ETV Bharat / state

Bongaigaon SP Conference: বঙাইগাঁৱত আৰক্ষী অধীক্ষৰ সন্মিলনত মুখ্যমন্ত্ৰীৰ আৰক্ষীলৈ উপদেশবাণী

author img

By

Published : Jul 28, 2023, 6:56 PM IST

Bongaigaon SP Conference
Bongaigaon SP Conference

বঙাইগাঁওৰ চতুৰ্থ আৰক্ষী অধীক্ষক সন্মিলনত অংশ লৈ কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ মুখ্যমন্ত্ৰীগৰাকীৰ ঘোষণা অহা 31 মাৰ্চৰ ভিতৰত পূৰ হ’ব আৰক্ষীত খালী থকা পদসমূহ ৷ বাল্যবিবাহৰ বিৰুদ্ধেও চলিব তীব্ৰ অভিযান ৷

বঙাইগাঁৱত আৰক্ষী অধীক্ষৰ সন্মিলনত মুখ্যমন্ত্ৰীৰ আৰক্ষীলৈ উপদেশবাণী

বঙাইগাঁও, ২৮ জুলাই : শুকুৰবাৰৰ পৰা বঙাইগাঁৱত আৰক্ষী সন্মিলন কেন্দ্ৰত আৰম্ভ হোৱা আৰক্ষী অধীক্ষ সকলৰ সন্মিলনত অংশগ্ৰহণ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ বৃহস্পতিবাৰৰ পৰা বঙাইগাঁৱত চৰকাৰী কাৰ্যসূচীৰে বাহৰ পতা মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ৷ লগতে কেইবাটিও প্ৰস্তাৱ আগবঢ়োৱাৰ উপৰিও তিনিখনকৈ বুজাবুজিৰ (MoU) চুক্তি স্বাক্ষৰ চুক্তি কৰে ৷

অহা 31 মাৰ্চৰ ভিতৰত পূৰ হ’ব আৰক্ষীত খালী থকা পদসমূহ

আৰক্ষী অধীক্ষক সন্মিলন আৰম্ভ হোৱাৰ পূৰ্বে দেশভক্ত দিৱসৰ লগত সংগতি ৰাখি মুখ্যমন্ত্ৰীগৰাকীয়ে দেশভক্ত তৰুণ ৰাম ফুকনৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ৷ সন্মিলনত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আৰক্ষী বিভাগত খালী থকা পদসমূহ অহা 31 মাৰ্চৰ ভিতৰত নিশ্চিত কৰি ছেপ্তেম্বৰ মাহৰ আগত এই বোৰৰ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি অহা বছৰ এক এপ্ৰিলত এই সকলো পদ পূৰণ কৰা হ’ব৷

উগ্ৰপন্থীৰ আক্ৰমণত নিহত হোৱা 230 টা শ্বহীদ আৰক্ষী পৰিয়ালৰ সদস্যক আৰক্ষী বিভাগত নিযুক্তি দিয়াৰ বুলিও লগতে মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷ শুকুৰবাৰৰ সন্মিলনত মু্খ্যমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় আইন বিশ্ব বিদ্যালয়, মাইক্ৰচফ্ট প্ৰতিষ্ঠান আৰু চাইবাৰ পীচ এণ্ড ইণ্ডিয়া ফিউচাৰ ফাউণ্ডেশ্যনৰ সৈতে তিনি খন বুজা বুজি চুক্তি কৰে ৷ একেদৰে তেঁও এছ টি এফ আৰু গৃহৰক্ষী বাহিনীৰ নতুন লগো মুকলি কৰে ৷

ছেপ্তেম্বৰ মাহৰ পৰা বাল্যবিবাহৰ বিৰুদ্ধে চলিব তীব্ৰ অভিযান

ৰাজ্যত ড্ৰাগছৰ অবাধ বেহাক কঠোৰভাৱে দমন কৰিবলৈ আৰক্ষী বিষয়াসকলক অধিক তৎপৰ হ’বলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰ উপৰিও ৰাজ্যত চলি থকা বাৰ্মিজ চুপাৰি অবৈধ ৰপ্তানিৰ ওপৰত আৰক্ষীসকলক চকু ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰাৰ লগতে এই ক্ষেত্ৰত ৰে’ল আৰক্ষীকো সষ্টম হ’বলৈ কয় ৷

অহা ছেপ্তেম্বৰ মাহৰ পৰা বাল্যবিবাহ কৰা দৰাৰ বিৰুদ্ধে তীব্ৰ অভিযান চলিব বুলি সকিয়নী প্ৰদান কৰে ৷

