ETV Bharat / state

ৰাজ্যত অপৰাধ কমিছে, সাফল্যৰ বাটত বাট বুলিছো বুলি মন্তব্য মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ

author img

By ETV Bharat Assamese Team

Published : Dec 6, 2023, 6:46 PM IST

Assam crime report
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

ৰাজ্যত হ্ৰাস পাইছে অপৰাধৰ সংখ্যা । নিজৰ দুবছৰীয়া কাৰ্যকালত ৰাজ্যৰ আইন-শৃংখলাক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ লোকসেৱা ভৱনত সংবাদমেল আয়োজন কৰি NCRBৰ তথ্যৰ বিশ্লেষণ কৰে মুখ্য মন্ত্ৰী ড৹ শৰ্মাই ৷

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

গুৱাহাটী, ৬ ডিচেম্বৰ : নিজৰ দুবছৰীয়া কাৰ্যকালত ৰাজ্যৰ আইন-শৃংখলাক লৈ সন্তুষ্ট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ ড৹ শৰ্মাই কয়, ‘‘ আগুৱাই যাবলৈ বাকী আছে বহু দূৰ ।’’ বুধবাৰে দিছপুৰৰ লোকসেৱা ভৱনত এখন সংবাদ মেলত NCRBৰ তথ্য বিশ্লেষণৰে হিমন্ত বিশ্ব শৰ্মাৰ শাসন কালৰ বিগত বছৰটোত ৰাজ্যখনৰ আইন-শৃংখলাজনিত পৰিস্থিতিৰ খতিয়ান দাঙি ধৰিলে মুখ্যমন্ত্ৰীয়ে ৷

ৰাজ্যত হ্ৰাস পাইছে অপৰাধৰ সংখ্যা । অপৰাধৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় পৰ্যায়ত তালিকাৰ ৯ৰ পৰা ২০ লৈ নামিল অসম । মহিলাৰ বিৰুদ্ধে অপৰাধৰ ক্ষেত্ৰত অসম ১ৰ পৰা ৭ লৈ নামিল ৷ NCRBৰ প্ৰতিবেদনত প্ৰকাশিত এই তথ্য সংবাদমেলত সদৰী কৰি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয়, ‘‘ NCRBয়ে যোৱা ৪ ডিচেম্বৰত ২০২২ৰ দেশৰ অপৰাধজড়িত তথ্য আগৰ বছৰবোৰৰ তুলনাত বিশ্লেষণ প্ৰকাশ কৰে । সেই অনুসৰি অসমে যথেষ্ট প্ৰগতি দেখুৱাইছে ৷

চলিত মাহৰ ৪ ডিচেম্বৰত NCRB যে প্ৰকাশ কৰা তথ্য অনুসৰি ২০২০ চনত ৰাজ্যত সৰ্বমুঠ অপৰাধৰ ১,২১,৬০৯ টা গোচৰ ৰুজু কৰা হয় । ২০২১ চনত 1,33,239 টা গোচৰ ৰুজু হয়৷ ইয়াৰ বিপৰীতে ২০২২ চনত ৬৮,৯৩৭ ট গোচৰ ৰুজু হয় ৷

উল্লেখ্য, অসম চৰকাৰে যোগান ধৰা তথ্য অনুসৰি ২০২৩ চনত ৫৬,২০২ টা গোচৰ ৰুজু হয় ৷ অৰ্থাৎ NCRBৰ তথ্য অনুসৰি ২১ চনৰ তুলনাত ২২ চনত ৫০ শতাংশ গোচৰৰ সংখ্যা হ্ৰাস পায় অসমত৷ সেই অনুসৰি অসমত হ্ৰাস পাইছে গুৰুতৰ অপৰাধৰ সংখ্যা ৷ যাৰ বাবে অসম আৰক্ষীৰ ভূমিকাক প্ৰশংসা কৰে মুখ্যমন্ত্ৰীয়ে৷

অপহৰণৰ ঘটনা, মহিলাৰ বিৰুদ্ধে অপৰাধ, শিশুৰ বিৰুদ্ধে অপৰাধ, অৰ্থনৈতিক অপৰাধ এই সকলো ক্ষেত্ৰতে আগৰ বছৰটোতকৈ NCRBৰ প্ৰতিবেদনত অসমৰ তথ্যই যথেষ্ট উন্নতি কৰিছে ৷ অসমত অপহৰণ ঘটনা সন্দৰ্ভত ২০২১ চনত গোচৰ আছিল ৭৫৮০ টা ৷ কিন্তু ২০২২ত সেয়া কমি গৈ হয়গৈ আনহাতে মহিলাৰ বিৰুদ্ধে অপৰাধ ২০২১ত ২৯ হাজাৰ ৷ ২০২২ত ১৪ হাজাৰলৈ হ্ৰাস কৰিবলৈ সক্ষম হয় অসম আৰক্ষীয়ে ৷

