গুৱাহাটী ৰে’ল ষ্টেচনত বৃহৎ পৰিমাণৰ বার্মিজ চুপাৰি জব্দ

author img

By

Published : Sep 18, 2022, 5:42 PM IST

Burmese supari seized at Guwahati Railway Station

গুৱাহাটীত বাৰ্মিজ চুপাৰি জব্দ কৰাটো এতিয়া স্বাভাৱিক ঘটনাত পৰিণত হৈছে( Burmese supari seized in Guwahati)। গুৱাহাটী ৰে’ল ষ্টেচনত (Burmese supari seized at Guwahati Railway Station) পুনৰ দেওবাৰে জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি ।

গুৱাহাটী, 18 ছেপ্টেম্বৰ: চুপাৰি চিণ্ডিকেটকলৈ ৰাজ্য চৰকাৰে চুপাৰি চিণ্ডিকেটকলৈ কঠোৰ স্থিতি গ্ৰহণ কৰাৰ মাজতে ৰাজ্যত পুনৰ জব্দ হৈছে বাৰ্মিজ চুপাৰি । গুৱাহাটী ৰে’ল ষ্টেচনত জব্দ হ’ল বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি (Burmese supari seized at Guwahati Railway Station) ৷

দেওবাৰে মহানগৰীৰ পল্টনবজাৰস্থিত ৰে’লৱে ষ্টেচনত ৰে’ল আৰক্ষীয়ে ৰাজধানী এক্সপ্ৰেছত অভিযান চলাই ৰা দুটা ডবাৰ পৰা বাৰ্মিজ চুপাৰি ভৰ্তি 195 বস্তা জব্দ কৰা হয় (Burmese supari seized in Guwahati) ৷ গুৱাহাটী ৰে’লৱে পুলিচৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰসেনজিৎ দাসৰ নেতৃত্বত চলা এই অভিযানত জব্দ হোৱা বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰিখিনিৰ পৰিমাণ প্ৰায় ৫০ লক্ষাধিক হ’ব বুলি জানিব পৰা গৈছে ৷

গুৱাহাটী ৰে’ল ষ্টেচনত বৃহৎ পৰিমাণৰ বার্মিজ চুপাৰি জব্দ

লগতে জব্দ হোৱা চুপাৰিখিনি ডিমাপুৰৰ পৰা লৈ অনা হৈছিল বুলি আৰক্ষীয়ে জনায় ৷ অৱশ্যে আৰক্ষীয়ে বৰ্তমানলৈ কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই ৷

উল্লেখ্য যে, বিগত 26 আগষ্টত গুৱাহাটী ৰে’লৱে ষ্টেচনত আগৰতলা-ছেকেন্দ্ৰাবাদ এক্সপ্ৰেছৰ পৰা মুঠ ৫৫ বেগ বাৰ্মিজ চুপাৰী জব্দ কৰিছিল ।৪৪০০ কেজি পৰিমাণৰ বাৰ্মিজ চুপাৰিখিনি বদৰপুৰৰ পৰা লৈ অহা হৈছিল । চুপাৰিখিনিৰ বজাৰ মূল্য ৫ লাখতকৈ অধিক আছিল ৷

লগতে পঢ়ক: স্বামীৰ দাৰ ঘাপত প্ৰাণ গ’ল দহ সন্তানৰ মাতৃৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.