Rojgar Mela at Guwahati: ৰোজগাৰ মেলাত ১৯৯ গৰাকীক নিযুক্তি পত্ৰ বিতৰণ সৰ্বানন্দ সোণোৱালৰ

author img

By

Published : Jan 20, 2023, 3:26 PM IST

Rojgar

মালিগাঁৱত অনুষ্ঠিত ৰোজগাৰ মেলাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ (central minister Sarbananda Sonowal at Rogar Mela) । ১৯৯ গৰাকীক নিযুক্তি-পত্ৰ প্ৰদান । প্ৰধানমন্ত্ৰী মোডীয়ে দেশৰ যুৱ শক্তিক সবলীকৰণৰ বাবে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰি আহিছে । যাৰ বাবে আজি ভাৰতৰ যুৱ শক্তিয়ে উল্লেখযোগ্য সফলতা বুটলিবলৈ সক্ষম হৈছে । প্ৰধানমন্ত্ৰী দেশৰ ১০ লাখ যুৱক-যুৱতীক নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি পালনত অগ্ৰসৰ হৈছে ।

ৰোজগাৰ মেলাত ১৯৯ গৰাকীক নিযুক্তি পত্ৰ বিতৰণ সৰ্বানন্দ সোণোৱালৰ

গুৱাহাটী, ২০ জানুৱাৰী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে ৰোজগাৰ মেলাৰ অধীনত নতুনকৈ অন্তৰ্ভুক্ত হোৱা নিযুক্তিপ্ৰাপ্তসকলৰ প্ৰায় ৭১,০০০ নিযুক্তি-পত্ৰ বিতৰণ কৰে (PM Modi disbursed employment letter in Rojgar Mela) । ৰোজগাৰ মেলাই নিযুক্তি সৃষ্টিত সহায়ক হিচাপে কাম কৰিব আৰু যুৱসকলৰ সবলীকৰণৰ লগতে ৰাষ্ট্ৰীয় উন্নয়নত প্ৰত্যক্ষ অংশগ্ৰহণৰ বাবে অৰ্থপূৰ্ণ সুযোগ প্ৰদান কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে (PM Modi on Rojgar Mela) ।

এই ৰোজগাৰ মেলাৰ অংশ হিচাপে শুকুৰবাৰে মালিগাঁৱৰ ৰংভৱনত নিযুক্তি-পত্ৰ বিতৰণ কৰা হয় । কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে (Rojgar Mela at Maligaon Rang Bhawan) । ৰোজগাৰ মেলাৰ অংশ হিচাপে নতুনকৈ নিযুক্তি লাভ কৰা অসম তথা উত্তৰ-পূবৰ ১৯৯ গৰাকী যুৱক-যুৱতীক কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিযুক্তি-পত্ৰ প্ৰদান কৰে (Sarbananda Sonowal at Rogar Mela) । উল্লেখ্য যে ইয়াৰ পূৰ্বে অক্টোবৰত, ৰোজগাৰ মেলাৰ অধীনত দেশত নতুনকৈ অন্তৰ্ভুক্ত কৰা নিযুক্তিপ্ৰাপ্তসকলৰ মাজত ৭৫,০০০ নিযুক্তি-পত্ৰ প্ৰদান কৰা হৈছিল ।

তাৰ পিছত পুনৰ নৱেম্বৰত দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত ৰোজগাৰ মেলাৰ অধীনত দেশত নতুনকৈ অন্তৰ্ভুক্ত কৰা নিযুক্তিপ্ৰাপ্তসকলৰ মাজত ৭১,০০০ নিযুক্তি-পত্ৰ প্ৰদান কৰা হৈছিল (India govt Rojgar Mela 2023) । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে ভাষণ দি কয় যে ৰোজগাৰ মেলা হৈছে নিযুক্তি সৃষ্টিক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়াৰ বাবে প্ৰধানমন্ত্ৰীৰ প্ৰতিশ্ৰুতি পূৰণৰ দিশত এক পদক্ষেপ । ৰোজগাৰ মেলাই নিযুক্তি সৃষ্টিত সহায়ক হিচাপে কাম কৰিব আৰু যুৱসকলক সবলীকৰণৰ লগতে ৰাষ্ট্ৰীয় উন্নয়নত প্ৰত্যক্ষ অংশগ্ৰহণৰ বাবে অৰ্থপূৰ্ণ সুযোগ প্ৰদান কৰিব বুলি আশা কৰা হৈছে ।

