ETV Bharat / state

দীপাৱলীৰ বজাৰত ৰং-বিৰঙী চীনা লাইটৰ পয়োভৰ

author img

By

Published : Nov 1, 2021, 5:09 PM IST

ৰং-বিৰঙী চীনা লাইটৰে ভৰি পৰিছে দীপাৱলীৰ বজাৰ ৷ আনন্দত মতলীয়া ৰাজ্যবাসী ৷ সমগ্ৰ ৰাজ্যৰ লগতে মহানগৰীতো চলিছে দীপাৱলীৰ পূৰ্ণ প্ৰস্তুতি ৷

Colorful Chinese lights in the Diwali market
দীপাৱলীৰ বজাৰত ৰং বিৰঙী চীনা লাইটৰ পয়োভৰ

গুৱাহাটী, 1 নৱেম্বৰ : পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাথো দুটা দিন বাকী ৷ সমগ্ৰ ৰাজ্যৰ লগতে মহানগৰীতো চলিছে দীপাৱলীৰ প্ৰস্তুতি ৷ মাটিৰ চাকিৰ সমান্তৰালকৈ বজাৰ ভৰি পৰিছে ৰং-বিৰঙী বিভিন্ন লাইটেৰে ৷ চীনত নিৰ্মিত সামগ্ৰী ব্যৱহাৰৰ ক্ষেত্ৰত পূৰ্বতে প্ৰশাসনে নিষেধাজ্ঞা আৰোপ কৰিছিল যদিও এইবাৰ এনে সামগ্ৰীৰ ব্যৱসায় তথা ব্যৱহাৰৰ ক্ষেত্ৰত বৰ্তমানলৈকে প্ৰশাসনে জাৰি কৰা নাই কোনো নিৰ্দেশনা ৷

Colorful Chinese lights in the Diwali market
দীপাৱলীৰ বজাৰত ৰং বিৰঙী চীনা লাইটৰ পয়োভৰ

সেয়েহে এতিয়া মুকলিকৈ চীনত নিৰ্মিত দীপাৱলীৰ বিভিন্ন সামগ্ৰীৰ ব্যৱসায় অব্যহত ৰাখিছে মহানগৰীৰ ব্যৱসায়ীসকলে ৷ সেয়েহে এতিয়া মহানগৰীৰ ফাঁচী বজাৰ, গণেশ গুৰি, বেলতলা, বামুনিমৈদান, চান্দমাৰিকে আদি কৰি মহানগৰীৰ প্ৰতিখন বজাৰৰ লগতে পদপথ ভৰি পৰিছে বিভিন্ন ৰং-বিৰঙী চীনা লাইটেৰে ৷

বিগত সময়চোৱাত কৰ’ণা মহামাৰীয়ে সকলোৰে মাজৰ পৰা হৰি নিছিল আনন্দ উচাহ ৷ কিন্তু ক’ৰণা সৃষ্ট পৰিৱেশ কিছু শাম কটাত পৰিস্থিতি কিছু স্বাভাৱিক হৈ উঠিছে ৷ যাৰ পৰিপেক্ষিতত এতিয়া যেন সকলোৰে মাজলৈ পুনৰ যেন নামি আহিছে আনন্দৰ বতৰা ৷ সেয়েহে সকলো যেন উদগ্ৰীৱ হৈ পৰিছে উৎসৱ উদযাপনৰ বাবে ৷

মহানগৰীত চলিছে দীপাৱলীৰ পূৰ্ণ প্ৰস্তুতি

লগতে পঢ়ক : সশস্ত্ৰ সীমা বলৰ সৈতে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ বৈঠক

ধনতেৰছৰ পৰা আৰম্ভ কৰি দীপাৱলী উদযাপনৰ বাবে এতিয়া যেন ব্যাকুল হৈ পৰিছে সকলো ৷ ফাঁচী বজাৰৰ এগৰাকী ব্যৱসায়ীয়ে উল্লেখ কৰা অনুসৰি, জেল ৰাইজ, এলিডি, নেট আদি বিভিন্ন ৰং-বিৰঙী লাইট আহিছে বজাৰলৈ । যাৰ মূল্য ২০ টকাৰ পৰা আৰম্ভ কৰি ৫০০ টকা পৰ্যন্ত । অৱশ্যে পূৰ্বৰ তুলনাতকৈ এইবাৰ ৩০% কমকৈ মজুত ৰখা বুলি ইটিভি ভাৰতক জনালে এগৰাকী ব্যৱসায়ীগৰাকীয়ে ।

ইপিনে দীপাৱলীত চীনা সামগ্ৰী বৰ্জন কৰি থলুৱা সামগ্ৰীৰে দীপাৱলী উদযাপন কৰিবলৈ আহ্বান জনাইছে হিন্দু যুৱ ছাত্ৰ পৰিষদ, অসমে । পৰিষদৰ সভাপতি বলেন বৈশ্যই উল্লেখ কৰে যে, ‘চীনা সামগ্ৰী বৰ্জনৰ বাবে ২০০৪ চনৰ পৰাই আমি অভিযান চলাই আহিছো । এই ক্ষেত্ৰত ৰাইজ সচেতন হ’ব লাগিব । চীন আমাৰ কিহৰ বাবে প্ৰত্যাহ্বান এই কথাটো উপস্থাপন কৰাত যেন কৰবাত আমি ব্যৰ্থ হৈছো । যাৰ ফলত সজাগ হোৱা নাই ৰাইজ’ ।

লগতে পঢ়ক : মুক্তিৰ পূৰ্বেই মুখ্য কলা-কুশলীৰ সৈতে ‘RRR’ৰ এক আভাষ প্ৰদৰ্শন

উল্লেখ্য যে, পৰম্পৰাগত ফটকাৰ তুলনাত সেউজীয়া ফটকাৰ নিৰ্গমনৰ হাৰ কম আৰু পৰিৱেশৰ বাবে কম ক্ষতিকাৰক হোৱাৰ পৰিপ্ৰেক্ষিততে দেৱালীৰ সময়ত সেউজ ফটকা ব্যৱহাৰৰ নিৰ্দেশনা জাৰি কৰিছে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে । বিগত বৰ্ষতো কেৱল দুটা ঘণ্টাৰ বাবে ফটকা জ্বলোৱাৰ অনুমতি দিয়া হৈছিল । এইবাৰো একে নিয়মকে প্ৰযোজ্য কৰা হৈছে ।

দীপাৱলীৰ সময়ত অধিক প্ৰদূষণ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি কেৱল দুই ঘণ্টাৰ বাবে ফটকা জ্বলোৱাত অনুমতি দিয়া হৈছে । কেৱল পৰিৱেশ অনুকুল ফটকাহে জ্বলোৱাৰ অনুমতি প্ৰদান কৰা হৈছে । যাতে প্ৰদূষণৰ মাত্ৰা কিছু পৰিমাণে হ’লেও কম হৈ থাকে ।

লগতে পঢ়ক : আজিৰে পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে মুকলি হাতী চাফাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.