ETV Bharat / state

বিশিষ্ট কবি নীলমণি ফুকন আৰু শিক্ষাবিদ ড° কমলেন্দু দেৱ ক্ৰৰীৰ বাসগৃহত মুখ্যমন্ত্রী

author img

By

Published : Dec 16, 2021, 5:26 PM IST

CM at the residence of eminent poet Nilmoni Phukan
বিশিষ্ট কবি নীলমণি ফুকনৰ বাসগৃহত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা

'জ্ঞানপীঠ বঁটা'ৰে সন্মানিত বিশিষ্ট সাহিত্যিক তথা কবি নীলমণি ফুকনক আজি তেখেতৰ গুৱাহাটীস্থিত বাসভৱনত সাক্ষাৎ কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আন্তৰিক অভিনন্দন জ্ঞাপন কৰে(Nilmoni Phukan felicitated by Himanta Biswa Sarma) । আনহাতে, কটন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা বিশিষ্ট পদাৰ্থবিজ্ঞানী ড° কমলেন্দু দেৱ ক্ৰৰীৰ গুৱাহাটীস্থিত বাসভৱনলৈ গৈও তেখেতৰ স্বাস্থ্যৰ বুজ লয় মুখ্যমন্ত্ৰীয়ে ।

গুৱাহাটী, ১৬ ডিচেম্বৰ: 'কাব্যঋষি' নীলমণি ফুকনক অভিনন্দন জ্ঞাপন কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই(Himanta Biswa Sarma felicitated Poet Nilmoni Phukan)। বৃহস্পতিবাৰে মুখ্যমন্ত্রী ড০ শৰ্মাই 'জ্ঞানপীঠ বঁটা'ৰে সন্মানিত বিশিষ্ট সাহিত্যিক তথা কবি নীলমণি ফুকনক তেখেতৰ গুৱাহাটীস্থিত বাসভৱনত সাক্ষাৎ কৰি আন্তৰিক অভিনন্দন জনায়(Himanta Biswa Sarma visits Nilamoni Phukan's residence) । লগতে তেখেতৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰি মুখ্যমন্ত্রীগৰাকীয়ে তেখেতৰ পৰা আশীষ বিচাৰে । বিশিষ্ট কবিগৰাকীৰ শাৰীৰিক অসুস্থাতাৰ বাবে বিশেষ বাৰ্তালাপ কৰাৰ পৰা বিৰত থাকে মুখ্যমন্ত্রীগৰাকীয়ে ।

বিশিষ্ট কবি নীলমণি ফুকন আৰু শিক্ষাবিদ ড° কমলেন্দু দেৱ ক্ৰৰীৰ বাসগৃহত মুখ্যমন্ত্রী

ড০ হিমন্ত বিশ্ব শৰ্মাই কবি নীলমণি ফুকনৰ পৰ্বতসম অৱদানে অসমীয়া ভাষা আৰু সাহিত্যৰ জগতখনক সদা গৌৰৱান্বিত কৰি ৰাখিব বুলি উল্লেখ কৰি তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে । ইয়াৰ পাচতে মুখ্যমন্ত্রীয়ে কটন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা বিশিষ্ট পদাৰ্থবিজ্ঞানী ড° কমলেন্দু দেৱ ক্ৰৰীৰ গুৱাহাটীস্থিত বাসভৱনলৈ গৈ তেখেতৰ স্বাস্থ্যৰ বুজ লয়(Assam CM visits Kamalendu Deb Krori's residence) । ৰাজ্য চৰকাৰে শেহতীয়াকৈ শৈক্ষিক ক্ষেত্ৰ আৰু বিজ্ঞান গৱেষণাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তেখেতক 'অসম সৌৰভ' বঁটাৰে সন্মানিত কৰিছে । মুখ্যমন্ত্রীয়ে কয় যে, ড° কমলেন্দু দেৱ ক্ৰৰীৰ অনবদ্য অৱদানে অসমৰ যুৱক-যুৱতীসকলক বিজ্ঞান শিক্ষাৰ দিশত যথেষ্ট অনুপ্ৰাণিত কৰি আহিছে আৰু আগলৈও কৰি যাব ।

CM at the residence of Kamalendu Deb Krori
শিক্ষাবিদ ড° কমলেন্দু দেৱ ক্ৰৰীৰ বাসগৃহত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা

উল্লেখ্য যে, ড° কমলেন্দু দেৱ ক্ৰৰী কটন কলেজৰ অধ্যক্ষ হৈ থকা সময়ত কটনৰ ছাত্ৰ আছিল হিমন্ত বিশ্ব শৰ্মা । প্ৰিয় ছাত্ৰজনক কাষত পাই আনন্দিত হৈ পৰে প্ৰাক্তন অধ্যক্ষগৰাকী । মুখ্যমন্ত্ৰীক স্বাস্থ্যৰ যতন ল'বলৈ পৰামৰ্শ দিলে শিক্ষাগুৰুয়ে ।

CM at the residence of eminent poet Nilmoni Phukan
বিশিষ্ট কবি নীলমণি ফুকনৰ বাসগৃহত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা

'MICA' শীৰ্ষক এক সুত্ৰৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীক বহুকেইটা পৰামৰ্শ দিলে শিক্ষাবিদগৰাকীয়ে । M মানে মনিটৰিং, I মানে ইণ্ডাষ্ট্ৰী, C মানে কমাৰ্চ আৰু A এগ্ৰিকালচাৰ বুলি উল্লেখ কৰি শিক্ষাগুৰুগৰাকীয়ে এই চাৰিওটা দিশত গুৰুত্ব দি আগুৱাই যাবলৈ মুখ্যমন্ত্রীক পৰামৰ্শ দিয়ে । কটন কলেজত ছাত্ৰ অৱস্থাত পোৱা হিমন্তক আজি মুখ্যমন্ত্ৰী হিচাপে দেখি আপ্লুত হৈ পৰে শিক্ষাগুৰু ড° কমলেন্দু দেৱ ক্ৰৰী ।

লগতে পঢ়ক:জীৱন ধাৰণৰ তাড়নাত তেজ বিক্ৰী কৰিছিল মানস ৰবীনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.