প্ৰধানমন্ত্ৰীয়ে ভাষণত নিজৰ কয়- "আপোনালোকে এটা বিশেষ সময়ত এই নতুন দায়িত্ব লাভ কৰিছে । দেশখনে 'অমৃত কাল'ত (সোণালী কাল) প্ৰৱেশ কৰিছে । দেশৰ জনসাধাৰণে এই 'অমৃত কাল'ত এখন উন্নত ভাৰত গঢ়ি তোলাৰ পণ লৈছে । এই প্ৰতিশ্ৰুতি পূৰণ কৰাৰ ক্ষেত্ৰত আপোনালোক সকলোৱে দেশৰ সাৰথি হ'বলৈ গৈ আছে । আপোনালোক সকলোৱে গ্ৰহণ কৰিবলগা নতুন দায়িত্বত, আপোনাক কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি হিচাপে নিযুক্তি দিয়া হ'ব । সেয়েহে কৰ্তব্য পালন কৰোঁতে আপোনাসৱে আপোনাসৱৰ ভূমিকা ভালদৰে বুজিব লাগিব । আপোনাসৱে এজন চৰকাৰী কৰ্মচাৰী হিচাপে আপোনাসৱৰ সেৱা প্ৰদান কৰাৰ বাবে নিৰন্তৰভাৱে ক্ষমতা নিৰ্মাণৰ ওপৰত গুৰুত্ব দিয়া উচিত ।

আজি চৰকাৰে প্ৰযুক্তিৰ সহায়ত প্ৰতিজন চৰকাৰী কৰ্মচাৰীক উন্নত প্ৰশিক্ষণৰ সুবিধা প্ৰদান কৰাৰ প্ৰয়াস কৰি আছে । শেহতীয়াকৈ মুকলি কৰা 'কৰ্মযোগী ভাৰত' টেকন'লজী প্লেটফৰ্মত বহুতো অনলাইন পাঠ্যক্ৰম উপলব্ধ আছে । আপোনাসৱৰ দৰে নতুন চৰকাৰী কৰ্মচাৰীৰ বাবে আজি এটা বিশেষ পাঠ্যক্ৰমো আৰম্ভ কৰা হৈছে । ইয়াৰ নাম 'কৰ্মযোগী প্ৰাৰম্ভ' । আপোনাসৱে 'কৰ্মযোগী ভাৰত' প্লেটফৰ্মত উপলব্ধ অনলাইন পাঠ্যক্ৰমৰ সৰ্বাধিক সুবিধা লোৱা উচিত । কিয়নো ই কেৱল আপোনাসৱৰ দক্ষতাই উন্নত নকৰে, ভৱিষ্যতে আপোনাসৱৰ কেৰিয়াৰো ইয়াৰ ফলত লাভান্বিত হ'ব ।"

ৰং ভৱনৰ অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ যুৱ শক্তিক সবলীকৰণৰ বাবে বিগত আঠ বছৰে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰি আহিছে । যাৰ বাবে আজি ভাৰতৰ যুৱ শক্তিয়ে উল্লেখযোগ্য সফলতা বুটলিবলৈ সক্ষম হৈছে । প্ৰধানমন্ত্ৰী দেশৰ ১০ লাখ যুৱক-যুৱতীক নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি পালনত অগ্ৰসৰ হৈছে । এই ৰোজগাৰ মেলা ভৱিষ্যতেও অব্যাহত থাকিব ।

লগতে পঢ়কGunotsav in Assam: কলিয়াবৰত বিদ্যালয়ৰ প্ৰাতঃসভাত অংশগ্ৰহণ শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.