দুটাকৈ এপ (APP) মুকলি, অনলাইন গোচৰ

শুকুৰবাৰৰ সন্মিলনত মুখ্যমন্ত্ৰীগৰাকীয়ে দুটা কৈ এপ মুকলি কৰে ৷ পুলিচ ভেৰিফিকেশ্যন এপ আৰু এম পাছপোৰ্ট এপ মুকলি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ অহা এক অক্টোবৰৰ পৰা সকলো আৰক্ষী থানা আৰু আৰক্ষী চকীত গোচৰ অনলাইন জি ডি হিচাবে গ্ৰহণ কৰা হ’ব বুলি প্ৰকাশ কৰে মু্খ্যমন্ত্ৰীগৰাকীয়ে ৷ তেওঁ লগতে প্ৰকাশ কৰে যে এতিয়াৰে পৰা আদালতত অভিযুক্তৰ বিৰুদ্ধে প্ৰস্তুত কৰা অভিযোগনামা দুই তিনি মাহৰ ভিতৰত দাখিল কৰা হ’ব ৷

থানালৈ অহা গোচৰীয়াক আৰক্ষীৰ অশ্লীল বাক্য, বেয়া ব্যৱহাৰক লৈ উদ্বিগ্ন হিমন্ত বিশ্ব শৰ্মা

এতিয়াৰে পৰা থানাত অভিযোগ দিবলৈ অহা লোকসকলৰ সৈতে আৰক্ষী বিষয়াসকলক ভালদৰে ব্যৱহাৰ কৰাৰ উপৰিও তেওঁলোকৰ কথাবোৰ মনোযোগেৰে শুনিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে থানা আৰু আৰক্ষী চকীৰ আৰক্ষী পৰিদৰ্শক সকলক নিৰ্দেশ দিয়ে ৷ লগতে অশ্লীল বাক্য আৰু বেয়া ব্যৱহাৰ কৰাৰ পৰা আঁতৰি থাকিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনায় ৷

আনহাতে মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধমূলক ঘটনা যোৱা দুবছৰত বহু পৰিমাণে হ্ৰাস পোৱাৰ বাবে আৰক্ষী বিষয়াসকলৰ শলাগ লয় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

ৰহিংগীয়া, অবৈধ বাণিজ্যক লৈ উদ্বিগ্ন

তেওঁ লগতে কয় যে ৰহিংগীয়াই ত্ৰিপুৰাৰ এজেন্টৰ জৰিয়তে কৰিডৰ বনাইছে অসমক৷ ৰেল আৰক্ষী সক্ৰিয় হ’ব লাগিব ৷ ৰহিংগীয়াই ট্ৰেইন যোগাযোগক সহজ পন্থা হিচাপে ব্যৱহাৰ কৰে৷ অবৈধ সুৰা, বাৰ্মিজ চুপাৰী, ইউৰীয়া সৰবৰাহৰ বাবে সীমান্ত জিলাৰ অধীক্ষক সকলক সষ্টম হোৱাৰ আহ্বান৷ কাৰ্বি আংলং আৰু বিটিআৰ অঞ্চলৰ আৰক্ষী অধীক্ষকসকলক অতিৰিক্ত দায়িত্ব হিচাবে যুৱচামক বিপথে পৰিচালিত হোৱাৰ পৰা আঁতৰত ৰখাৰ আহ্বান ৷

ডিব্ৰুগড়, শিলচৰ, বঙাইগাঁৱত ফৰেনছিক লেবৰেটৰী হ’ব বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ হোমগাৰ্ড, ভিডিপিসকলক উৎসাহিত কৰিবলৈ আহ্বান অধীক্ষকসকলক৷ আৰক্ষী অধীক্ষকসকলক ৰাজহুৱা সভা নতুবা ৰাজহুৱা অনুষ্ঠানত গান বাজনাৰ পৰা আঁতৰি থকাৰ আহ্বান৷ আৰক্ষীৰ মৰ্যদা ৰক্ষাৰ আহ্বান৷ আৰক্ষী সঞ্চালক প্ৰধানৰ অনুমতি অনুসৰি অংশ ল’ব ৰাজহুৱা অনুষ্ঠানত ৷ নিৰ্দেশনা মুখ্যমন্ত্ৰী ৷

লগতে পঢ়ক: Assam SCERT Scam: ১০৫ কোটি টকীয়া SCERT কেলেংকাৰীৰ অভিযোগনামা দাখিল মুখ্যমন্ত্ৰী বিশেষ নিৰীক্ষণ কোষৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.