিব আৰু ৰাইজে জানিব লাগিব ।"

তেওঁ কয়," হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনেও জানিব লাগিব যে আপোনালোকৰ এই সুৰাৰ বেপাৰ আমি চলিব নিদিওঁ আৰু সুৰাৰ বেপাৰ আপুনি বন্ধ কৰিবই লাগিব আৰু সুৰাৰ বেপাৰ যেতিয়া লৈ বন্ধ নহয় তেতিয়ালৈকে আমি ইয়াৰ বিৰুদ্ধাচৰণ কৰি যাম । কাৰণ আমি চকুৰ আগত এটা প্ৰজন্মক নিঃশেষ হৈ যাব দিব নোৱাৰো । আমি চকুৰ আগত ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰলৈ যোৱাটো নিবিচাৰোঁ । গতিকে আপোনালোকে কম সময়ৰ ভিতৰত এই সুৰাৰ চকলেট প্রচলন কৰিম বুলি কৈছে বা শ্ব'পিং মলত যে নিশা ১১ বজালৈ যেতিয়া সুৰা বিক্ৰী কৰাৰ অনুমতি প্ৰদান কৰিছে, এই নির্দেশ উঠাই লব লাগিব ।" যেতিয়ালৈকে উঠাই নলয় তেতিয়ালৈকে চৰকাৰৰ এই কু-নীতিৰ বিৰুদ্ধে প্রতিবাদ কৰিয়েই থাকিব বুলি কয় অসম প্রদেশ কংগ্ৰেছ কমিটীৰ ছ'চিয়েল মিডিয়া আৰু তথ্য প্রযুক্তি বিভাগৰ অধ্যক্ষ ৰাতুল কলিতাই ।

লগতে পঢ়ক: Matak yuva chatra sanmilan:তিনিচুকীয়াত সৰৱ মটক যুৱ-ছাত্ৰ সন্মিলন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.