ETV Bharat / state

প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক পৰিভ্ৰমী চৰাইৰ ভ্ৰমণ আখ্যা ৰিপুন বৰাৰ

author img

By

Published : Feb 22, 2021, 9:04 PM IST

প্ৰধানমন্ত্ৰী মোডীৰ অসম ভ্ৰমণক কটাক্ষ কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ ৷ মোডীৰ অসম ভ্ৰমণক গতানুগতিক পৰিভ্ৰমী চৰাইৰ ভ্ৰমণ আখ্যা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ ৷ কংগ্ৰেছৰ প্ৰশ্নৰ উত্তৰ দিয়াত মোডী ব্যৰ্থ হোৱাৰ অভিযোগ বৰাৰ ৷ বিজেপিয়ে শাসনৰ পাঁচ বছৰত প্ৰতিশ্ৰুতিৰ মাত্ৰ তিনি শতাংশহে সম্পূৰ্ণ কৰিলে বুলি কটাক্ষ কৰিলে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে ৷

congress alliance criticizes pm modis visit to assam
congress alliance criticizes pm modis visit to assam

গুৱাহাটী, 22 ফেব্ৰুৱাৰী: মোডীৰ অসম ভ্ৰমণক লৈ সৰৱ হৈ পৰিছে কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁট বন্ধন ৷ মোডীৰ অসম ভ্ৰমণক পৰিভ্ৰমী চৰাইৰ ভ্ৰমণ আখ্যা দি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই মন্তব্য কৰে যে, অসমৰ বিপদৰ সময়ত খবৰ ল'বলৈ আহৰি নোপোৱা প্ৰধান মন্ত্ৰীয়ে এতিয়া ৰাজনৈতিক উদ্দেশ্যত বাৰে বাৰে অসম আহিছে ৷

প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক তীব্ৰ ভাষাৰে সমালোচনা কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁট বন্ধনৰ

সোমবাৰে এখন সংবাদমেল অনুষ্ঠিত কৰি প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷ সংবাদমেলখন সম্বোধন কৰি ৰিপুন বৰাই অভিযোগ কৰে যে, তেওঁলোকে মোডীক বিশেষ কেইটামান প্ৰশ্ন কৰিছিল যদিও প্ৰধানমন্ত্ৰী গৰাকী এটা প্ৰশ্নৰো উত্তৰ দিবলৈ সক্ষম ন'হল ৷ বিপুল জনমতৰ বিপৰীতে গৈ অসমৰ ৰাইজৰ ওপৰত কিয় 'কা' (নাগৰিকত্ব সংশোধনী আইন) জাপি দিছিল আৰু এই জনমতৰ প্ৰতি সহাৰি জনাই আইনখন বাতিল কৰিব নেকি বুলি প্ৰধানমন্ত্ৰী গৰাকীক কৰা প্ৰশ্নৰ উত্তৰ প্ৰধানমন্ত্ৰী গৰাকীৰ লাভ কৰিবলৈ সক্ষম ন'হল বুলি বৰাই সংবাদ মাধ্যমৰ আগত অভিযোগ কৰে ৷

জনজাতিকৰণ আৰু কৰ্মসংস্থাপন সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰ দিয়াতো প্ৰধানমন্ত্ৰী গৰাকী ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি বৰাই কয় যে, অসমত 25 লাখ নিবনুৱাক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দি শাসনলৈ অহা বিজেপি চৰকাৰে শাসনৰ পাঁচ বছৰত মাত্ৰ 80 হাজাৰ যুৱক যুৱতীকহে কৰ্মসংস্থাপন দিবলৈ সক্ষম হ'ল ৷

বিজেপি চৰকাৰে নিজ প্ৰতিশ্ৰুতিৰ মাত্ৰ 3 শতাংশহে সম্পূৰ্ণ কৰাত সমৰ্থ হ'ল আৰু বাকী 97 শতাংশ প্ৰতিশ্ৰুতিয়েই সম্পূৰ্ণ কৰাত ব্যৰ্থ হোৱাৰ অভিযোগ কৰি বৰাই প্ৰধানমন্ত্ৰী গৰাকীৰ অসম ভ্ৰমণ কেৱল মাত্ৰ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বুলি মন্তব্য কৰে ৷ তেঁও কয় যে কেৱল ভোটৰ অংক মিলাবলৈ প্ৰধানমন্ত্ৰী গৰাকী বাৰে বাৰে অসমলৈ আহিছে , ইয়াত অসমীয়া ৰাইজৰ বিকাশ আৰু উন্নতিৰ কোনো উদ্দেশ্য জড়িত নহয় ৷

বিজেপি দলে চৰকাৰ আৰু দল একাকাৰ কৰি পেলাইছে বুলি কটাক্ষ কৰি চৰকাৰী অনুষ্ঠানত দলীয় পতাকা ব্যৱহাৰ কৰাৰ প্ৰসংগতো বৰাই মন্তব্য আগবঢ়ায় ৷ তেওঁ কয়, "চৰকাৰী অনুষ্ঠানত বিজেপিৰ পতাকা কিমান প্ৰয়োজন ? চৰকাৰী খৰছত পতা অনুষ্ঠানলৈ অন্য দলৰ লোকক আমন্ত্ৰণ নজনোৱাকৈ এয়া বিজেপি চৰকাৰে 21 ৰ বিধানসভাৰ নিৰ্বাচনী প্ৰচাৰ চলাইছে ৷ চৰকাৰী খৰচত বিজেপিয়ে দলীয় প্ৰচাৰ চলাইছে " ৷

লগতে পঢ়ক: কাৰ টিকটেৰে নিৰ্বাচন খেলিবলৈ সাজু ৰুমী নাথ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.