Gunotsav in Assam: কলিয়াবৰত বিদ্যালয়ৰ প্ৰাতঃসভাত অংশগ্ৰহণ শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ

author img

By

Published : Jan 20, 2023, 1:57 PM IST

Updated : Jan 20, 2023, 2:23 PM IST

Ranoj Pegu

নগাঁও জিলাৰ গুণোৎসৱত উপস্থিত ৰাজ্যৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু । ইয়াৰে অংশ হিচাবে কলিয়াবৰৰ দুই ঐতিহ্যমণ্ডিত বিদ্যালয়ত উপস্থিত থাকে শিক্ষা মন্ত্ৰী (Ranoj Pegu present in Gunotsav of Kaliabor schools) । কলিয়াবৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু কুঁৱৰীটোল উচ্চতৰ মাধ্যমিক বিদ্যায়ৰ গুণোৎসৱত অংশগ্ৰহণ শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ ।

কলিয়াবৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষা মন্ত্ৰী

কলিয়াবৰ, ২০ জানুৱাৰী : ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহৰ মূল্যাংকনৰ বাবে ১৮ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা গুণোৎসৱৰ আজি তৃতীয় দিন (Gunotsav of Assam govt schools) । এই উপলক্ষে শুকুৰবাৰে পুৱাতেই কলিয়াবৰৰ দুই ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান কলিয়াবৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু কুঁৱৰীটোল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গুণোৎসৱত অংশগ্ৰহণ কৰে শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে (Ranoj Pegu present in Gunotsav of Kaliabor schools) । লগতে কলিয়াবৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাতঃসভাতো অংশগ্ৰহণ কৰে শিক্ষা মন্ত্ৰীয়ে (Ranoj Pegu attend morning session of school) ।

বিদ্যালয় পৰিদৰ্শনৰ অন্তত শিক্ষা মন্ত্ৰীয়ে সাংবাদিকৰে হোৱা বাৰ্তালাপত কয় যে ঐতিহ্যমণ্ডিত বিদ্যালয়সমূহৰ আন্তঃগাঁথনি পুনৰ নিৰ্মাণৰ কাম ইতিমধ্যে চৰকাৰে হাতত লৈছে । আনহাতে, ৰাজ্যৰ যিসমূহ ঐতিহ্যমণ্ডিত বালিকা বিদ্যালয় আছে সেইবোৰক কোএডুকেচনেল কৰা নহ'ব বুলিও তেওঁ উল্লেখ কৰে । ইয়াৰ উপৰি গুণোৎসৱ আৰম্ভ হোৱাৰে পৰা চৰকাৰী খণ্ডৰ শিক্ষাৰ গুণগত মান উন্নত হোৱা বুলিও দাবী কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে (Assam Education Minister Dr Ranoj Pegu)।

উল্লেখ্য, নৰ্থ-ইষ্ট স্পেচিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট আঁচনিৰ অধীনত ৰাজ্যৰ ৫০ খন বিদ্যালয়ৰ গৃহ উন্নয়নৰ সিদ্ধান্ত চৰকাৰে ইতমধ্যে গ্ৰহণ কৰা বুলি তেওঁ কয় । লগতে কলিয়াবৰত এখন মডেল কলেজ আৰু এখন আইন মহাবিদ্যালয় নিৰ্মাণৰ প্ৰস্তাৱ কেবিনেটত গৃহীত হোৱা বুলিও শিক্ষা মন্ত্ৰীয়ে প্ৰকাশ কৰে । উল্লেখ্য, শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে বৃহস্পতিবাৰে শিৱসাগৰৰ এখন বালিকা বিদ্যালয়ত এই গুণোৎসৱত অংশগ্ৰহণ কৰিছিল ।

