ETV Bharat / state

World Heritage Site status for Charaideo Maidams: বিশ্ব ঐতিহ্যক্ষেত্ৰৰ মৰ্যাদা লাভৰ দিশে আৰু এখোজ আগবাঢ়িল চৰাইদেউ মৈদাম

author img

By

Published : Mar 3, 2023, 10:08 PM IST

ৰাজ্যবাসীৰ বাবে সুখবৰ ৷ বিশ্ব ঐতিহ্যক্ষেত্ৰৰ মৰ্যাদা লাভ কৰাৰ দিশে আৰু এখোজ আগবাঢ়িল চৰাইদেউ মৈদাম ৷ এই সন্দৰ্ভত UNESCO য়ে প্ৰেৰণ কৰিছে এক পত্ৰ ( (World Heritage Site status for Charaideo Maidams) ৷

World Heritage Site status for Charaideo Maidams
বিশ্ব ঐতিহ্যক্ষেত্ৰৰ মৰ্যাদা লাভ কৰাৰ দিশে আৰু এখোজ আগবাঢ়িল চৰাইদেউ মৈদাম

নিউজ ডেস্ক, 3 মাৰ্চ: বিশ্ব ঐতিহ্যক্ষেত্ৰৰ মৰ্যাদা লাভ কৰাৰ দিশে আৰু এখোজ আগবাঢ়িল চৰাইদেউ মৈদাম ৷ বিশ্ব ঐতিহ্যক্ষেত্ৰত অন্তৰ্ভুক্ত হোৱাৰ বাবে ইউনেস্ক'(UNESCO) সচিবালয়ৰ সকলো কাৰিকৰী প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ সমৰ্থ হৈছে চৰাইদেউ মৈদাম (World heritage site) । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আজি এক টুইটযোগে জানিবলৈ দিয়ে এই তথ্য ৷ ইউনেস্ক’ কৰ্তৃপক্ষই শুকুৰবাৰে এক পত্ৰযোগে জানিবলৈ দিয়ে এই তথ্য ৷

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে টুইটযোগে কয়, ‘‘এই পুনৰীক্ষণ প্ৰক্ৰিয়ালৈ আমি অধীৰ আগ্ৰহেৰে বাট চাই ৰৈছোঁ । মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াক অসমৰ আপুৰুগীয়া ঐতিহ্যৰ মনোনয়ন ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য কেন্দ্ৰলৈ প্ৰেৰণত গ্ৰহণ কৰা সিদ্ধান্তৰ বাবে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ।’’ স্বাভাৱিকতাই এই বাৰ্তাই এতিয়া উৎফুল্লিত কৰি তুলিছে ৰাজ্যবাসীক ৷ পৰৱৰ্তী সময়ত এই মনোনয়ন পত্ৰ আন্তৰ্জাতিক কীৰ্তিচিহ্ন আৰু স্থান পৰিষদে পুনৰীক্ষণ কৰিব বুলিও সদৰী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে (World Heritage Site status for Charaideo Maidams) ৷

  • অসমবাসীক জনাবলৈ পাই সুখী হৈছোঁ যে ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মনোনয়ন পৰ্বত চৰাইদেউ মৈদামে স্থান লাভ কৰাৰ ক্ষেত্ৰত ইউনেস্ক' সচিবালয়ৰ সকলো কাৰিকৰী প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ সমৰ্থ হৈছে। পৰৱৰ্তী সময়ত এই মনোনয়ন পত্ৰ আন্তৰ্জাতিক কীৰ্তিচিহ্ন আৰু স্থান পৰিষদে পুনৰীক্ষণ কৰিব। pic.twitter.com/mngGUYq546

    — Himanta Biswa Sarma (@himantabiswa) March 3, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, চৰাইদেউৰ মৈদামৰ মাটি বিভিন্ন সময়ত বেদখল হৈ আছে উত্থাপন হৈ আহিছে অভিযোগ ৷ শেহতীয়াকৈ ৰাজ্য চৰকাৰে চৰাইদেউৰ মৈদামসমূহক বিশ্ব ঐতিহ্যৰূপে স্বীকৃতি দিবলৈ ইউনেস্ক’লৈ প্ৰেৰণ কৰিছিল পত্ৰ ৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে 21 জানুৱাৰীত এক সংবাদমেল সম্বোধন কৰি চৰকাৰে 2014 চনৰ পৰাই চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতি দিয়াৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখা বুলি সদৰী কৰিছিল ৷

ইফালে, ছেপ্টেম্বৰ মাহত ইউনেস্ক'ৰ দল চৰাইদেউ মৈদামলৈ আহি সকলো দিশ পৰ্যবেক্ষণ কৰিব বুলিও সদৰী কৰিছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰ বাবে প্ৰতিযোগিতাত দেশৰ 52 টা ঐতিহাসিক ক্ষেত্ৰ আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে, এইবাৰ চৰাইদেউ মৈদামক ভাৰত চৰকাৰে মনোনীত কৰিছে(India's nomination for UNESCO's world heritage site) ।

লগতে পঢ়ক: UNESCO World Heritage Site: বিশ্ব ঐতিহ্য ক্ষেত্রৰ বাবে মনোনীত চৰাইদেউ মৈদাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.