CM’s Institutional Plantation Programme: মহানগৰীত পৃথকে পৃথকে মন্ত্ৰী পীযুষ হাজৰিকা-কেশৱ মহন্তৰ বৃক্ষৰোপণ

author img

By

Published : Aug 2, 2022, 10:11 PM IST

plantation-programme-held-in-guwahati
মহানগৰীত পৃথকে পৃথকে মন্ত্ৰী পীয়ুষ হাজৰিকা-কেশৱ মহন্তৰ বৃক্ষৰোপণ ()

ড° হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান মৰ্মে ৰাজ্যজুৰি অব্যাহত আছে কাৰ্য্যসূচী(Plantation Programme held in Guwahati) ৷ সমান্তৰালকৈ গুৱাহাটী মহানগৰীত অনুষ্ঠিত হোৱা বৃক্ষৰোপণ কাৰ্যসূচীত পৃথকে পৃথকে ভাগ ল'লে মন্ত্ৰী কেশৱ মহন্ত আৰু পীযুষ হাজৰিকাই ৷

গুৱাহাটী, 2 আগষ্ট: "মুখ্যমন্ত্ৰীৰ প্ৰাতিষ্ঠানিক বৃক্ষৰোপণ প্ৰকল্প" (CMIPP)ৰ অংশ হিচাপে মঙলবাৰে গুৱাহাটীৰ বশিষ্ঠস্থিত অসম জলকেন্দ্ৰত অনুষ্ঠিত হোৱা বৃক্ষৰোপণ কাৰ্য্যসূচীত উপস্থিত হৈ মন্ত্ৰী পীযুষ হাজৰিকাই গছপুলি ৰোপণ কৰে(Plantation Programme held in Guwahati) ।

কাৰ্য্যসূচীত অংশ লৈ মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে, জলবায়ু পৰিৱৰ্তন প্ৰশমন তথা জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ হ্ৰাসৰ বাবে গছ-গছনিৰে সেউজী আৱৰণ বৃদ্ধি কৰা আৰু সকলো চৰকাৰী চৌহদৰ নান্দনিক সৌন্দৰ্যৰ সংবৰ্ধন কৰাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান মৰ্মে ৰাজ্যজুৰি এই বৃক্ষৰোপণ কাৰ্য্যসূচী চলি আছে(Assam CM launches Chief Minister’s Institutional Plantation Programme) ।

CM's Institutional Plantation Programme-held-in-guwahati
মহানগৰীত পৃথকে পৃথকে মন্ত্ৰী পীয়ুষ হাজৰিকা-কেশৱ মহন্তৰ বৃক্ষৰোপণ

তেওঁ সকলোকে এই কাৰ্য্যসূচীৰ জৰিয়তে এটি সুস্থ-সুন্দৰ পৰিৱেশৰ হেতু গছপুলি ৰোপণ আৰু তাৰ সংৰক্ষণৰ বাবে আহ্বান জনায় । এই কাৰ্যসূচীত জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা বৰসিং ৰংপি তথা আন আন বিষয়া সকল উপস্থিত থাকে ।

ইপিনে, মুখ্যমন্ত্ৰী প্ৰাতিষ্ঠানিক বৃক্ষৰোপণ কাৰ্যসূচীৰ অংশ হিচাপে ছয়মাইলস্থিত চিকিৎসা শিক্ষা সঞ্চালকালয়,অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতি আৰু অসম ৰাজ্যিক ৰক্ত সংৰচণ পৰিষদৰ চৌহদত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তয়ো গছপুলি ৰোপন কৰে ৷ সেউজ আৱৰণ বৃদ্ধি কৰি কাৰ্বন ভাণ্ডাৰ বৃদ্ধি আৰু প্ৰাতিষ্ঠানিক চৌহদ সমূহৰ সৌন্দৰ্য বৰ্ধন কৰি "শ্যামলী চৌহদ"লৈ ৰূপান্তৰিত কৰাৰ লক্ষ্যৰে এই কাৰ্যসূচীক সাফল্যমণ্ডিত কৰাৰ বাবে তেওঁ সকলোকে আহ্বান জনায় ।

Institutional Plantation Programme
মহানগৰীত পৃথকে পৃথকে মন্ত্ৰী পীয়ুষ হাজৰিকা-কেশৱ মহন্তৰ বৃক্ষৰোপণ

এই বৃক্ষৰোপণ কাৰ্যসূচীত স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী, চিকিৎসা আৰু স্বাস্থ্যসেৱা নিযুক্তি পৰিষদৰ অধ্যক্ষ সীমান্ত ঠাকুৰীয়া, চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ সচিব ধ্ৰুৱজ্যোতি দাস, চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ অতিৰিক্ত সচিব মানস নাথ, অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ প্ৰকল্প সঞ্চালক তথা অসম ৰাজ্যিক ৰক্ত সংৰচণ পৰিষদৰ সঞ্চালিকা পমী বৰুৱা, ৰাজ্যৰ চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ কুমাৰ বৰ্মন, উপসচিব তথা অতিৰিক্ত চিকিৎসা সঞ্চালক ৰনবীৰ বৰা, অতিৰিক্ত চিকিৎসা শিক্ষা সঞ্চালক তথা এন এইচ এম অসমৰ কাৰ্যবাহী সঞ্চালক ডাঃ মনোজ চৌধুৰীৰ লগতে আটাইকেইটা কাৰ্যালয়ৰ বিষয়া আৰু কৰ্মচাৰীসকল উপস্থিত থাকে ।

লগতে পঢ়ক: Plantation programme: জোনাইত বৃক্ষৰোপণ কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.