ETV Bharat / state

Junmoni Rabha death: পৰিয়াল সন্তুষ্ট নহ’লে জোনমণিৰ তদন্তৰ দায়িত্ব CBI ক অৰ্পণ কৰা হ’ব: মুখ্যমন্ত্ৰী

author img

By

Published : May 18, 2023, 10:27 PM IST

Updated : May 18, 2023, 10:41 PM IST

"সঁচাকৈয়ে তেওঁৰ মৃত্যুত যদি কাৰোবাৰ হাত আছে তেন্তে সেই কথা পোহৰলৈ আহিব লাগে (Junmoni Rabha mysterious deth) ৷ যদি পৰিয়ালে কোনো কাৰণত চিআইডিৰ তদন্তত সন্তুষ্ট নহয় মই পৰৱৰ্তী সময়ত এই তদন্তৰ দায়িত্ব চিবিআইক অৰ্পণ কৰিম"- আৰক্ষী উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ আকস্মিক মৃত্যুৰ ঘটনাৰ তদন্তৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (CM on Junmoni Rabha death)৷

CM on Junmoni Rabha death
পৰিয়াল সন্তুষ্ট নহ’লে জোনমণিৰ তদন্তৰ দায়িত্ব CBI ক অৰ্পণ কৰা হ’ব

পৰিয়াল সন্তুষ্ট নহ’লে জোনমণিৰ তদন্তৰ দায়িত্ব CBI ক অৰ্পণ কৰা হ’ব: মুখ্যমন্ত্ৰী

নিউজ ডেস্ক, 18 মে’: "এই ঘটনাটোৰ সন্দৰ্ভত চিআইডিয়ে তদন্ত চলাই আছে ৷ মই এটাই অনুৰোধ কৰিম যে এই গোটেই ঘটনাটোৰ লগত বিভিন্ন দিশ জৰিত হৈ আছে (Junmoni Rabha death case) ৷ বহুত বেছি আলোচনাই আমি মৃতকক যি সন্মান দিব লাগে, সেই সন্মানৰ পৰিৱৰ্তে মৃতকৰ ওপৰত বহুত বেছি প্ৰশ্নৰ উত্থাপন হ’ব আৰু সেই প্ৰশ্নবিলাকৰ উত্তৰ দিবলৈ জোনমণি ৰাভা বৰ্তমান জীৱিত অৱস্থা নাই ৷ এজন মৃত মানুহৰ বিড়ম্বনা থাকে ৷ এগৰাকী মৃত ব্যক্তিৰ আত্মাৰ সদগতিৰ কাৰণে আমি প্ৰাৰ্থনা কৰিব লাগে আৰু তেওঁৰ তদন্ত নিৰপেক্ষ হ’ব লাগে ৷ সঁচাকৈয়ে তেওঁৰ মৃত্যুত যদি কাৰোবাৰ হাত আছে তেন্তে সেই কথা পোহৰলৈ আহিব লাগে (Junmoni Rabha mysterious deth) ৷’’ জোনমণি ৰাভাৰ মৃত্যুৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷’’

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে যদি পৰিয়ালে কোনো কাৰণত চিআইডিৰ তদন্তত সন্তুষ্ট নহয় মই পৰৱৰ্তী সময়ত এই তদন্তৰ দায়িত্ব চিবিআইক অৰ্পণ কৰিম ৷ ‘‘তেওঁৰ পৰিয়ালে গোটেই বিষয়টো ভিতৰুৱাকৈ চালি জাৰি চাই এটা সিদ্ধান্ত দিলে ভাল, বাতৰিকাকতৰ দৃষ্টিভংগীৰে নহয় ৷’’ লগতে তেওঁ কয় ৷

