ETV Bharat / state

পবিত্ৰ বৰদিনক লৈ মহানগৰীত ব্যাপক প্ৰস্তুতি

author img

By

Published : Dec 23, 2020, 9:12 PM IST

খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ বৰদিনলৈ মাজত মাত্ৰ এটা দিন । মহানগৰীৰ পাথৰকুঁৱৰীৰস্থিত SFS SHINE গীৰ্জা ঘৰটো বৰদিনৰ বাবে বিশেষভাৱে সজাই পৰাই তোলা হৈছে ৷

christmas-preparation-in-guwahati
পবিত্ৰ বৰদিনক লৈ মহানগৰীত ব্যাপক প্ৰস্তুতি

গুৱাহাটী, 23 ডিচেম্বৰ : খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ বৰদিনলৈ মাজত মাত্ৰ এটা দিন । ইতিমধ্যে, বৰদিনক লৈ বিভিন্ন ধৰণৰ প্ৰস্তুতি চলিছে খ্ৰীষ্টিয়ান ধৰ্মালম্বী লোকসকলৰ মাজত ৷ ৰাজ্যৰ প্ৰতিটো গীৰ্জাঘৰ নতুন ৰূপৰে সজাই পৰাই তোলা হৈছে ৷

ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে গুৱাহাটীতো পূৰ্ণ গতিত চলিছে বৰদিনৰ প্ৰস্তুতি ৷ মহানগৰীৰ পাথৰকুঁৱৰীৰস্থিত SFS SHINE গীৰ্জা ঘৰটো বৰদিনৰ বাবে বিশেষভাৱে সজাই পৰাই তোলা হৈছে ৷ ৰং-বিৰঙী আলোকৰে দৃষ্টিনন্দন কৰি তুলিছে বিদ্যালয়খনৰ চৌপাশ ৷

পবিত্ৰ বৰদিনক লৈ মহানগৰীত ব্যাপক প্ৰস্তুতি

উল্লেখ্য যে, ক'ভিড-19 ৰ বাবে অনুষ্টুপীয়াকৈ পালন কৰা হ'ব বৰদিন ৷ সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানি কৰা হ'ব যীশুৰ বন্দনা ৷ ক'ভিডে সৃষ্টি কৰা ভয়াবহ পৰিস্থিতিত সুখ-শান্তি আৰু প্ৰেমৰ বাৰ্তাৰে উদযাপন কৰা হ'ব পবিত্ৰ বৰদিন ।

লগতে পঢ়ক : কংগ্ৰেছৰ পৰা পদত্যাগ অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক পলাশ তামুলীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.