ETV Bharat / state

ক'ভিড : মুখ্যমন্ত্ৰীৰ আহ্বানত সৰ্বদলীয় বৈঠক

author img

By

Published : Apr 22, 2021, 1:39 PM IST

Updated : Apr 22, 2021, 2:20 PM IST

ক'ভিড-১৯ ৰ বিধ্বংসী দ্বিতীয়টো ঢৌৰ সন্দৰ্ভত বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত আহ্বান কৰে এখন সৰ্বদলীয় বৈঠক ।

ক'ভিড: মুখ্যমন্ত্ৰীৰ আহ্বানত সৰ্বদলীয় বৈঠক
ক'ভিড: মুখ্যমন্ত্ৰীৰ আহ্বানত সৰ্বদলীয় বৈঠক

গুৱাহাটী,২২ এপ্ৰিল: কিদৰে নিয়ন্ত্ৰন কৰিব পৰা যাব ক'ভিড-১৯ ৰ বিধ্বংসী দ্বিতীয়টো ঢৌ ? প্ৰধানমন্ত্ৰীয়ে কোৱাৰ দৰে লক ডাউনেই হ’ব নেকি আত্মৰক্ষাৰ শেষ উপায় ? এই সকলো বিষয় আলোচনা কৰি পৰিত্ৰাণৰ উপায় উদ্ভাৱনৰ বাবে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত আহ্বান কৰে এখন সৰ্বদলীয় বৈঠক ।

দিনৰ ১১.৩০ বজাৰ পৰা অনুষ্ঠিত এই সৰ্বদলীয় বৈঠকত শাসকীয় বিজেপি দলৰ লগতে কংগ্ৰেছ, ইউ পি পি এল, অগপ, ৰাইজৰ দল, অসম জাতীয় পৰিষদ, চি পি আই, চি পি এম আদি প্ৰায় সকলো ৰাজনৈতিক দলৰে শীৰ্ষ নেতৃবৃন্দ উপস্থিত থাকে । ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ উপৰিও মুখ্য সচিব জিষ্ণু বৰুৱা আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত সমন্বিতে কেইবাটাও বিভাগৰ শীৰ্ষ আমোলাসকলো উপস্থিত থাকে বৃহস্পতিবাৰৰ এই সৰ্বদলীয় বৈঠকত ।

বৈঠকত ৰাজ্য চৰকাৰৰ ফালৰ পৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকি ৰাজ্যত ক'ভিডৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে অৱগত কৰে ।

লগত পঢ়ক: মোৰ স্বামীক ঘূৰাই দিয়ক : কাতৰ আহ্বান অপহৃত ৰিতুল শইকীয়াৰ পত্নীৰ

Last Updated : Apr 22, 2021, 2:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.