অনাগত দিনত চি আই ডিয়ে ঘটনাৰ লগত জড়িত সকলো তথ্য পৰিয়ালৰ লোকৰ অৱগত কৰিব বুলিও মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় যে, পৰিয়ালৰ লোকে সকলো জানি-বুজি সিদ্ধান্তটো দিলে ভাল হয় ৷ জোনমণি ৰাভা নাই বাবেই সকলো দোষ জোনমণি ৰাভাৰ ওপৰত জাপি দিলে নহ'ব ৷ তদন্ত এনেধৰণে হ'ব লাগিব যাতে মৃতকৰ মান-মৰ্যদা অক্ষুণ্ণ থাকে (Himanta Biswa Sarma on Junmoni Rabha) ৷ এই বিষয়টো স্পৰ্শকাতৰ ৷ গতিকে কোনে ক'ত কি কৈছে তাক লৈ প্ৰতিযোগিতা কৰাটো ভাল নহয় ৷ এই তদন্তত অসম আৰক্ষীক কঠোৰ হ’বলৈ নিৰ্দেশনা মুখ্যমন্ত্ৰীৰ ৷

ক্ৰমাৎ ঘন ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে নগাঁও জিলাৰ মৰিকলং আৰক্ষী থানাৰ আৰক্ষী উপ-পৰিদৰ্শক জোনমণিৰ ৰাভাৰ দুৰ্ঘটনাৰ ঘটনা (Junmoni Rabha Mysterious death)৷ যোৱা 16 মে’ৰ নিশা জখলাবন্ধাত দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছিল আৰক্ষী বিষয়া জোনমণিৰ মৃতদেহ ৷ এই মৃত্যুক সহজে মানি ল’ব পৰা নাছিল জোনমণিৰ পৰিয়ালৰ লোকে ৷ এই ঘটনাক পৰিকল্পিত হত্যাকাণ্ডৰ আখ্যা দিছিল জোনমণিৰ পৰিয়ালে ৷

এই ঘটনাই সামাজিক মাধ্যমৰ লগতে সংবাদ মাধ্যমত তীব্ৰ বিতৰ্কৰ সূত্ৰপাত হোৱাৰ পাচতে মঙলবাৰে সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে চি আই ডিক দায়িত্ব অৰ্পণ কৰিছিল আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ৷ সেই অনুসৰি বুধবাৰে নগাঁও আৰু লখিমপুৰত জিলাত চিআইডিৰ আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ নেতৃত্বত পৃথকে পৃথকে উপস্থিত হয় তদন্তকাৰী দল (CID probe into Junmoni Rabha death)৷

ইতিমধ্যে বৃহস্পিতবাৰে নগাঁৱৰ আৰক্ষীৰ অতিথিশালাত আৰক্ষী বিষয়া আভাজ্যোতি ৰাভা, মৰিকলং থানাৰ 5 গৰাকী কনিষ্টবল আৰু নগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোজ ৰাজবংশী, আৰক্ষী অধীক্ষক লীনা দ’লে, মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ দায়িত্ব লাভ কৰা মনোজ বৰুৱাক জেৰা অব্যাহত ৰাখিছে ৷

আনহাতে এই সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে কয় যে, CID দলক ইতিমধ্যে ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে ৷ ADGP, CID য়ে জনোৱা অনুসৰি লখিমপুৰ আৰু নগাঁৱত CID ৰ দল উপস্থিত হৈছে ৷ ইতিমধ্যে CID ৰ দলে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷ এই সময়ত কিবা এটা কৈ দিয়াটো উচিত নহয় ৷ CID দলক সম্পূৰ্ণ মুকলিকৈ ঘটনাৰ তদন্ত কৰিবলৈ দিয়া হৈছে (GP Singh reacts on SI Junmoni Rabha death)৷

লগতে পঢ়ক: SI Junmoni Rabha death case : CID ৰ তদন্তৰ প্ৰতিবেদন অনুসৰি লোৱা হ’ব ব্যৱস্থা: জি পি সিং

Last Updated : May 18, 2023, 10:41 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.