উল্লেখযোগ্য যে ১৮ জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হোৱা চতুৰ্থ পৰ্যায়ৰ গুণোৎসৱত ১১ খন জিলাক সামৰি লোৱা হৈছে (Axom Gunotsav 2023) ৷ শৈক্ষিক ফলাফল বৃদ্ধি কৰি গুণগত প্ৰাথমিক শিক্ষা সুনিশ্চিত কৰাৰ কাৰণে অসম চৰকাৰৰ এক পদক্ষেপ হৈছে গুণোৎসৱ ৷ অৱশ্যে পূৰ্বৰ গুণোৎসৱতকৈ এইবাৰ কিছু পৃথক নীতি-নিয়মেৰে গুণোৎসৱ পালন কৰা হৈছে ৷ স্ব-মূল্যায়নৰ নীতি এইবাৰৰ গুণোৎসৱত সলনি কৰা হৈছে ৷ ১৮ জানুৱাৰীৰ পৰা ২১ জানুৱাৰীলৈকে মুঠ ৪ দিন ধৰি অনুষ্ঠিত হ’ব চলিত বৰ্ষৰ প্ৰথমটো গুণোৎসৱ ৷

এইটো পৰ্যায়ত গুণোৎসৱ অনুষ্ঠিত হ'বলগীয়া ১৩ খন জিলা হৈছে— বৰপেটা, কৰিমগঞ্জ, গোলাঘাট, হোজাই, কামৰূপ, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী জু , মৰিগাঁওগাঁ , শিৱসাগৰ, দক্ষিণ শালমৰা-মানকাচৰ, তিনিচুকীয়া আৰু ওদালগুৰি ৷ মুঠ ১৩ খন জিলাৰ এই গুণোৎসৱত অসমীয়া, বড়ো, বাংলা, হিন্দী, ইংৰাজী, নেপালী, গাৰো আৰু মণিপুৰীকে ধৰি মঠ ১৬,৯৪০ খন বিদ্যালয়ক সামৰি লোৱা হৈছে । আনহাতে, মুঠ ১৫,৬৪,৪২৯ গৰাকী শিক্ষাৰ্থী অন্তৰ্ভুক্ত হৈ আছে এই ১৩ খন জিলাত ৷ কাৰ্যসূচী অনুসৰি, প্ৰথমদিনাখন স্ব-মূল্যায়ন অনুষ্ঠিত হোৱাৰ লগতে পৰৱৰ্তী তিনিদিনত বহিঃ-নিৰীক্ষকৰ উপস্থিতিত মূল্যায়ন হ'ব । উল্লেখ্য, ৰাজ্যত মুঠ তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব এই বছৰৰ গুণোৎসৱ ৷

উল্লেখ্য, চতুৰ্থ পৰ্যায়ৰ এই গুণোৎসৱতো বহিঃ-নীৰিক্ষক হিচাবে ভাগ ল’ব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ ইয়াৰ বাবে বিদ্যালয়খন মুখ্যমন্ত্ৰীয়ে নিজে নিৰ্বাচন কৰিব ৷ উল্লেখনীয় যে এই গুণোৎসৱৰ লক্ষ্য হৈছে বিদ্যালয় আৰু ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক ফলাফলৰ মূল্যাংকন কৰা আৰু শিকাৰ মান উন্নয়নৰ কাৰ্যকৰী কৌশল নিৰ্ধাৰণ কৰাৰ লগতে বিদ্যালয়ৰ পৰিৱেশৰ উন্নতি সাধন কৰা । এই গুণোৎসৱত সামৰি লোৱা বিদ্যালয় মূল্যায়নৰ চাৰিটা দিশ হৈছে- দ্বিতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক পাৰদৰ্শিতা, সহঃ-বিদ্যায়তনিক কাৰ্য, বিদ্যালয়ৰ আন্তঃগাঁথনি তথা অন্যান্য সা- সুবিধাৰ অৱস্থিতি আৰু সমাজৰ অংশগ্ৰহণ ৷

লগতে পঢ়ক :Chandradhar Baruah Samadhi Kshetra : যোৰহাট জিলা প্ৰশাসনৰ হেমাহি, হেৰাই গ'ল চন্দ্ৰধৰ বৰুৱাৰ সমাধিক্ষেত্ৰ

Last Updated :Jan 20, 2023, 2:23 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.