আনহাতে শিশুৰ বিৰুদ্ধে হোৱা অপৰাধজনিত ঘটনাৰ ক্ষেত্ৰত ২০২১ চনত POSCO গোচৰ ৫২৮২ টা গোচৰ ৰুজু হৈছিল অসমত ৷ বিপৰীতে ২০২২ চনত ৪০৮৪ টা গোচৰ POSCOৰ অধীনত ৰুজু হয় ৰাজ্যত ৷ অৰ্থনৈতিক অপৰাধ ২০২১ চনৰ ১১ হাজাৰ টা গোচৰৰ বিপৰীতে ২০২২ চনত ৫০ শতাংশ গোচৰ হ্ৰাস কৰিবলৈ সক্ষম হয় অসম আৰক্ষী৷

ইফালে ২০২১ চনত ৰুজু হোৱা গোচৰৰ ৬ শতাংশ গোচৰত অভিযুক্তক দোষী সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল ৷ বিপৰীতে ২০২২ চনত ১৬ শতাংশক দোষী সাব্যস্ত কৰিবলৈ সক্ষম হয় ৷ অসম আৰক্ষীৰ এয়াও এক বিশেষ সফলতা বুলি সংবাদমেলখনত দাবী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

আনহাতে মানৱ সৰবৰাহজনিত অপৰাধৰ সংখ্যা উল্লিখিত দুটা বছৰত ২০৩ৰ পৰা ১৪০লৈ হ্ৰাস হৈছে অসমত ৷ লগতে হত্যাৰ দৰে গুৰুতৰ অপৰাধৰ সংখ্যা ২০২১ চনৰ ১১৯২টাৰ বিপৰীতে ২০২২ত ১০৭২ লৈ হ্ৰাস পায় অসমত ৷ ১০ শতাংশ হ্ৰাস হয় হত্যাৰ ঘটনা ৷

আৰক্ষীৰ হাতত ধৰা পৰা দুৰ্নীতিজনিত অপৰাধৰ সংখ্যা ২০২১ত আছিল ১৬ টা ৷ ২০২২ত এই সংখ্যা হৈছেগৈ ৫৭ টা । ৰাষ্ট্ৰৰ বিৰুদ্ধে বিদ্ৰোহৰ সৈতে জড়িত গোচৰ ২০২১ত 223 আছিল ৷ 2022ত ১৯৮ টালৈ হ্ৰাস পায় ৰাষ্ট্ৰৰ বিৰুদ্ধে বিদ্ৰোহৰ গোচৰৰ ।

মুখ্যমন্ত্ৰী ড৹ শৰ্মাই লগতে কয়, “ যোৱা ১০ বছৰে ৰাজ্যত অপৰাধৰ সংখ্যা বৃদ্ধিহে হৈ আছিল ৷ NCRBৰ ৰাষ্ট্ৰীয় তালিকাত পূৰ্বে আমাৰ স্থান আছিল ৯, কিন্তু এইবাৰ সৰ্বভাৰতীয় পৰ্যায়ত ২০ নম্বৰ স্থানত আছে অসম ৷ ২০২১ চনত মহিলাৰ অপৰাধজনিত ঘটনাত ১ নম্বৰত আছিলোঁ আমি ৷ বৰ্তমান ৭ নম্বৰ স্থানত আহিবলৈ সক্ষম হৈছোঁ ৷ সামগ্ৰিক অপৰাধৰ তালিকাৰ ২০ নম্বৰ স্থানত আহিব পৰাটো আমাৰ বাবে সাফল্য ৷ সাফল্যৰ বাটত বাট বুলিছো ৷ বহু বাট যাবলৈ আছে ৷”

২০২১-২২ত NCRBৰ ৰিপৰ্টত এয়া অসম চৰকাৰ আৰু অসম আৰক্ষীৰ ইতিবাচক উন্নতি বুলি দাবী কৰে মুখ্যমন্ত্ৰীয়ে ৷ অৱশ্যে গোচৰ ৰুজু আৰু শ্বাৰ্জশ্বীট দাখিলৰ প্ৰসংগত সাংবাদিকে কৰা প্ৰশ্ন নিজস্ব স্বভাৱসিদ্ধ বাকপটুতাৰে এৰাই চলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

লগতে পঢ়ক : ২০২১ বৰ্ষৰ তুলনাত আধালৈ নামিছে নাৰীজনিত অপৰাধৰ সংখ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.