ETV Bharat / state

ৰাজ্যৰ শীৰ্ষ বিষয়াসকলৰ সৈতে মুখ্যমন্ত্রীৰ পৰ্যালোচনা বৈঠক সম্পন্ন

author img

By

Published : May 6, 2021, 10:57 PM IST

cm-review-meeting-on-covid
ক'ভিড পৰিস্থিতিকলৈ ৰাজ্যৰ শীৰ্ষ বিষয়া সকলৰ সৈতে মুখ্যমন্ত্রীৰ পৰ্যালোচনা

ৰাজ্যৰ শীৰ্ষ বিষয়া সকলৰ সৈতে মুখ্যমন্ত্রীৰ পৰ্যালোচনা বৈঠক ৷ বিষয়া সকলক প্ৰয়োজনীয় ঔষধৰ মূল্য নিয়ন্ত্ৰণত ৰখা, সজাগতা বৃদ্ধি, সাপ্তাহিক বজাৰসমূহ ছেনিটাইজ কৰা, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্রণত ৰখাৰ নিৰ্দেশ ৷

গুৱাহাটী,৬ মে' : বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভিডিঅ' কনফাৰেঞ্চযোগে ৰাজ্যৰ ক'ভিড পৰিস্থিতি সম্পৰ্কে পৰ্যালোচনা কৰে । বৈঠকত অসমৰ জিলাসমূহৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক, চিকিৎসা মহাবিদ্যালয়সমূহৰ অধ্যক্ষ, স্বাস্থ্য বিভাগৰ উচ্চপদস্থ বিষয়াবৰ্গৰ লগতে অন্যান্য বিষয়ববীয়াৰ সৈতে মুখ্যমন্ত্ৰীয়ে সামগ্ৰিক অৱস্থাৰ বুজ লয় । বৈঠকত মুখ্যমন্ত্ৰীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰে ।

সেই অনুসৰি চিকিৎসালয়সমূহ নিয়মিতভাৱে পৰিদৰ্শন কৰি ক'ভিড-১৯ ৰ ব্যৱস্থাপনাৰ বিশদ বুজ লোৱাৰ লগতে প্ৰয়োজনীয় ঔষধৰ মূল্য যাতে সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণত থাকে, তাৰ প্ৰতি বিশেষ লক্ষ্য ৰাখিবলৈ উপায়ুক্তসকলক নিৰ্দেশ দিয়ে । জিলাসমূহত ব্যাপকভাৱে ক'ভিড-১৯ সম্পৰ্কীয় সজাগতা বৃদ্ধি কৰাৰ লগতে সাম্প্ৰতিক অৱস্থা সন্দৰ্ভত জনসাধাৰণক সবিশেষ অৱগত কৰিবলৈও বিষয়াবৰ্গক নিৰ্দেশ দিয়ে সোণোৱালে ।

আনহাতে, ৰাজ্যৰ সাপ্তাহিক বজাৰসমূহ ছেনিটাইজ কৰাৰ উপৰিও চাহ বাগিচা অঞ্চলত জনসচেতনতা বৃদ্ধিৰ বাবে যাৱতীয় পদক্ষেপ ল'বলৈ বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰা হয় । কোনোপধ্যেই যাতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নহয়, তাৰ বাবে চেম্বাৰ্ছ অৱ কমাৰ্চৰ সৈতে সঘনাই আলোচনা কৰিবলৈও মুখ্যমন্ত্রীয়ে বিষয়াসকলক নিৰ্দেশ দিয়ে । সেইদৰে মহামাৰীৰ জটিল পৰিস্থিতিত জিলাসমূহত যাতে নিয়মীয়াকৈ বিদ্যুৎ যোগান অব্যাহত থাকে, তাৰ বাবে এপিডিচিএলৰ সৈতে আলোচনা কৰি বিহিত ব্যৱস্থা কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে মুখ্যমন্ত্রী সোণোৱালে ।

লগতে পঢ়ক : চাৰিমহীয়া সন্তানক বুকুত গুজি পদুলি মুখত অপহৃত ৰিতুল শইকীয়াৰ পত্নী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.