ETV Bharat / state

Certificate forgery in Police Recruitment: ১১ জনলৈ বৃদ্ধি গ্ৰেপ্তাৰ হোৱা প্ৰাৰ্থীৰ সংখ্যা

author img

By

Published : Oct 20, 2022, 8:18 AM IST

Certificate forgery in police Recruitment
১১ জনলৈ বৃদ্ধি গ্ৰেপ্তাৰ হোৱা প্ৰাৰ্থীৰ সংখ্যা

ইজনৰ পৰা সিজনকৈ গ্ৰেপ্তাৰ হৈছে অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাত কম্পিউটাৰ পাঠ্যক্ৰমৰ ভুৱা নথি পত্ৰ দাখিল কৰা প্ৰাৰ্থী(Fake Computer certificates) ৷ বুধবাৰে এই অভিযোগত পুনৰ ৩ জন প্ৰাৰ্থীক গ্ৰেপ্তাৰ । ১১ জনলৈ বৃদ্ধি হৈছে ভুৱা কম্পিউটাৰ পাঠ্যক্ৰমৰ চাৰ্টিফিকেট দাখিল কৰা প্ৰাৰ্থীৰ গ্ৰেপ্তাৰৰ সংখ্যা ।

গুৱাহাটী, ২০ অক্টোবৰ : বক্ৰপথেৰে আৰক্ষীৰ চাকৰি ল’বলৈ গৈ CID ৰ জালত পৰিছে প্ৰাৰ্থী । ইজনৰ পৰা সিজনকৈ গ্ৰেপ্তাৰ হৈছে অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাত কম্পিউটাৰ পাঠ্যক্ৰমৰ ভুৱা নথি পত্ৰ দাখিল কৰা প্ৰাৰ্থী(Candidate submitted Fake Computer certificate) । বুধবাৰে পুনৰ ৩ জন প্ৰাৰ্থী গ্ৰেপ্তাৰ হৈছে এই অভিযোগত । সম্প্ৰতি ১১ জনলৈ বৃদ্ধি হৈছে ভুৱা কম্পিউটাৰ পাঠ্যক্ৰমৰ চাৰ্টিফিকেট দাখিল কৰা প্ৰাৰ্থীৰ গ্ৰেপ্তাৰৰ সংখ্যা । এই সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ।

নতুনকৈ গ্ৰেপ্তাৰ হোৱা প্ৰাৰ্থী তিনিজন ক্ৰমে আতিকুৰ ৰহমান, অলি উল্লাহ আৰু মুস্তাফিজুৰ ৰহমান বুলি জানিব পৰা হৈছে । তিনিওজনে ধিং মহাবিদ্যালয়ৰ পৰা ভুৱা কম্পিউটাৰ পাঠ্যক্ৰমৰ চাৰ্টিফিকেট সংগ্ৰহ কৰিছিল বুলি জানিব পৰা গৈছে । ভুৱা কম্পিউটাৰ পাঠ্যক্ৰমৰ চাৰ্টিফিকেট দিয়া ৫৮ জন প্ৰাৰ্থীৰ তালিকা আছে CID ৰ হাতত । এই তালিকাত নিযুক্তি লাভ কৰি প্ৰশিক্ষণ লৈ থকা প্ৰাৰ্থীও থকা বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, সোমবাৰে নিশা গ্ৰেপ্তাৰ হৈছিল আব্দুল ৰহমান, সমৰ দাস, জাবিদ আহমেদ, ফিৰোজ আহমেদ, ইছমাইল হুছেইন, দিলদাৰ অল হুছেইন, অশোক বৰ্মন আৰু অনিৰ্বাণ দাস । অসম আৰক্ষীৰ কনিষ্টবল পৰ্যায়ৰ পৰীক্ষাত কম্পিউটাৰ পাঠ্যক্ৰমৰ ভুৱা নথি দাখিল কৰাৰ অভিযোগত সোমবাৰে দিনজোৰা জেৰাৰ পিছত নিশা ৮ জনকৈ প্ৰাৰ্থীক গ্ৰেপ্তাৰ কৰা হৈছিল ।

সোমবাৰে ২২ জন প্ৰাৰ্থীক CID কাৰ্যালয়লৈ তলব কৰা হৈছিল । বিষয় সন্দৰ্ভত CIDত ৫/২২ নম্বৰত এটি গোচৰ ৰুজু হৈছিল । সেই গোচৰৰ ভিত্তিত তদন্ত অব্যাহত ৰাখিছে CID য়ে । তদন্তৰ সময়ত বৰপেটা, বঙাইগাঁও, ধুবুৰী, নলবাৰী, নগাঁও, যোৰহাট, শিৱসাগৰৰ লগতে বিভিন্ন প্ৰান্ততে কম্পিউটাৰ চেন্টাৰসমূহত CID য়ে অভিযান চলাইছিল ।

এইসকল প্ৰাৰ্থীয়ে ২০১৮ চনত অসম আৰক্ষী নিযুক্তি প্ৰক্ৰিয়াত আবেদন কৰি ২০২১ ত শাৰীৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ ২০২২ চনৰ ২০ ফেব্ৰুৱাৰীত লিখিত পৰীক্ষাত অৱৰ্তীণ হৈছিল(Assam Police recruitment 2022) । ১২ মে’ত ইয়াৰ ফলাফল ঘোষণা কৰা হৈছিল । কিন্তু ৪১৪ জন প্ৰাৰ্থীৰ কম্পিউটাৰ প্ৰমাণ পত্ৰ ভুৱা বুলি ফলাফল স্থগিত কৰি ৰখা হৈছিল(Police Recruitment Exam) । পূৰ্বেও CID য়ে প্ৰাৰ্থীসকলক কাৰ্যালয়লৈ মাতি কম্পিউটাৰ প্ৰমাণপত্ৰ ভেৰিফিকেচন কৰিছিল ।

লগতে পঢ়ক: Certificate forgery in police Recruitment: দুদিনৰ বাবে CID ৰ জিম্মালৈ ধৃত ৮ প্ৰাৰ্থী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.